গুৱাহাটী, 18 জানুৱাৰী: অসমৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’বলৈ গুৱাহাটীত আহি উপস্থিত হোৱা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰা সোমবাৰে সন্ধিয়া এক বৈঠকত মিলিত হয় ৷ গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত এই বৈঠক অনুষ্ঠিত হয় । অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেৰ সৈতে মুখ্য নিৰ্বাচন আয়ুক্তসহ নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটো উক্ত বৈঠকত মিলিত হয় ৷
![chief election commissioner meets for discussion at guwahati to understand election preparedness](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-cec-meeting-7206058_18012021205642_1801f_1610983602_996.jpg)
মুখ্য নিৰ্বাচন আয়ুক্তৰ উপৰিও সোমবাৰৰ এই বৈঠকত দেশৰ নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰ আৰু ৰাজীৱ কুমাৰে অংশ লয় ৷ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেৰ লগতে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতেও আলোচনাত মিলিত হৈ প্ৰতিনিধি দলটোৱে নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয় ।
মঙলবাৰে মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত অহা দলটোৱে ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আদিৰ সৈতে আলোচনাত মিলিত হৈ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’ব । উল্লেখ্য যে 20 জানুৱাৰীত গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰাৰ পাছত আয়োগৰ দলটো দিল্লীলৈ উভতি যাব ৷
লগতে পঢ়ক:প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণ সুচল হ’বলৈ নিদিয়ে আছুৱে !