ETV Bharat / state

পকী দলং বিচাৰি ছয়গাঁৱত প্ৰতিবাদ - প্ৰণৱ কলিতা

এখন পকী দলং বিচাৰি ৰাইজৰ অভিনৱ প্ৰতিবাদ ৷ দক্ষিণ কামৰূপৰ জেজাৰবৰি আৰু জিয়াকুৰকে ধৰি কেইবাখনো গাঁৱৰ আয়তী সকলে নাঁৱত উঠি নাম গাই, ভকতে বাঁহৰ দলঙৰ ওপৰত গীতা পঢ়ি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

পকী দলং বিচাৰি ছয়গাঁৱত প্ৰতিবাদ
author img

By

Published : Aug 1, 2019, 6:38 PM IST

ছয়গাঁও, ১ আগষ্ট : ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰ খনৰ উন্নয়নৰ নমুনা পুনৰবাৰ পোহৰলৈ আহিছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিত । সমষ্টিটোৰ আমতলা জিয়াকুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত জীয়াকুৰ-জেজাৰবৰীকে ধৰি প্ৰায় ৬০ খন গাঁৱক সংলগ্ন কৰা কলহী নদীৰ ওপৰত থকা বাঁহৰ দলংখনে বছৰ বছৰ ধৰি জীয়াতু ভোগাই আহিছে স্থানীয় ৰাইজক । সময়ে সময়ে স্থানীয় ৰাইজে নানা প্ৰতিবাদ,বিধায়কৰ ওচৰত তাঁত-বাতি কৰিও সুফল নোপোৱাত অৱশেষত নাঁৱত দিহানাম গাই, দলঙৰ ওপৰত গীতাপাঠ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । কণ কণ স্কুলীয়া শিক্ষাৰ্থীৰ পৰা আবাল বৃদ্ধ বণিতা সকলো ওলাই আহি এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ।

পকী দলং বিচাৰি ছয়গাঁৱত প্ৰতিবাদ

উল্লেখযোগ্য যে ৰাইজৰ গাঁঠিৰ ধনেৰে প্ৰতিবাৰেই দলংখন নিৰ্মাণ কৰে যদিও বানে আকৌ উটুৱাই লৈ যায়। ফলত দুৰ্বিসহ যাতায়ত কৰিব লগীয়া হৈছে স্থানীয় ৰাইজে । উল্লেখযোগ্য যে এই দলংখন নিৰ্মাণ নকৰাৰ বাবেই দলঙৰ পৰা পৰি ইতিমধ্যে কেইবাজনো লোকৰ মৃত্যু হৈছে । আনহাতে বৰ্তমানৰ বিধায়ক তথা পূৰ্বেও দুবাৰকৈ বিধায়ক হোৱা প্ৰণৱ কলিতায়ো এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷

Intro:এখন পকী দলং পাবৰ বাবে ৰাইজৰ অভিনৱ প্ৰতিবাদ ৷ আয়তী সকলে নাঁৱত উঠি নাই গাই ভকতে বাঁহৰ দলঙৰ ওপৰত গীতা পঢ়ি চৰকাৰৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে দক্ষিণ কামৰূপৰ জেজাৰবৰি আৰু জিয়াকুৰকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে ৷Body:ছয়গাঁও ১ আগষ্ট : ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰ খনৰ উন্নয়নৰ নমুনা পুনৰবাৰ খোল খাইছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিত।সমষ্টিটোৰ আমতলা জিয়াকুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত জীয়াকুৰ-জেজাৰবৰীকে ধৰি প্ৰায় ৬০খন গাঁওক সংলগ্ন কৰা কলহী নদীৰ ওপৰত থকা বাহৰ দলংখনে বছৰ বছৰ ধৰি জীয়াতু ভোগাই আহিছে স্থানীয় ৰাইজক।সময়ে সময়ে স্থানীয় ৰাইজে নানান প্ৰতিবাদ,বিধায়কৰ ওচৰত তাঁত-বাটি কাঢ়িও সুফল নোপোৱাত অৱশেষত নাঁৱত দিহানাম গাই,দলঙৰ ওপৰত গীতাপাঠ কৰি স্থানীয় একাংশ পুৰুষ মহিলাই আজি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। কণ কণ স্কুলীয়া শিক্ষাৰ্থীৰ পৰা আবাল বৃদ্ধ বণিতা সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাইজৰ গাঠিৰ ধনেৰে প্ৰতিবাৰেই দলংখন নিৰ্মাণ কৰে যদিও বানে আকৌ উটুৱাই লৈ যায়।ফলত দুৰ্বিসহ যাতায়ত কৰিব লগীয়া হৈছে স্থানীয় ৰাইজে।উল্লেখযোগ্য যে এই দলংখন নিৰ্মাণ নকৰাৰ বাবেই বহু স্কুলীয়া ছাত্র-ছাত্ৰীৰ লগতে স্থানীয় লোক দলঙৰ পৰা পৰি ইতিমধ্যে কেইবাজনো লোকৰ মৃত্যু হৈছে।প্ৰতিবাদ কৰিও কোনো সুফল নোপোৱাত ক্ষোভিত ৰাইজে শেহতীয়াকৈ তেওঁলোকে আজি এক অভিনৱ প্ৰতিবাদৰ যোগেদি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছে লগতে দলং খন অতিশীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। উল্লেখ কৰা প্ৰয়োজন যে ৰাজ্যত ১৯৮৫ চনত প্ৰথমবাৰৰ বাবে আঞ্চলিক চৰকাৰ অহাৰ পিচত সেই সময়ৰ অগপ বিধায়ক যতীন মালীয়ে তাত এখন স্থায়ী দলং নিৰ্মাণ কৰিম বুলি ৰাইজক লিখিত প্ৰতিশ্ৰুতি দিছিল যদিও বিধায়ক গৰাকীৰ বিগত কাৰ্যাকাল সমূহত তাত ক্ৰংকিটৰ দলং বাদেই এখন কাঠৰ দলঙো নিৰ্মাণ কৰিব নোৱাৰিলে ৷আনহাতে বৰ্তমানৰ বিধায়ক তথা পূৰ্বেও দুবাৰকৈ বিধায়ক হোৱা প্ৰণৱ কলিতাইও এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰিলে ৷ বৰ্তমানৰ গড়কাপ্তানি মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই এই সকল ৰাইজৰ দুখ দুৰ্গতিৰ কথা ভাবিবলৈ আহৰি পাবনে ?Conclusion:Byte
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.