গুৱাহাটী,27 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে সোমবাৰে অসম আৰক্ষীৰ শীৰ্ষ মহলত ৰদবদলৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷
অসম চৰকাৰৰ গৃহ বিভাগৰ জাননী অনুসৰি,অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (TAP)ৰ দায়িত্বত থকা কে পি সিঙদেউক ADGP (BIEO) ৰ লগতে ADGP (Prosecution)ৰ দায়িত্ব অতিৰিক্ত ভাৱে প্ৰদান কৰি পূৰ্বৰ পদৰ পৰা বদলি কৰা হৈছে ।
একেদৰে ADGP (Law and Order) আৰু ADGP (STF)ৰ দায়িত্বত থকা জি পি সিঙক STF ৰ দায়িত্বৰ পৰা অব্যাহতি দি নতুনকৈ অৰ্পণ কৰা হৈছে ADGP (Vigilance and Anti Corruption)ৰ দায়িত্ব ।
আনহাতে,CIDৰ ADGP পদত কাৰ্যনিৰ্বাহ কৰি থকা ডঃ এল আৰ বিষ্ণয়ক বদলি কৰা হৈছে ADGP (TAP) ৰূপে । অসম আৰক্ষী বিশেষ শাখাৰ IGP ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা হীৰেন নাথক অতিৰিক্তভাৱে অৰ্পণ কৰা হৈছে STF ৰ IGP ৰ দায়িত্বও । লগতে, IGP (HG and CD) পদত কাৰ্যনিৰ্বাহ কৰি থকা বিনোদ কুমাৰক IGP (TAP) পদলৈ বদলিৰ নিৰ্দেশ দিয়া হৈছে ।
লগতে পঢ়ক : কা' বিৰোধী শক্তি আৰু মহাজোঁট বন্ধনে বিজেপিৰ অংকত লগাব জংক পংকঃ ৰকিবুল