ETV Bharat / state

অহা ২৭ জানুৱাৰীত ৰাজ্যজুৰি স্তব্ধ হ'ব যানবাহন চলাচল

author img

By

Published : Jan 15, 2021, 2:00 PM IST

অহা ২৭ জানুৱাৰীত স্তব্ধ হ'ব ৰাজ্যবাসীৰ স্বাভাৱিক জীৱন যাত্ৰা ৷ ৰাজ্যজুৰি উকা হৈ পৰিব ৰাজপথ ৷

অহা ২৭ জানুৱাৰীত উকা হৈ পৰিব ৰাজ্যৰ ৰাজপথ

গুৱাহাটী, ১৫ জানুৱাৰী: মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই অহা ২৭ জানুৱাৰীত ৰাজ্যজুৰি চকাবন্ধৰ আহ্বান জনাইছে ৷ চৰকাৰী পক্ষই সংগঠনটোৰ দাবীসমূহ মানি নোলোৱাৰ বাবেই এই সিদ্ধান্ত ল'বলৈ বাধ্য হোৱা বুলি মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই জানিবলৈ দিছে ৷

লকডাউনৰ সময়চোৱাত বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো বাহনৰ কৰ ৰেহাই নিদিয়া, একাংশ চালক, কৰ্মচাৰীক চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই । লগতে লকডাউনৰ ফলত কৰ্মহীন হৈ পৰা শ্ৰমিকসকলক সাহায্য প্ৰদান নকৰাত সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰিছে ৷

তাৰোপৰি বহিঃৰাজ্যলৈ যোৱাৰ ক্ষেত্ৰত থকা বাধাসমূহ আঁতৰাবলৈও দাবী তুলিছে চালকসকলে ৷ অহা ২৭ তাৰিখৰ ভিতৰত চৰকাৰে দাবীসমূহৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰিলে পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে ৪৮ আৰু ৭২ ঘন্টীয়া চকাবন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিছে মটৰ শ্ৰমিক সংগঠৰ যৌথ মঞ্চই ৷

লগতে পঢ়ক:শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু আলোচনাপন্থী আলফা নেতা ৰাজু বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.