গুৱাহাটী, ২ জুন : কেন্দ্ৰীয় চৰকাৰে দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ স্থানত আন এগৰাকী অসমীয়া সন্তানক নিয়োজিত কৰিছে । ভাৰতীয় প্ৰশাসনিক সেৱাৰ এইগৰাকী আই পি এছ বিষয়া হ’ল এছ এল থাউছেন (SL Thaosen appointed as SSB chief)।
![Another Assamese in the top rank of the countrys security forces](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-another-assamese-in-the-top-rank-of-the-countrys-security-forces-7209925_02062022130459_0206f_1654155299_691.jpg)
তদানীন্তন উত্তৰ কাছাৰ পাৰ্বত্য জিলা তথা বৰ্তমানৰ ডিমা হাচাও জিলাৰ পৰা ১৯৮৮ চনত মধ্য প্ৰদেশৰ আই পি এছ কেডাৰ হিচাপে নিযুক্তি লাভ কৰিছিল এছ এল থাউছেনে । তেতিয়াৰ পৰাই বিভিন্ন পদত সুখ্যাতিৰে দায়িত্ব পালন কৰি আহিছে থাউছেনে । বৰ্তমান সীমান্ত সুৰক্ষাৰ বাহিনীৰ (বি এছ এফৰ) বিশেষ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে তেওঁ ।
সীমান্ত সুৰক্ষাৰ বাহিনীৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত নিয়োজিত এইগৰাকী অসম সন্তানক কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ নতুন সঞ্চালক প্ৰধান হিচাপে পদোন্নতি দিছে । এছ এছ বিৰ মুৰব্বী হিচাবে নিযুক্তি লাভ কৰা আই পি এছ (এম পি 88) বিষয়া এছ এল থাউছেনক গৃহ মন্ত্ৰালয়ৰ প্ৰস্তাৱক মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে অনুমোদন জনাই ৩০-১১-২০২৩ লৈকে কাৰ্যনিৰ্বাহ কৰাৰ বাবে ।
![Another Assamese in the top rank of the countrys security forces](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-another-assamese-in-the-top-rank-of-the-countrys-security-forces-7209925_02062022130459_0206f_1654155299_417.jpg)
উল্লেখ্য যে, যোৱা ৩১ ডিচেম্বত বৰ্তমানৰ ডি জি কুমাৰ ৰাজেশ চন্দ্ৰই অৱসৰ লোৱাৰ পিছত এছ এছ বিৰ মুৰব্বী গৰাকীৰ পদ খালী হৈ আছিল । ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ ডি জি সঞ্জয় আৰোৰাৰ হাতত তেতিয়াৰ পৰাই এছ এছ বিৰ অতিৰিক্ত দায়িত্ব আছিল । নেপালৰ সৈতে ১৭৫১ কিলোমিটাৰ আৰু ভূটানৰ ৬৯৯ কিলোমিটাৰৰ সৈতে ভাৰতৰ সীমান্ত চোৱা-চিতাৰ দায়িত্ব সশস্ত্ৰ সীমা বাহিনীক দিয়া হৈছে । এছ এল থাউছেনে পাহাৰীয়া পিছপৰা জিলাৰ পৰা দেশৰ এটি সুৰক্ষা বাহিনীৰ শীৰ্ষ স্থানত নিযুক্তি লাভ কৰাত ডিমা হাচাওৰ লগতে বৰাক উপত্যকাত ৰাইজ বিশেষভাৱে উৎফুল্লিত হৈ পৰিছে ।
লগতে পঢ়ক : Shooting incident increased in America: নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ পৰা পৰামৰ্শ বিচাৰিলে ৰাষ্ট্ৰপতি বিডেনে