ETV Bharat / state

Sarbanada Sonowal in Russia: ৫ দিনীয়া ৰাছিয়া ভ্ৰমণলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; ৰাছিয়াক পূৱ সামুদ্ৰিক কৰিড’ৰ ইণ্ডো ৰাছিয়ান কৰ্মশালালৈ আমন্ত্ৰণ - Central Minister Sarbananda Sonowal

ভাৰতৰ পূব সামুদ্রিক কৰিডৰ সংক্ৰান্তীয় ইণ্ডো ৰাছিয়ান কৰ্মশালালৈ ৰাছিয়ান প্ৰতিনিধিবর্গক আমন্ত্রণ কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ ৰাছিয়াৰ সুদূৰ পূৱ অঞ্চল আৰু ভাৰতৰ বন্দৰ কৰ্তৃপক্ষৰ মাজত এই কর্মশালাই গুৰুত্বপূৰ্ণ আলোচনা ত্বৰান্বিত কৰিব ৷ য'ত অংশগ্ৰহণ কৰিব ৰাছিয়াৰ ৰে'লৱে আৰু দুয়োখন দেশৰ লজিষ্টিক/জাহাজ পৰিবহণ কোম্পানীৰ প্ৰতিনিধিসকলে ৷ ভাৰত আৰু ৰাছিয়াৰ মাজত কোকিং কয়লাৰ বাণিজ্যিক পৰিবহণে পূৱ সামুদ্রিক কৰিড’ৰৰ আগতীয়া কাৰ্যকৰীকৰণ আৰম্ভ কৰিব বুলি আশাবাদী সৰ্বানন্দ সোণোৱাল ৷

Sarbanada Sonowal in Russia
Sarbanada Sonowal in Russia
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 8:40 PM IST

গুৱাহাটী, ১২ ছেপ্টেম্বৰ: ৫ দিনীয়া চৰকাৰী ৰাছিয়া ভ্ৰমণত ব্যস্ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে মঙলবাৰে ৰাছিয়াৰ ভ্লাদিভষ্টকত পূব অর্থনৈতিক সন্মিলনত অংশগ্ৰহণ কৰে ।

ইয়াতেই ভাৰতত হ’বলগীয়া পূব সামুদ্রিক কৰিড'ৰ (EMC) সংক্রান্তীয় এক ইণ্ডো ৰাছিয়ান কৰ্মশালালৈ ৰাছিয়ান প্রতিনিধিবর্গক আমন্ত্রণ জনায় সোণোৱালে । কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ৰাছিয়াৰ বন্দৰ চহৰ ভ্লাদিভষ্টক আৰু ভাৰতীয় বন্দৰ চহৰ চেন্নাইৰ মাজত বৈকল্পিক বাণিজ্য পথ হিচাপে পূব সামুদ্রিক কৰিড’ৰৰ আগতীয়া কাৰ্যকৰীকৰণৰ সম্ভাৱনা গঢ়ি তোলাৰ লক্ষ্যৰে অধিৱেশনত এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে । এই কর্মশালাখন চলিত বৰ্ষৰ ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ চেন্নাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

  • The Eastern Economic Forum in Vladivostok is an excellent opportunity to further 🇮🇳-🇷🇺 cooperation. Had a fruitful discussion regarding exploration of our maritime potential.

    Also, it was wonderful to interact with Russia Dy PM Alexei Overchuk at the Plenary Session of #EEF. pic.twitter.com/b4ssZVREP5

    — Sarbananda Sonowal (@sarbanandsonwal) September 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘পূব অর্থনৈতিক কৰিড'ৰ (ইএমটি) অর্থাৎ চেন্নাই- ভ্লাদিভষ্টক সামুদ্রিক ক'ৰিডৰৰ কাৰ্যকৰীকৰণে ভাৰত আৰু ৰাছিয়াৰ মাজত বাণিজ্যিক সম্পৰ্কৰ এক নতুন যুগৰ সূচনা কৰিব । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে উদ্ভাৱনীমূলক সমাধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত দৃঢ়ভাৱে প্রতিশ্রুতিবদ্ধ হৈ আছে আৰু ইয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সম্পর্ক অধিক বৃদ্ধি তথা শক্তিশালী কৰিব ।’’

লগতে সোণোৱালে কয়, “মই দুয়োখন দেশৰ সংশ্লিষ্ট সকলো অংশীদাৰৰ বাবে এক গুৰুত্বপূৰ্ণ কৰ্মশালা চেন্নাইতে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছোঁ, যাতে পূৱ অর্থনৈতিক কৰিডৰৰ মসৃণ আৰু দ্রুত কাৰ্যকৰীকৰণৰ বাবে ফলপ্রসূ আলাপ-আলোচনা অনুষ্ঠিত হয় ।”

এইক্ষেত্ৰত ৰাছিয়ান চৰকাৰে ভাৰতীয় ব্যৱসায়িক প্রতিনিধি দলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈ সুযোগ-সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ এক বৃহৎ ব্যৱসায়িক প্রতিনিধি দলৰ সৈতে চেন্নাই বন্দৰ ভ্ৰমণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে । এই আলোচনাৰ সময়ত উপস্থিত থকা ৰাছিয়াৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিছিল ৰাছিয়াৰ চৰকাৰৰ ছাৰ্জে ম’চালনিক'ড আৰু মেক্সিক ৰেশ্বেটনিক’ভে ।

উল্লেখযোগ্য যে ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত ভ্লাদিভষ্টকত পূব অৰ্থনৈতিক মঞ্চৰ বৈঠকৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ উপস্থিতিত চেন্নাই আৰু ভ্লাদিভষ্টক দুয়োটা বন্দৰৰ মাজত সামুদ্রিক যোগাযোগৰ বিকাশৰ চুক্তি পত্ৰ বিনিময় কৰা হৈছিল ।

পূৱ সামুদ্রিক কৰিড'ৰ ব্যৱহাৰ কৰি ভাৰত আৰু ৰাছিয়াৰ মাজত বাণিজ্য বৃদ্ধিৰ ক্ষেত্ৰত কোকিং কয়লাক আটাইতকৈ উপযুক্ত সামগ্ৰী বুলি গণ্য কৰা হৈছে । যথা সময়ত উক্ত কৰিড'ৰৰ জৰিয়তে পৰিবহণ কৰা সামগ্ৰীৰ তালিকাত তেল, এলএনজি, সাৰৰ দৰে অধিক সামগ্রীও যোগ দিয়া হ'ব ৷

প্ৰস্তাৱিত পূব সামুদ্রিক কৰিড'ৰে ভাৰত আৰু ৰাছিয়াৰ ফাৰ ইষ্ট অঞ্চলৰ বন্দৰৰ মাজত সামগ্ৰী পৰিবহণৰ বাবে প্রয়োজনীয় সময় ২৪ দিনলৈ হ্ৰাস কৰিব বুলি অনুমান কৰা হৈছে । বৰ্তমান ভাৰতৰ পৰা ইউৰোপ হৈ ৰাছিয়াৰ উক্ত অঞ্চললৈ সামগ্ৰী পৰিবহণ কৰিবলৈ ৪০ দিনৰ প্ৰয়োজন হয় ।

চেন্নাই- ভ্লাদিভষ্টক সাগৰীয় পথ (ইএমচি) এ প্রায় ৫,৬০০ নটিকেল মাইল দূৰত্ব সামৰি ল'ব । ২০-২৫ নট (৩৭-৪৬ কিমি/ঘণ্টা)ৰ স্বাভাৱিক ক্রুজিং গতিত ভ্ৰমণ কৰা এখন ডাঙৰ কণ্টেইনাৰ জাহাজে প্রায় ১০ৰ পৰা ১২ দিনৰ ভিতৰত এই দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হ’ব ।

পাঁচদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া ভ্ৰমণলৈ যোৱা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ কাইলৈ ৰাছিয়াৰ পৰিবহণ মন্ত্ৰী ভিটালি চেভলিয়েভক সাক্ষাৎ কৰাৰ কাৰ্যসূচী আছে । তদুপৰি, অন্যান্য গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বিষয়তো সোণোৱালে ভাগ ল'ব । ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ ভ্লাদিভষ্টক বন্দৰ পৰিদৰ্শন কৰাৰো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আছে ৷

লগতে পঢ়ক: Assam CM Air Expenses : এটা বছৰত মন্ত্ৰীমণ্ডলীসহ মুখ্যমন্ত্ৰীৰ আকাশী যাত্ৰাত ব্যয় ৩৪ কোটিৰো অধিক ! বিধানসভাত চৰকাৰৰ তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.