গুৱাহাটী,৩০ মাৰ্চ : ৰাজ্যসভাৰ দুখন আসনৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব নিৰ্বাচন(Rajya Sabha election 2022) । ইয়াৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে অসম বিধানসভাৰ চেণ্ট্ৰেল হল(Central hall of Assam assembly ready for Rajya Sabha election) । বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ দুয়োখন আসনৰ নিৰ্বাচন ।
উল্লেখ্য যে, ৯ বজাৰ পৰা আৰম্ভ হ'বলগীয়া ভোটগ্ৰহণ সমাপ্ত হ'ব বিয়লি ৪ বজাত । সেইদৰে বিয়লি ৫ বজাত আৰম্ভ হ'ব ভোটগণনা । ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাৰ্থী তিনিগৰাকী । উল্লেখনীয় বিষয় এয়ে যে, প্ৰথমখন আসনত শাসকীয় দলৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় একপ্ৰকাৰে নিশ্চিত হৈ পৰিছে । কিন্তু দ্বিতীয়খন আসনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাৰ মাজত যুঁজ তীব্ৰতৰ হ'ব বুলি এক প্ৰকাৰে ধাৰণা কৰা হৈছে ।

সংখ্যাৰ ফালৰ পৰা দ্বিতীয়খন আসনত বিজেপি মিত্রজোঁট জয়ী হ'ব নোৱাৰে যদিও বিজেপিয়ে দুয়োখন আসনত জয়লাভ কৰিব বুলি ইতিমধ্যে দাবী কৰিছে । ইফালে, দ্বিতীয়খন আসনত সংখ্যাৰ ফালৰ পৰা বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা আছে যদিও বিৰোধীৰ ঐক্যত আউল লগাত সমীকৰণ সলনি হোৱাৰ আশংকা আছে । ইফালে ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শেহতীয়াকৈ এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজ্যৰ ৰাজনীতিত । দ্বিতীয়খন আসনৰ বাবে শাসক-বিৰোধীৰ মাজত ৰাজনৈতিক যুঁজ ক্ৰমান্বৰে আকৰ্ষণীয় হৈ পৰিছে ।

লক্ষণীয় বিষয় এয়ে যে, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই জয়লাভ কৰিব বুলি দুদিন আগলৈকে আত্মবিশ্বাসী হৈ আছিল যদিও এতিয়া সলনি হৈছে দৃশ্যপট । বিশেষকৈ মঙলবাৰে নিশা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদমেলৰ(APCC president Press meet) জৰিয়তে উন্মোচন কৰে বহুকেইটা শেহতীয়া ৰাজনৈতিক দৃশ্য । এই সংবাদমেলৰ জৰিয়তে বিজেপিৰ ওচৰত এ আই ইউ ডি এফৰ ৫ গৰাকীকৈ বিধায়ক বিক্ৰী গৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সভাপতি ভূপেন বৰাই ।
উল্লেখ্য যে, অসম বিধানসভাত কংগ্ৰেছৰ ২৭, এ আই ইউ ডি এফৰ ১৫, ৰাইজৰ দলৰ ১, চি পি আই এমৰ এজন বিধায়ককে ধৰি মুঠ বিৰোধী ৪৪ গৰাকী বিধায়ক আছে । কিন্তু ইয়াৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে বিজেপিৰ পক্ষত ভোট দিয়াৰ কথা ইতিমধ্যে সদৰি কৰিছে । তেনেস্থলত বিৰোধীৰ হাতত আছে ৪৩ টা ভোট । ৪৩ টা ভোটেৰে দ্বিতীয়খন আসনত বিৰোধী দলৰ প্ৰাৰ্থী ৰিপুন বৰা জয়ী হোৱাৰ সম্ভাৱনা নিশ্চিত হৈ থকাৰ পাছতো এতিয়া ক্ৰছ ভোটৰ আশংকাত টোপনি নাইকীয়া হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ ।
ইফালে, কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত অব্যাহত আছে সংঘাত । বিৰোধীৰ এই দুই দলৰ মাজত অব্যাহত আছে আক্ৰমণ-প্ৰত্যাক্ৰমণ । ইয়াৰ মাজতে এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই অভিযোগ উত্থাপন কৰি কয় যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিৰোধীৰ মাজত বিভাজন আনিব বিচাৰিছে আৰু তেওঁ বিজেপিৰ হৈ কাম কৰি আছে । বৰ্তমান পৰিস্থিতিত এআইইউডিএফ দলে ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা বহিষ্কাৰ কৰিবৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিলৈ আবেদন জনাব বুলি বৰভূঞাই সদৰি কৰে ।
তেওঁ কয় যে, ভূপেন বৰাক আঁতৰাই সদ্যহতে কমলাক্ষ দে পুৰকায়স্থক সভাপতিৰ দায়িত্ব অৰ্পণ কৰিব লাগে । এইবুলি তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰি কঠোৰ ভাষাৰে সমালোচনা কৰে । ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে সঘনাই সলনি হ'ব ধৰিছে নিৰ্বাচনী সমীকৰণ । অৱশ্যে সকলো কথা বৃহস্পতিবাৰে বিয়লিহে স্পষ্ট হৈ পৰিব ।
লগতে পঢ়ক : Rajya Sabha Election: এ আই ইউ ডি এফ এফে ৰিপুন বৰাক ভোট দিব: দেবব্ৰত শইকীয়া