ETV Bharat / state

ক'ভিড প্ৰট'কলৰ মাজেৰে ৰাজ্যজুৰি ৰাভা দিৱস উদযাপন - ক'ভিড প্ৰট'কলৰ মাজেৰে ৰাজ্যজুৰি ৰাভা দিৱস উদযাপন

সৃষ্টিৰ বিশালতাৰে এটা 'অনুষ্ঠান' স্বৰূপ হৈ পৰা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক পুণ্যতিথিত ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে । ক'ভিড প্ৰট'কল মানি চলি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হয় ৰাভা দিৱস । ৰাভা দিৱসত মহান শিল্পীগৰাকীৰ প্ৰতি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধা নিবেদন ।

rabha divas
ক'ভিড প্ৰট'কলৰ মাজেৰে ৰাজ্যজুৰি ৰাভা দিৱস উদযাপন
author img

By

Published : Jun 20, 2021, 4:02 PM IST

গুৱাহাটী, ২০ জুন : ক'ভিড পৰিস্থিতিৰ মাজতে দেওবাৰে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয় । এই বিশেষ দিনটোতে বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল । ১৯৬৯ চনৰ ২০ জুনৰ নিশা ২.২৫ বজাত তেজপুৰত এইগৰাকী স্বনামধন্য তথা এটা 'অনুষ্ঠান' স্বৰূপ পুৰোধা ব্যক্তিৰ মৃত্যু হৈছিল । অসমীয়া জাতিক এক সমৃদ্ধিশীল জাতি হিচাপে গঢ় দিয়াৰ ক্ষেত্রত অগ্ৰণী ভূমিকা পালন কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱসটো প্ৰতিবছৰে 'ৰাভা দিৱস' হিচাপে পালন কৰা হয় ।

rabha divas
ক'ভিড প্ৰট'কলৰ মাজেৰে ৰাজ্যজুৰি ৰাভা দিৱস উদযাপন

১৯০৯ চনৰ ৩০ জানুৱাৰীত এতিয়াৰ বাংলাদেশৰ ঢাকাত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল । বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯২৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । এই পৰীক্ষাত সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ ’কুইন এমপ্ৰেছ’ পদক লাভ কৰিছিল । ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত 'বাঁহী' আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু 'আৱাহন' আলোচনীত লিখা-মেলা কৰিছিল ।

১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী'(Joymoti) কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰা বিষ্ণুপ্ৰসাদ ৰাভাই জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল । ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ৰক্ষা কৰি বাৰাণসীত তেওঁ 'নটৰাজ নৃত্য' প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰিছিল আৰু তাতেই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল । ১৯৪৫ চনৰ শেষৰফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে । ১৯৪৬ চনত 'চিৰাজ' বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয় ।

১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক (Revolutionary communist party of India) নিষিদ্ধ ঘোষণা কৰা হয় আৰু ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে । সেই সময়ৰ বিষ্ণুৰাম মেধি চৰকাৰে তেওঁৰ ওপৰত দহ হেজাৰ টকা ঘোষণা কৰিছিল । ১৯৫২ চনত পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমানৰ কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায় । ১৯৫৫ চনত ৰাভাই চিপিআই(CPI) ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও নিৰ্বাচনত পৰাজিত হয় ।

১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ(Indu-China war) সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ৯ মাহৰ বাবে জেললৈ পঠোৱা হয় । ১৯৬৭ চনত তেওঁ তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল । ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয়বৰণ কৰে । সৃষ্টিৰ বিশালতাৰে এটা 'অনুষ্ঠান' স্বৰূপ হৈ পৰা এইগৰাকী মহান অসমীয়‍াক পুণ্যতিথিত ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে ।

ক'ভিড প্ৰট'কল(Covid protocol) মানি চলি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাভা দিৱস(Rabha Divas) উদযাপন কৰা হয় । ইফালে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ছ'চিয়েল মিডিয়াযোগে কয়-' সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱে বিষ্ণুপ্ৰসাদ ৰাভাদেৱ সম্পৰ্কে লিখিছিল, "সমাজৰ সুস্থ সমন্বয়ৰ বাবে জাতীয় জীৱনৰ প্ৰতীকৰূপে সকলোৱেই জীয়াই ৰাখিব লাগিব অসম-সূত্ৰধাৰ বিষ্ণুপ্ৰসাদ ৰাভাক--- যি বিষ্ণু ৰাভা জাতিত ৰাভা হৈও উপনদী নহৈ, অসমৰ জনজীৱনৰ বিশাল লুইত হৈ জীয়াই থাকিল ৷ যাৰ লক্ষ্য এটি নতুন দিন--- য'ত সকলো সুন্দৰ । কাৰণ বিষ্ণু ৰাভা আছিল মূলতঃ শিল্পী ।"

সঁচাকৈয়ে, অসমৰ জাতীয় জীৱনত যি কেইগৰাকী মহীৰূহে নিজৰ সৃষ্টিৰাজিৰে অবিস্মৰণীয় সাঁচ বহুৱাই থৈ গৈছে, তাৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আছিল অন্যতম । সংগীতজ্ঞ, নাট্যকাৰ, অভিনেতা, গায়ক, চিত্ৰকৰ, নৃত্যবিদ, ৰাজনীতিজ্ঞ, খেলুৱৈ, সাহিত্যিক, সুবক্তা আদি অলেখ আভৰণেৰে আবৃত ৰাভাদেৱ আছিল সঁচা অৰ্থত অসমৰ কলা, সংস্কৃতি আৰু সমাজ জীৱনৰ এগৰাকী চিৰপ্ৰোজ্জ্বল ব্যক্তিসত্তা । অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজৰ সমন্বয়ৰ প্ৰতীক আজন্ম শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আজি মহাপ্ৰয়াণ দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ।'

লগতে পঢ়ক: নাৰায়ণপুৰত বিষ্ণুৰাভাক সশ্ৰদ্ধ প্ৰণাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.