গুৱাহাটী, 1 জানুৱাৰীঃ বুধবাৰে পুৱা গুৱাহাটী ৰে'ল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় নগদ 21 লাখ টকা ৷ ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰে'লৰ A1 দবাৰ 48 নম্বৰ আসনৰ পৰা এই টকাখিনি জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় পানীপথ হাৰিয়ানাৰ নিবাসী নৰেশ কুমাৰ (৫০) নামৰ এজন লোকক ৷
প্ৰাৰম্ভিক তদন্ত অনুসৰি উক্ত টকাখিনি নৰেশ কুমাৰে গুৱাহাটীৰ আমিনগাঁওস্থিত মূৰ্গী দানৰ ফাৰ্মৰ পৰা হাৰিয়ানা পানীপথস্থিত মুখ্য কাৰ্যালয় লৈ ৰে'লৰ জৰিয়তে লৈ গৈ আছিল বুলি জানিব পৰা গৈছে । ৰে'ল আৰক্ষীয়ে ঘটনাৰ সম্পৰ্কে এক গোচৰ ৰুজু কৰি তদন্তত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
- লগতে চাওক- বিপদ স্বত্বেও ভুল পথেৰে যাত্ৰা!