গুৱাহাটী, ১ ছেপ্টেম্বৰ : দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভাৰ সাংসদ হিচাপে নিযুক্তি দিয়া কাৰ্যক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত শেহতীয়াকৈ ৰুজু হৈছে এটা গোচৰ । অধিবক্তা তথা সমাজকৰ্মী সতীশ এছ কাম্বিয়েই উচ্চতম ন্যায়ালয়ত এই প্ৰসংগত এক আবেদন দাখিল কৰিছে । কি যোগ্যতাৰ ভিত্তিত ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনিত কৰা হৈছিল সেই বিষয়ে আবেদনকাৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে ৷
![case filed in supreme court challenging appointment of ranjan gogoi as rajya sabha mp](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-ranjan-gogoi-7206058_01092021182458_0109f_1630500898_371.jpeg)
লগতে পঢ়ক : ৰঞ্জন গগৈ বিতৰ্কঃ বিপদত তৃণমূল সাংসদ মহুৱা মৈত্ৰ
আবেদনখনত অধিবক্তা গৰাকীয়ে প্ৰশ্ন কৰে যে, গগৈয়ে যিহেতু কোনো গ্ৰন্থ আদি ৰচনা কৰা নাই আৰু কোনো সামাজিক, সাংস্কৃতিক, বৈজ্ঞানিক, সাহিত্য ক্ষেত্ৰত তেওঁৰ কোনো উল্লেখযোগ্য অৱদান নাই, তেন্তে কি যোগ্যতাৰ আধাৰত তেওঁক উচ্চ সদনলৈ মনোনিত কৰা হ'ল । উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰাৰ মাত্ৰ চাৰি মাহৰ পিছতেই অৰ্থাৎ ২০২০ চনৰ মাৰ্চ মাহত নৰেন্দ্ৰ মোদী চৰকাৰে সাংসদ হিচাপে গগৈক ৰাজ্যসভালৈ মনোনিত কৰিছিল ।
সেই সময়তো তেওঁৰ এই নিযুক্তিক কেন্দ্ৰ কৰি ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আনকি দেশৰ কেইবাগৰাকীও সংবিধান বিশেষজ্ঞই এই নিযুক্তিক লৈ প্ৰশ্নও উত্থাপন কৰিছিল ৷
লগতে পঢ়ক : সাংসদ হিচাপে শপত গ্ৰহণ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ