গুৱাহাটী,27 মেঃ প্ৰায় 2 মাহৰ অন্তত 25 মে'ৰ পৰা দেশত আৰম্ভ কৰা হৈছে ঘৰুৱা বিমানৰ চলাচল । গৃহ বিমানৰ চলাচলৰ ফলত উত্তৰ-পূৰ্বাঞ্চললৈ প্ৰৱেশ ঘটিছে বহিঃৰাজ্যত আৱদ্ধ লোকসকলৰ । কিন্তু লকডাউনৰ সময়চোৱাতো অব্যাহত আছিল অত্যাৱশ্যকীয় সামগ্ৰীৰ বিমানসেৱা অৰ্থাত কাৰ্গো বিমান সেৱা । কেনেকৈ চলি আছে কাৰ্গো বিমান সেৱা ? সামগ্ৰী অনা-নিয়াত কি ব্যৱস্থা লৈছে কাৰ্গো বিমান সেৱাই ?
উল্লেখ্য যে, অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈ লকডাউনৰ সময়চোৱাত 'উড়ান লাইফলাইন' আঁচনিৰ অধীনত পিপিই কিট, চিকিৎসা সামগ্ৰীৰ উপৰিও অন্যান্য জৰুৰী সেৱাৰ সামগ্ৰী আমদানি কৰা হৈছিল । আনকি চীনৰ পৰাও অসমলৈ অনা হৈছিল পিপিই কিট । আনহাতে, 25 মে'ৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ হোৱাৰ লগে লগে বৃদ্ধি পাইছে কাৰ্গো সেৱাও । 25ৰ পৰা 26 মাৰ্চলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ ৰাষ্ট্ৰীয়ভাৱে আমদানি হৈছে 228 টন সামগ্ৰী আৰু ৰপ্তানি হৈছে 24 টন সামগ্ৰী । একেদৰে আন্তঃৰাষ্ট্ৰীয়ভাৱে আমদানি হৈছে 18 টন সামগ্ৰী ।
আনহাতে, বিমানবন্দৰত সামগ্ৰীসমূহ আহি পোৱাৰ লগে লগে বিমানবন্দৰ কৰ্তৃপক্ষই সম্পূৰ্ণৰূপে ছেনিটাইজ কৰে সামগ্ৰীসমূহ । ভিতৰচ'ৰাতো কৰা হয় ছেনিটাইজ । একেদৰে সামগ্ৰীসমূহ বহিঃৰাজ্যলৈ পঠিওৱা সময়টো ছেনিটাইজ কৰা হয় ৷ কাৰ্গো সেৱা অব্যাহত থকাৰ বাবেই Amazon, Filpkart আদিৰ দৰে অনলাইন প্ৰতিষ্ঠানে আমদানি আৰু ৰপ্তানি কৰিছে আৱশ্যকীয় সামগ্ৰীসমূহ । এতিয়াও পূৰ্বৰ দৰেই অব্যাহত থাকিব কাৰ্গো বিমান সেৱা । বিমানবন্দৰৰ পৰা যোৱা সামগ্ৰীসমূহক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই ৰাইজ । কিয়নো সকলোধৰণৰ সুৰক্ষা ব্যৱস্থাই গ্ৰহণ কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই । কেৱল ৰাইজলৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিমানবন্দৰৰ সঞ্চালক প্ৰধান সঞ্জীৱ জিন্দালৰ এটাই অনুৰোধ নিজে সুৰক্ষিত থাকক আৰু সামগ্ৰীসমূহ অন্তত 2 দিনৰ মুৰত ব্যৱহাৰ কৰক ।