ETV Bharat / state

Assam MLA Ministers in Delhi: দিল্লীৰ ব্যস্ততাৰ বাবে কেইবাদিন ধৰি স্থবিৰ হৈ আছে দিছপুৰ - Lachit Borphukan 400 years birth anniversary

বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ উদযাপনৰ বাবে দেশৰ ৰাজধানী দিল্লীত ব্যস্ত মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী-বিধায়ক আৰু আমোলা-বিষয়া (Assam MLA Ministers in Delhi)। দিল্লীত বীৰ লাচিত বৰফুকনৰ জয়গান, শূণ্য দিছপুৰ । বিগত এসপ্তাহ ধৰি মন্ত্ৰী, বিধায়কৰ উপৰি আমোলা-বিষয়াসকল আছে দিল্লীত । ফলস্বৰূপে অচল হৈ পৰিছে বিভিন্ন বিভাগৰ কাম-কাজ ।

Assam MLA Ministers in Delhi
দিল্লীৰ ব্যস্ততাৰ বাবে কেইবাদিন ধৰি স্থবিৰ হৈ আছে দিছপুৰ
author img

By

Published : Nov 25, 2022, 5:31 PM IST

গুৱাহাটী, ২৫ নৱেম্বৰ: দিছপুৰৰ সকলো ৰথী-মহাৰথী এতিয়া ব্যস্ত দিল্লীত (Assam MLA Ministers in Delhi)। অৱশ্যে এই ব্যস্ততাৰ আজি অন্ত পৰিছে যদিও দীৰ্ঘদিন ধৰি দিছপুৰ একপ্ৰকাৰ গৰাকীবিহীন হৈ আছে । এইবাৰ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৫ নৱেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে দিল্লীত অনুষ্ঠিত কৰে অসম চৰকাৰে (Lachit Borphukan 400 years birth anniversary)।

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বাবে দেশৰ ৰাজধানী দিল্লীত বিশাল প্ৰস্তুতি চলোৱা হৈছিল । উক্ত কাৰ্যসূচীৰ উদ্দেশ্যে ২৫ লাখ টকা ব্যয় সাপেক্ষে প্ৰস্তুত কৰা হৈছিল থীম ছং । অনুষ্ঠান সফল কৰি তুলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আটাইকেইজন মন্ত্ৰী, বিৰোধী দলপতি দেবব্ৰত শ‍ইকীয়া, কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি ৰকিবুল হুছেইন, ইউ ডি এফ বিধায়ক কৰিমউদ্দিন বৰভূঞা আৰু আমিনুল ইছলাম, মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তসহ শীৰ্ষ বিষয়াক লৈ মূল কমিটী, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত অভ্যর্থনা উপ সমিতি,

মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত অনুষ্ঠানস্থলী ব্যৱস্থাপনা উপ সমিতি, মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত প্ৰদর্শনী উপ সমিতি, মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত সাংস্কৃতিক উপ-সমিতি, মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আলোচনাচক্ৰ উপ সমিতি, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত মুকলি সভা উপ সমিতি, মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নেতৃত্বত তথ্যচিত্ৰ আৰু গ্ৰন্থ উপ-সমিতি, মন্ত্ৰী অতুল বৰাৰ নেতৃত্ব একোমোডেছন উপ-সমিতি, মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত পৰিবহন উপ সমিতি, মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত খাদ্য উপ সমিতি, মন্ত্ৰী পীযূষ হাজৰিকাৰ নেতৃত্বত মিডিয়া আৰু প্ৰচাৰ উপ সমিতি গঠন কৰা হৈছিল ।

শীৰ্ষ বিষয়াকলৈয়ো অতিৰিক্ত তিনিখন কমিটী গঠন কৰা হৈছিল । মুঠতে বিগত কেইবাদিন ধৰি দিছপুৰৰ লগতে প্ৰশাসনযন্ত্ৰটো ব্যস্ত দিল্লীত । উক্ত কমিটীসমূহক নিজৰ নিজৰ কামৰ বাবে প্ৰস্তাৱ অনুসৰি ধন আবণ্টন কৰাৰ ব্যৱস্থা কৰা হৈছিল । আনহাতে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সাংস্কৃতিক অনুষ্ঠান, শব্দ, পোহৰ তথা মঞ্চৰ কামৰ দায়িত্ব অর্পণ কৰা হৈছিল দিল্লীৰ ইভেণ্ট মেনেজমেন্ট প্ৰতিষ্ঠানক ।

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনক লৈ কাৰ্যতঃ খালী হৈ আছে দিছপুৰ । শীর্ষ বিষয়াতো বাদেই বিভিন্ন বিভাগৰ জিলা বিষয়া, পৰিদৰ্শক পৰ্যায়ৰ বিষয়াকো লৈ যোৱা হৈছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীলৈ৷ প্ৰায় সকলো বিভাগৰ কাৰ্যালয় খালী হৈ আছে । দিল্লীত বীৰ লাচিত বৰফুকনৰ জয়জয় ময়ময় হোৱাৰ সময়ত কাৰ্যতঃ দিছপুৰ শূন্য হৈ পৰিছে । বিগত এসপ্তাহ ধৰি মন্ত্ৰী, বিধায়কৰ উপৰি আমোলা-বিষয়াসকল আছে দিল্লীত । ফলস্বৰূপে অচল হৈ পৰিছে বিভিন্ন বিভাগৰ কাম-কাজ ।

কেৱল মন্ত্ৰীসকলেই নহয় বিধায়ক সকলো জড়িত হৈ পৰিছে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বিশাল আয়োজনত (Lachit Divas in Delhi)। ইফালে দিল্লীৰ এই ব্যস্ততাৰ বিপৰীতে বাংলাদেশ ভ্ৰমনৰ বাবেও গৈছিল বিধায়কৰ এটা বৃহৎ দল । অসম বিধানসভাৰ অধ্যক্ষসহ ৩২ জনীয়া বিধায়িনী দল বাংলাদেশলৈ গৈছিল । এক কথাত মন্ত্ৰী-বিধায়ক শূণ্য হৈ পৰিছে ৰাজ্য । যাৰ বাবে একপ্ৰকাৰে স্থবিৰ হৈ আছে দিছপুৰ । অৱশ্যে আজি সামৰণি পৰে দিল্লীত আয়োজন কৰা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ বিয়াগোম আয়োজনৰ ।

লগতে পঢ়ক : PM Modi on Lachit Divas Program: অসমীয়াত ভাষণ আৰম্ভ কৰি লাচিত বৰফুকনৰ বীৰত্বক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.