ETV Bharat / state

Playground in Guwahati: খেলপথাৰৰ অভাৱ থকা গুৱাহাটী কিদৰে হ’ব দেশৰ ক্ৰীড়াৰ ৰাজধানী ? - গুৱাহাটী

চৰকাৰে খেল মহাৰণৰ বিশাল কাৰ্যসূচী হাতত লোৱাৰ বিপৰীতে ৰাজ্যখনত ক্ৰমাৎ নোহোৱা হৈছে খেলৰ আন্তঃগাঁথনি । গুৱাহাটী মহানগৰীত ক্রীড়াৰ চৰ্চা কৰিবলৈ নোহোৱা হৈ আহিছে খেলপথাৰ । ৰহস্যজনক কাৰণত এখন পাছত আনখনকৈ নোহোৱা হৈ পৰিছে মহানগৰীৰ খেলপথাৰসমূহ । চৰকাৰে ব্যয়বহুল পাৰ্ক নিৰ্মাণত গুৰুত্ব দিয়াৰ বিপৰীতে খেলপথাৰসমূহ বৰ্তাই ৰখাত দিয়া নাই গুৰুত্ব । মহানগৰীত যিকেইখন খেলপথাৰ আছে তাত নাই খেলাৰ উপযুক্ত পৰিৱেশ । বহু খেলপথাৰত সাধাৰণ লোকৰ প্ৰৱেশত আছে বাধা ।

Playground in Guwahati
Playground in Guwahati
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 4:02 PM IST

গুৱাহাটী, ২৫ আগষ্ট: অসম চৰকাৰে ক্ৰীড়াৰ ক্ষেত্রখনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি গ্ৰহণ কৰিছে কেতবোৰ বিশেষ পদক্ষেপ । ৰাজ্য চৰকাৰে ক্ৰীড়াক সৰ্বব্যাপী কৰাৰ উদ্দেশ্যেৰে হাতত লৈছে খেল মহাৰণ কাৰ্যসূচী । ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্যজুৰি অক্টোবৰ মাহৰ পৰা জানুৱাৰীলৈ অনুষ্ঠিত হ'ব খেল মহাৰণ ।

ইয়াৰ বাবে বাজেটো নিৰ্ধাৰণ কৰা হৈছে । নিঃসন্দেহে এয়া এক প্ৰসংশনীয় পদক্ষেপ । কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে চৰকাৰে খেল মহাৰণৰ বিশাল কাৰ্যসূচী হাতত লৈছে যদিও ৰাজ্যখনত ক্ৰমাৎ খেলৰ আন্তঃগাঁথনিৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে ।

বিশেষকৈ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত খেল-ধেমালীৰ বাবে প্ৰয়োজন হোৱা খেলপথাৰৰ এটা ডাঙৰ অভাৱ আছে । কেৱল খেলুৱৈ হোৱাৰ বাবেই নহয় দেহ আৰু মন ভালে ৰাখিবৰ বাবে খেলা-ধূলা হৈছে আটাইতকৈ উত্তম মাধ্যম । সকলো স্তৰৰ লোকৰ বাবেই ক্ৰীড়াৰ প্ৰয়োজন আছে ।

কিন্তু অতি পৰিতাপৰ বিষয় যে গুৱাহাটী মহানগৰীত ক্রীড়াৰ চৰ্চা কৰিবলৈ নোহোৱা হৈ আহিছে খেলপথাৰ । ৰহস্যজনক কাৰণত এখন পাছত আনখনকৈ নোহোৱা হৈ পৰিছে মহানগৰীৰ খেলপথাৰসমূহ । লক্ষণীয় বিষয় যে চৰকাৰে ব্যয়বহুল উদ্যান তথা পাৰ্ক নিৰ্মাণত গুৰুত্ব দিছে যদিও খেলপথাৰ বৰ্তাই ৰখাৰ ক্ষেত্রত গুৰুত্ব দিয়া নাই ।

শেহতীয়াভাৱে জনতা ভৱনৰ গাতে লাগি থকা খেলপথাৰখনো নাইকীয়া কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে । উক্ত খেলপথাৰখনত এখন উদ্যান স্থাপন কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে । অর্থাৎ এই খেলপথাৰখনো অচিৰেই নোহোৱা হ’ব । আজিৰ তাৰিখত ফুটবল, ক্ৰিকেট আদি খেলিব পৰা এইখন খেলপথাৰো নোহোৱা হৈ পৰিব ।

আনহাতে মহানগৰীত আন বহু কেইখন খেলপথাৰ আছে যদিও বৰ্ত্তমান সময়ত অধিকাংশই খেল খেলাৰ বাবে উপযুক্ত হৈ থকা নাই তথা বিভিন্ন কাৰণত খেলপথাৰ হৈ থকা নাই । ইফালে বহু কেইখন খেলপথাৰত অনুমতি অবিহনে প্ৰৱেশ কৰিব নোৱাৰি । গুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত জজ ফিল্ড পৰিচালনাৰ দায়িত্বত আছে কামৰূপ মহানগৰ জিলা প্রশাসন ।

Playground in Guwahati
খেলপথাৰ বৰ্তাই ৰখাৰ ক্ষেত্রত গুৰুত্ব দিয়া নাই চৰকাৰে

গুৱাহাটী টাউন ক্লাৱে খেলপথাৰখন চোৱাচিতা কৰা বাবে সাধাৰণ শ্ৰেণীৰ লোকে তাত খেল-ধেমালি কৰাটো কাৰ্যতঃ নিষিদ্ধ । আনহাতে সোণাৰাম হাইস্কুল খেলপথাৰ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তত্বাৱধানতে আছে যদিও খেলপথাৰখন বাণিজ্যিক কাৰণত সর্বাধিক সময়ত ব্যৱহৃত হয় । সেইদৰে নেহৰু ষ্টেডিয়ামৰ খেলপথাৰৰ তত্বাৱধানৰ দায়িত্বত আছে বোর্ড অৱ স্পৰ্টছ । তাত গুৱাহাটী ক্রিকেট কোচিং চেণ্টাৰৰ প্ৰশিক্ষণ চলি থাকে ।

Playground in Guwahati
গুৱাহাটীত ক্ৰমান্বয়ে নোহোৱা হৈছে খেলপথাৰ

গতিকে কোনোৱে ফুটবল বা আন কিবা খেল খেলিবলৈ যোৱাত সমস্যা আছে । ইফালে সৰুসজাইৰ খেলপথাৰ অসম ক্রীড়া প্রাধীকৰণৰ তত্বাৱধান পৰিচালিত হৈ আছে । তাত খেলৰ চৰ্চা কৰিবলৈ হ’লে যাৱতীয় অনুমতিৰ প্ৰয়োজন । একেদৰে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সাধাৰণ লোকতো বাদেই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়েও খেল-ধেমালি কৰিবলৈ অনুমতি বিচাৰি কৰ্তৃপক্ষৰে তাঁতবাতি কাঢ়িব লাগে ।

Playground in Guwahati
ৰাজ্যখনত ক্ৰমাৎ নোহোৱা হৈছে খেলৰ আন্তঃগাঁথনি

খেলপথাৰখনৰ এটা অংশ চৰকাৰে হেলিপেড ৰূপে ব্যৱহাৰ কৰিছে । বাকী থকা অংশত চৰকাৰ আৰু দলৰ বিভিন্ন কাৰ্যসূচী চলি থাকে । তাৰ মাজে মাজে চলে প্রদর্শনী, এক্সপো আদি । লক্ষণীয় বিষয় যে গুৱাহাটীত আন্তঃবিদ্যালয় স্কুল টুর্নামেন্ট একমাত্র খেলপথাৰৰ অভাৱৰ বাবেই বন্ধ হৈ গৈছে ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী ৰূপে গঢ়ি তোলাৰ সপোন দেখিছে যদিও সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্রত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । গুৱাহাটীত খেল-ধেমালি কৰাৰ বাবে খেলপথাৰৰ অভাৱ ঘটিছে । ইফালে ক্ৰীড়াৰ প্ৰতি থকা অনুৰাগ কমি অহাৰ বাবেই যুৱশক্তি বিপথে পৰিচালিত হোৱা বুলি খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰি আহিছে ।

খেলে মানুহক বিপথে পৰিচালিত হোৱাৰ পৰা বিৰত ৰাখে বুলি অনুভৱ কৰাৰ পাছতো চৰকাৰখনে ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাই । খেলৰ চৰ্চা কৰিবলৈ হ'লে খেলপথাৰ প্ৰয়োজন । কিন্তু গুৱাহাটী মহানগৰীত খেলা-ধূলাৰ বাবে নাই খেলপথাৰ । ৰাষ্ট্ৰীয় ক্রীড়া, দক্ষিণ এছীয় ক্রীড়া, অনূর্ধ্ব ১৭ বছৰৰ ফিফা বিশ্বকাপ ফুটবলৰ দৰে আগশাৰীৰ প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰা গুৱাহাটীত এতিয়া কাৰ্যতঃ নোহোৱা হৈছে ক্রীড়া চৰ্চাৰ আন্তঃগাঁথনি ।

চৰকাৰে খেলুৱৈৰ সুবিধাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত উন্নত মানৰ খেলপথাৰৰ ব্যৱস্থা কৰা হ'ব বুলি কৈ থাকে । কিন্তু ৰাজধানী চহৰখনতে খেল-ধেমালিৰ বাবে নাই পর্যাপ্ত খেলপথাৰ । এই বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে লোৱা উচিত । মহানগৰীত পৰ্যাপ্ত মুকলি ঠাই নথকাৰ বাবে উঠি অহা প্ৰজন্মই ইচ্ছা থকাৰ পাছতো ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হ'ব পৰা নাই ।

চৰকাৰখনেও মুকলি ঠাই তথা খেলপথাৰৰ বিপৰীতে উদ্যান নিৰ্মাণতেহে অধিক গুৰুত্ব দিছে । চৰকাৰখনে নৱপ্ৰজন্মৰ শাৰীৰিক আৰু মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি খেলপথাৰ তথা মুকলি ঠাই বৃদ্ধি কৰাত অধিক গুৰুত্ব দিয়া উচিত । অন্যথা ম’বাইল আৰু ইণ্টাৰনেটৰ মাজতে আৱদ্ধ হৈ থাকিব উঠি অহা প্ৰজন্ম ।

লগতে পঢ়ক: Pijush Hazarika: যোগ্য সকলো শিক্ষাৰ্থীৰ জলপানি নিশ্চিত কৰাৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.