গুৱাহাটী, 22 আগষ্ট: মালিগাঁও আদিনগিৰীত নাহৰফুটুকীৰ আক্ৰমণত শিশুৰ মৃত্যু হোৱাৰ পিছত তৎপৰ হৈছে বন বিভাগ ৷ শনিবাৰে পুৱা বাঘ ধৰিবলৈ অঞ্চলটোত স্থাপন কৰা হ'ল পিঞ্জৰা ৷ বন বিভাগৰ শীৰ্ষ বিষয়া আৰু গোশালা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নাহৰফুটুকীটো ধৰাৰ বাবে জংঘলত পিঞ্জৰা স্থাপন কৰে ৷
উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া নাহৰফুটুকীৰ আক্ৰমণত নিহত হৈছিল শিৱম কুমাৰ নামৰ এটি 6 বছৰীয়া শিশু ৷ সমনীয়াৰ সৈতে খেলি থকা অৱস্থাতে শিশুটিক ডিঙিত কামুৰি চোঁচৰাই নিছিল নাহৰফুটুকীয়ে ৷ শিশুটিক উদ্ধাৰ কৰি অতি সংকটজনক অৱস্থাত মালিগাঁও সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও, চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ যাৰ বাবে এতিয়া বন বিভাগৰ লোক তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷ জানিব পৰা মতে, অঞ্চলটোত প্ৰায়েই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে নাহৰফুটুকীটোৱে ৷ বাৰম্বাৰ বন বিভাগক ৰাইজে জনাই আহিছিল যদিও কোনো ধৰণৰ সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়ক: ত্ৰিপুৰাত গছৰ তলত শিক্ষাদানৰ অধিসূচনা জাৰি