ETV Bharat / state

CAG Report on NRC: কেগৰ প্ৰতিবেদনত এন আৰ চিৰ বিয়াগোম কেলেংকাৰীৰ তথ্য - NRC Assam Prateek Hajela

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা সদনত উত্থাপিত হয় ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) প্ৰতিবেদন (CAG report on NRC)। প্ৰতিবেদনত এন আৰ চিৰ বহু বিসংগতিৰ লগতে বৃহৎ কেলেংকাৰীৰ তথ্য উন্মোচিত হয় । বিৰোধীয়ে দাবী কৰে চি বি আই তদন্ত ।

CAG Report on NRC
এন আৰ চিৰ বিয়াগোম কেলেংকাৰীৰ তথ্য
author img

By

Published : Dec 24, 2022, 10:43 PM IST

গুৱাহাটী, ২৪ ডিচেম্বৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰী হোৱাৰ তথ্য উন্মোচিত কৰিছে 'কেগ'ৰ প্ৰতিবেদনে (CAG report on NRC)। অসম বিধানসভাৰ শীতকালিন অধিৱেশৰ শনিবাৰে অন্তিম দিনা সদনত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) প্ৰতিবেদন উত্থাপন কৰা হয় । এই প্ৰতিবেদনত এন আৰ চিৰ বহু বিসংগতি ধৰা পেলোৱাৰ লগতে বৃহৎ কেলেংকাৰী হোৱাৰ তথ্য উন্মোচিত হৈছে (Scam in NRC project)।

প্ৰায় ২৬০ কোটি টকাৰ খেলিমেলি হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । প্ৰতিবেদন অনুসৰি এন আৰ চিৰ কামত আউটচৰ্চ কৰা কৰ্মচাৰীসকলক মুঠ ৬৭.১৪ কোটি টকা পৰ্যন্ত মজুৰিৰ পৰা বঞ্চিত কৰা হৈছিল । অৰ্থাৎ কৰ্মচাৰীসকলক নিৰ্ধাৰিত মজুৰতকৈ কম মজুৰি দিয়া হৈছিল । আনহাতে এন আৰ চিৰ (National Register of Citizens project) বিভিন্ন কামত অতিৰিক্ত ব্যয় কৰা হৈছিল ।

সেইদৰে ৩৫ হাজাৰ টকা মূল্যৰ জেনেৰেটৰ ক্ৰয় কৰা হৈছিল ৯৩৯৬৫ টকাত । তদুপৰি ১২৮ টা অতিৰিক্ত জেনেৰেটৰৰ বিপৰীতে ১.২০ কোটি টকা আত্মসাৎ কৰাৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে । চফ্টৱেৰ এপ্লিকেচনৰ নামতো হৈছে বিয়াগোম দুৰ্নীতি (NRC software application scam)। চফ্টৱেৰ বিকাশৰ নামত ৭.১০ কোটি টকাৰ অতিৰিক্ত ব্যয় কৰা হৈছিল । সেইদৰে চিষ্টেম ইণ্টিগ্ৰেটৰ ডাটা এণ্ট্ৰি চেণ্টাৰত আবেদন প্ৰ-পত্ৰৰ ডিজিটাইজৰচনৰ নামত ৭.৩৯ কোটি টকা অতিৰিক্ত ব্যয় কৰা হৈছে ।

তদুপৰি এন এছ কেৰ পৰা সন্দেহজনক ডাটা সঞ্চালনৰ নামত অনিয়মীয়া ব্যয় হৈছে ৯.০১ কোটি টকা । এন আৰ চিত হোৱা ব্যাপক অনিয়মৰ বাবে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীক জগৰীয়া কৰা হৈছে । কেগৰ প্ৰতিবেদনত এন আৰ চি সম্পৰ্কীয় দফাত পৃষ্ঠাই পৃষ্ঠাই অনিয়ম আৰু দুৰ্নীতিৰ তথ্য সন্নিবিষ্ট হৈ আছে । এইক্ষেত্রত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ।

ইফালে কেগৰ(Comptroller and Auditor General of India) প্ৰতিবেদনত এন আৰ চিৰ ব্যাপক কেলেংকাৰীৰ তথ্য প্ৰকাশ পোৱাৰ পিছতে সৰৱ হৈ পৰে বিৰোধী বিধায়কসকল । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে এই কেলেংকাৰীৰ বাবে চৰকাৰ জবাবদিহি হ'ব লাগিব । তেওঁ লগতে কয় যে ৫ দিনীয়া অধিৱেশনত ৪৩ খন বিধেয়ক আলোচনা কৰাটো সম্ভৱ নহয় । গতিকে নতুনকৈ আইন আনিব বিচাৰিলে চৰকাৰে আগতীয়াকৈ আইনসমূহৰ বিজ্ঞাপন তথা ৰাইজৰ আলোচনা হোৱাকৈ এক ব্যৱস্থা কৰিব লাগে ।

লগতে বিৰোধী দলসমূহৰ লগতো আলোচনা কৰিব লাগে । ইফালে বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই কয় যে প্ৰতীক হাজেলা অসমত নাথাকিলেও দেশৰ কোনো প্ৰান্ততে আছে । গতিকে য'তে থাকক তেওঁক তদন্তৰ আওতাত আনিব লাগে । তেওঁ এন আৰ চিত হোৱা কেলেংকাৰীৰ চি বি আই তদন্ত দাবী কৰে (Former Coordinator NRC Assam Prateek Hajela)।

লগতে পঢ়ক: Assam CM at at Bindhakata : সোণোৱালে পঢ়া স্কুললৈ মুখ্যমন্ত্ৰী শৰ্মাৰ 3 কোটি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.