ETV Bharat / state

কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

author img

By

Published : Jun 8, 2021, 4:06 PM IST

প্ৰতি বছৰে ৰাজ্য চৰকাৰে প্ৰদান কৰিব ‍'অসম ৰত্ন', 'অসম বিভূষণ' বঁটা, 'অসম ভূষণ' বঁটা আৰু 'অসম শ্ৰী' বঁটা । প্ৰতিটো চৰকাৰী কাৰ্যালয়ত প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু গোপীনাথ বৰদলৈ(Gopinath Bardoloi)ৰ ফটো থকাটো বাধ্যতামূলক । ১২ জুলাইৰ পৰা অনুষ্ঠিত হ'ব নতুন চৰকাৰৰ বাজেট অধিৱেশন (Budget Session) ।

Cabinet Meeting
কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী, ৮ জুন: মঙলবাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ চতুৰ্থখন কেবিনেট বৈঠক(Cabinet Meeting) অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনৰ কনফাৰেঞ্চ হলত অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি প্ৰতি বছৰে ৰাজ্য চৰকাৰে প্ৰদান কৰিব ‍'অসম ৰত্ন', 'অসম বিভূষণ' বঁটা, 'অসম ভূষণ' বঁটা আৰু 'অসম শ্ৰী' বঁটা ।

পূৰ্বে 'অসম ৰত্ন' বঁটা ৩ বছৰৰ মূৰে মূৰে প্ৰদান কৰা হৈছিল । 'অসম ৰত্ন' বঁটা প্ৰাপকক নগদ ৫ লাখ টকা আৰু 'অসম বিভূষণ' বঁটা প্ৰাপকক নগদ ৩ লাখ টকা প্ৰদান কৰা হ'ব । এইবাৰৰ পৰা প্ৰতিবছৰে 'অসম ৰত্ন' এগৰাকীলৈ, 'অসম বিভূষণ' ৩ গৰাকীলৈ, 'অসম ভূষণ' ৫ গৰাকীলৈ আৰু 'অসম শ্ৰী' বঁটা ১০ গৰাকীলৈ আগবঢ়োৱা হ'ব ।

আনহাতে, এতিয়াৰ পৰা সাহিত্যিৰ বঁটাসমূহ হোমেন বৰগোহাঞিৰ জন্ম দিনৰ লগত সংগতি ৰাখি প্ৰদান হ'ব । ক্রীড়া বঁটাসমূহ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনত প্রদান কৰা হ'ব আৰু শিল্পী বঁটাসমূহ শিল্পী দিৱসত প্রদান কৰা হ'ব । সেইদৰে কেবিনেট সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ত প্ৰধানমন্ত্ৰী (Prime Minister), ৰাষ্ট্ৰপতি (President) আৰু গোপীনাথ বৰদলৈ(Gopinath Bardoloi)ৰ ফটো থকাটো বাধ্যতামূলক ।

ইফালে, বানপানীত ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ মেৰামতিৰ দায়িত্ব জিলাৰ উপায়ুক্তসকলক প্ৰদান কৰা হৈছে আৰু ১ এপ্ৰিলৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত মেৰামতি কৰিব লাগিব । জিলা উপায়ুক্তসকলক বানপানী সাহাৰ্যৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে ।

ক্ষয়-ক্ষতিৰ বাবে জিলা উপায়ুক্তই দিব পাৰিব অনুদান । সেইদৰে অভিভাৱক মন্ত্ৰীয়ে পৰ্যালোচনা কৰিব জিলা উপায়ুক্তৰ লগত । ইফালে, কয়লাৰ চোৰাং সৰবৰাহ বন্ধ কৰাৰ বাবে ৩১ মাৰ্চ পৰ্যন্ত ছাগলীয়া গেটেৰে কয়লা ট্ৰাকৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

শ্ৰীৰামপুৰ গেটত ওজন কৰা হ'ব ট্ৰাক । অভাৰ লোড থাকিলে কয়লা খালি কৰি দিয়া হ'ব । অভাৰ লোডৰ নামত যাতে দুষ্কাৰ্য কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । মেঘালয়ৰ পৰা অহা ট্রাকো পৰীক্ষা কৰা হ'ব । আনহাতে, বৰদোৱা প্ৰকল্পৰ বাবে পুনৰ ৩৫ বিঘা মাটি আবণ্টন দিয়া হৈছে ।

ছিপাঝাৰৰ সৰুখুঁটিত খেতিৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ বাবে এখন কমিটী গঠন কৰা হৈছে । কি খেতি কৰিলে লাভ হ'ব সেই বিষয়ে পৰ্যালোচনা কৰিব এই কমিটীয়ে । কেবিনেটত ১২ জুলাইৰ পৰা নতুন চৰকাৰৰ বাজেট অধিৱেশন (Budget Session) অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ২৫ দিনীয়াকৈ হ'ব এই অধিৱেশন ।

লগতে পঢ়ক:কৃষি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.