ETV Bharat / state

Assam cabinet meeting: দুখনকৈ নতুন বিশ্ববিদ্যালয়ৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ

যোৰহাট আৰু ডিব্ৰুগড়ত স্থাপন হ'ব দুটা দুগ্ধ উৎপাদন প্ৰকল্প ৷ কেবিনেটত দুখনকৈ নতুন বিশ্ববিদ্যালয় স্থাপনৰ অনুমোদন । সাধাৰণ গোচৰ নিষ্পত্তিৰ বাবে কেবিনেটত (Assam cabinet meeting) গ্ৰহণ কৰা হৈছে সিদ্ধান্ত । ৰাজ্যৰ ৩৪ খন পলিটেকনিক আৰু ৪৩ খন আই টি আইৰ আন্তঃগাঁঠনি নিৰ্মাণৰ বাবে ৩৬৬ কোটি টকাৰ অনুমোদন ।

দুখন নতুন বিশ্ববিদ্যালয়ৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ
Etv Bharatদুখন নতুন বিশ্ববিদ্যালয়ৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ
author img

By

Published : Sep 11, 2022, 10:02 PM IST

গুৱাহাটী, ১১ ছেপ্তেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দেওবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় (Assam cabinet meeting)। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah)।

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে এটা জইণ্ট ভেন্সাৰ কোম্পানী কৰা হ'ব (Dairy joint venture company in Assam)। অসম চৰকাৰ আৰু নেচনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ডৰ(Dairy Development Board Assam) ৷ এই কোম্পানীটোৰ যোগেদি নতুনকৈ যোৰহাট আৰু ডিব্ৰুগড়ত দুটা দুগ্ধ উৎপাদন প্ৰকল্প স্থাপন কৰা হ'ব ।

আনহাতে আজিৰ কেবিনেটে দুখনকৈ নতুন বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত অনুমোদন জনায় । আজাৰাত স্থাপন হ'ব গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (Girijananda Chowdhury university at Azara)। প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয় হাজংবাৰীত স্থাপন কৰা হ'ব (Pragjyotish university at Hajongbari)। সেইদৰে সাধাৰণ গোচৰ নিষ্পত্তিৰ বাবে কেবিনেটত গ্ৰহণ কৰা হৈছে সিদ্ধান্ত । সাধাৰণ গোচৰসমূহ শীঘ্ৰে কৰা হ'ব নিষ্পত্তি । আজিৰ তাৰিখত ৪.১৯ লাখ গোচৰ অমীমাংসিত হৈ আছে ।

দুখন নতুন বিশ্ববিদ্যালয়ৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ

সৰু সৰু ধাৰাৰ পৰি থকা সাধাৰণ গোচৰসমূহ উঠাই লোৱাৰ লগে লগে গোচৰৰ সংখ্যা কমি ১ লাখ হ'ব । ইয়াৰ ফলত আদালতৰ বোজা বহুগুণে হ্ৰাস পাব । ৰাজ্যৰ ৩৪ খন পলিটেকনিক আৰু ৪৩ খন আই টি আইৰ আন্তঃগাঁঠনি নিৰ্মাণ কৰা হ'ব । ইয়াৰ বাবে আজিৰ কেবিনেটে ৩৬৬ কোটি টকাৰ অনুমোদন জনায় ।

আনহাতে, নিৰ্মীয়মান নলবাৰী মেডিকেল কলেজৰ(Nalbari medical college) বাবে আজিৰ কেবিনেটে নতুনকৈ ৩৯৭ কোটি টকাৰ অনুমোদন জনায় । কেবিনেটত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ কৰা হৈছে । দুৰ্যোগ প্ৰশমনৰ বাবে বাজেটত নতুনকৈ অতিৰিক্ত ধন ধাৰ্য কৰা হৈছে ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰাৰ কাৰণ ক'লে মন্ত্রী পীযুষ হাজৰিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.