গুৱাহাটী, ৬ ডিচেম্বৰ: গণতন্ত্ৰ মানেই হৈছে সংখ্যাৰ খেল । সংখ্যা যাৰ, গণতন্ত্ৰত মুলুক তাৰ । বিগত সময়ত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে সংখ্যাৰ জোৰত লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰিছিল যদিও পৰ্যাপ্ত সংখ্যাৰ অভাৱৰ বাবেই ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰিবলৈ গৈয়ো থমকি ৰ'বলগীয়া হৈছিল । কিন্তু এইবাৰ কি অংক কৰিছে বিজেপিয়ে ? ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নথকা স্বত্বেও কি সমীকৰণত উচ্চ সদনত বিধেয়কখন গৃহীত হ'ব ? চাঁওক ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ এক বিশেষ প্ৰতিবেদন ।
ৰাজ্যসভাত বিৰোধীৰ সহায় সমৰ্থন অবিহনে "কেব" গৃহীতকৰণ অসম্ভৱ । একে সময়তে এন ডি এৰ অংশীদাৰ হৈ থকা কেইবাটাও দলে "কেব"ৰ বিৰোধিতা কৰিছে । তেনেক্ষেত্ৰত বিৰোধীৰ সমৰ্থন আদায়ৰ বাবে এতিয়া আপ্ৰাণ চেষ্টা চলাইছে বিজেপিয়ে । ৰাজ্যসভাত "কেব" গৃহীত হ'ব নে নহ'ব সেই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব তিনিটা ৰাজনৈতিক দলে । সেই দলকেইটা হ'ল বিজু জনতা দল , তেলেংগানা ৰাষ্ট্ৰ সমিতি আৰু ৱাই এছ আৰ কংগ্ৰেছ । ৰাজ্যসভাত বিজু জনতা দলৰ সাংসদ আছে সাত গৰাকী , টি আৰ এছৰ ছয় গৰাকী আৰু ৱাই এছ আৰ কংগ্ৰেছৰ দুগৰাকী সাংসদ আছে । এই ১৫ গৰাকী সাংসদৰ ভূমিকা হব অতি গুৰুত্বপূৰ্ণ । মন কৰিবলগীয়া যে ৰাজ্যসভাত বৰ্তমান খালি হৈ আছে সাতখন আসন । অৰ্থাৎ বৰ্তমানে থকা ২৩৮ খন আসনৰ ভিতৰত এন ডি এৰ পক্ষত আছে ১১৪ গৰাকী আৰু ইউ পি এৰ সমৰ্থনত আছে ৬৬ গৰাকী সাংসদ । অন্যান্য বিৰোধী আৰু নিৰ্দলীয় সাংসদ আছে ৫৯ গৰাকী । তাৰে ভিতৰত এন ডি এৰ অংশীদাৰ জনতা দল (ইউ) এ ইতিমধ্যে "কেব"ৰ বিৰোধ কৰিছে ।
আৰু পঢ়ক : "কেব" বিৰোধী আন্দোলনক কঠোৰ হাতেৰে দমন কৰিবলৈ ডি জি পিক নিৰ্দেশ