ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে বলৱৎ কৰাৰ হুংকাৰ নাড্ডাৰ - Assam Assembly Election

অসমবাসীৰ ব্যাপক প্ৰতিবাদৰ পাছতো বিজেপি নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত অটল ৰাখিছে স্থিতি ৷ এফালে বিজেপিয়ে অসমৰ ভাষা, সভ্যতা, সংস্কৃতি ৰক্ষা কৰাৰ কথা কৈছে আৰু আনফালে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰি হিন্দু বাংলাদেশীক সংস্থাপিত কৰাৰ কথা কৈছে ৷ মুঠতে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে গেৰুৱা দল বিজেপিয়ে ৷

caa will implement soon said jp nadda assam etv bharat news
নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে বলৱৎ কৰাৰ হুংকাৰ নাড্ডাৰ
author img

By

Published : Mar 23, 2021, 4:09 PM IST

গুৱাহাটী,23 মাৰ্চ: অসমত ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ হোৱাৰ লগে লগে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' প্ৰযোজ্য কৰা হ'ব ৷ এইক্ষেত্ৰত বিজেপি দৃঢ় সংকল্পবদ্ধ ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মঙলবাৰে পুনৰ স্পষ্টভাৱে দোহাৰিলে যে নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰেই প্ৰযোজ্য কৰা হ'ব ৷ মঙলবাৰে প্ৰদেশ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নাড্ডাই কয় যে, সংসদত ইতিমধ্যে গৃহীত হোৱা 'কা' শীঘ্ৰে কাৰ্যকৰী কৰা হ'ব ৷ ইয়াত কোনো দ্বিমত নাই ৷

উল্লেখ্য যে, অসমবাসীৰ ব্যাপক প্ৰতিবাদৰ পাছতো বিজেপি নাগৰিকত্ব সংশোধনী আইনক লৈ নিজৰ স্থিতিত অটল আছে ৷ এফালে বিজেপিয়ে অসমৰ ভাষা, সভ্যতা, সংস্কৃতি ৰক্ষা কৰাৰ কথা কৈছে আৰু আনফালে নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি হিন্দু বাংলাদেশীক সংস্থাপিত কৰাৰ কথা কৈছে ৷ বিজেপিয়ে দুটা বিপৰীত স্থিতিত অৱস্থান কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বিচাৰিছে ৷ কংগ্ৰেছে পাঁচটা গেৰাণ্টিৰ ভিতৰত 'কা' বাতিল কৰাৰ কথা কোৱাৰ প্ৰসংগত নাড্ডাই কয়-' কংগ্ৰেছৰ বুদ্ধিমত্তাক লৈ প্ৰশ্ন কৰাটো উচিত নহয় ৷ দলৰ দায়িত্ব শিশুৰ হাতত এৰি দিলে যি হয় তাকেই হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্ত্তন কৰা এখন আইন ৰাজ্য চৰকাৰে কেনেকৈ বাতিল কৰিব পাৰে ৷ এইক্ষেত্ৰত হয়টো তেওঁলোকৰ অজ্ঞতা হ'ব পাৰে, নহ'লে অসমৰ জনগণক ঠগি আছে ৷

বদৰুদ্দিন আজমলৰে কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত নাড্ডাই কয় যে, আজমল অসমৰ পৰিচয় নহয় ৷ অসমৰ পৰিচয় মহাপুৰুষ মাধৱদেৱ, ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আদিহে ৷ এসময়ত আজমল কোন হয় বুলি প্ৰশ্ন কৰা আজমলকে এতিয়া কংগ্ৰেছে আঁকোৱালি লৈছে ৷ নাড্ডাই লগতে কয়-চাহ বাগানক লৈ ব্যাপক প্ৰচাৰ চলোৱা কংগ্ৰেছে দীঘলীয়া শাসনকালত বাগানৰ লোকক কি দিলে সেয়া সকলোৱে জানে ৷ এতিয়া বাগানত চাহপাত তোলাৰ সময় নহয়, সেই কথা কংগ্ৰেছে নাজানে ৷ চাহপাত তোলাৰ সময়ত ফটো উঠি দিব লাগে ৷ এতিয়া চাহপাত তুলি ফটো উঠাৰ সময় নহয় ৷ বিগত পাঁচ বছৰত চাহ বাগানৰ শ্ৰমিকক বেংকিঙৰ সুবিধাৰ লগতে 8,000 টকাৰ আৰ্থিক সাহায্য দিবলৈ বিজেপিয়ে সক্ষম হোৱা বুলি নাড্ডাই দাবী কৰে ৷ তদুপৰি চাহ বাগানত শৈক্ষিক আৰু স্বাস্থ্য খণ্ডৰ বিকাশ সাধন কৰা বুলিও নাড্ডাই কয় ৷

অনুপ্ৰৱেশৰ সমস্যা সন্দৰ্ভত নাড্ডাই কয়-সীমান্ত ছীল কৰি অনুপ্ৰৱেশ ৰোধৰ বাবে বিজেপিয়ে প্ৰযুক্তিগতভাৱে কাম কৰিছে ৷ তদুপৰি ৰাইজক দিয়া কথা ৰাখিছে গেৰুৱা দলটোৱে ৷ উল্লেখ্য যে, 'কা' প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত দৃঢ় সংকল্পৱদ্ধ বিজেপিয়ে সংশোধিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ যোগেদি অসমৰ অধিকাৰ সুৰক্ষিত কৰাৰ কথা কৈছে ৷ কিন্তু নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য কৰিলে কিদৰে অসমৰ অধিকাৰ সুৰক্ষিত হ'ব, সেয়া বৰ্তমান সময়ৰ বাবে এক ডাঙৰ প্ৰশ্ন ৷

লগতে চাওকঃ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ' মুকলি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.