ETV Bharat / state

এইবাৰ সমগ্ৰ উত্তৰ-পূৱ জুৰি হ'ব কা' আন্দোলন : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

author img

By

Published : Dec 12, 2021, 9:45 PM IST

কা' বিৰোধী আন্দোলনৰ ৫ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি(Tributes to five martyrs of anti CAA movement) ৷ এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি কা'ৰ বিৰুদ্ধে ৰাজপথত সংগ্ৰাম চলি আছে আৰু চলি থাকিব । কা' বাতিল নোহোৱালৈ আছু ক্ষান্ত নহয় বুলি দেওবাৰে স্পষ্ট কৰি দিছে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (AASU chief adviser Samujjal Kumar bhattacharya on CAA) ।

CAA movement will be long
এইবাৰ সমগ্ৰ উত্তৰ-পূৱ জুৰি হ'ব কা' আন্দোলন

গুৱাহাটী ,১২ ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন 2019 প্ৰত্যাহাৰৰ দাবীত পুনৰ একত্ৰিত হৈছে অসমৰ জাতীয় সংগঠন আৰু শিল্পী সমাজ । আৰম্ভণিৰ পৰাই কা'ৰ বিৰোধিতা কৰি অহা সদৌ অসম ছাত্ৰ সন্থাই কা' বাতিল কৰিবলৈ চৰকাৰক পুনৰ বাৰ দাবী জনাইছে (AASU urges Assam Government to repeal CAA) ৷

কা'ৰ বিৰুদ্ধে ৰাজপথত সংগ্ৰাম চলি আছে আৰু চলি থাকিব । কা' বাতিল নোহোৱালৈ আছু ক্ষান্ত নহয় বুলি দেওবাৰে স্পষ্ট কৰি দিছে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । দেওবাৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থা, শিল্পী সমাজ আৰু হাতীগাঁওবাসীৰ উদ্যোগত হাতীগাঁও হাইস্কুলত কা' বিৰোধী আন্দোলনত শ্বহীদ হোৱা ৫ গৰাকী শ্বহীদৰ দ্বিতীয় মৃত্যুবাৰ্ষিকীৰ উপলক্ষে শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান আয়োজন কৰা হয়(Tributes to five martyrs of anti CAA movement) ৷

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি আছু মুখ্য উপদেষ্টা গৰাকীয়ে লগতে কয়, কা' আন্দোলন কেৱল অসমত নহয়, উত্তৰ-পূৱ কেন্দ্ৰিক হ'ব(Anti CAA Movement in North east) । কা' আন্দোলন শেষ হোৱা নাই, কা' আন্দোলন দীঘলীয়া হ'ব ৷ অৰ্থনৈতিক ভেঁটি শক্তিশালী কৰি আমি আগবাঢ়ি যাম (Protests Against CAA)।

উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য নাগৰিকত্ব সংশোধনী আইন 2019(Citizenship Amendment Act, 2019) বিৰুদ্ধে এতিয়াও একেলগে আছে । শনিবাৰে সমগ্ৰ উত্তৰ-পূৱে ক'লা দিৱস উদযাপন কৰি সেয়া সেই কথা স্পষ্ট কৰি দিছে । ১৯৭১ লৈ বিদেশী নাগৰিকৰ বোজা আমি ললো আৰু নলওঁ। অসম তথা উত্তৰ-পূৰ্বাঞ্চল বিদেশী নাগৰিকৰ ডাষ্টবিন নহয় বুলি মন্তব্য প্ৰকাশ কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

ৰাজপথৰ আন্দোলন খেল পথাৰত সোমাই দিয়া বুলি সঘনে উত্থাপিত হোৱা বিষয়টোক লৈ তেওঁ কয়, একাংশই অপ্ৰচাৰ চলাইছে । ৰাজপথৰ আন্দোলন ৰাজপথত হ'ব, খেলপথাৰৰ আন্দোলন খেলপথাৰত হ'ব ৷

তেওঁ লগতে কয়, কা' আন্দোলন সাংস্কৃতিক আন্দোলন হৈছে নেকি বহুতৰে প্ৰশ্ন । পূৰ্বৰ পৰাই বিশিষ্ট শিল্পী সকলে সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে আন্দোলন কৰি গৈছিল বুলি মন্তব্য প্ৰকাশ কৰে আছু নেতা গৰাকীয়ে ।

লগতে পঢ়ক : Anti CAA movement : স্থিতি সলনি কৰা শিল্পীক মেৰুদণ্ডহীন আখ্যা জুবিনৰ

আনহাতে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা ভাষা বিষয়ক যোগ্যতামূলক প্ৰশ্নকাকত আঁতৰাৰ বিষয়ে তেওঁ কয় যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষা বিষয়ক যোগ্যতামূলক প্ৰশ্নকাকত থকাটো প্ৰয়োজন । অসমীয়া, বড়ো আৰু আন আন জনগোষ্ঠীয় ভাষা এইখন অসমত প্ৰসাৰ ন'হলে ক'ত হ'ব বুলি প্ৰশ্ন উত্থাপন কৰি নতুন পদ্ধতিৰে ভাষা বিষয়ক যোগ্যতামূলক প্ৰশ্নকাকতৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ ওচৰত দাবী জনাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

কা' আন্দোলনৰ ৫ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে, আন্দোলন চলিছে, চলিব আৰু চলি থাকিব । কা' আন্দোলনত শ্বহীদ হোৱাসকলে ন্যায় পাবই লাগিব ।

উল্লেখ্য যে, অনুষ্ঠানত কা' আন্দোলনত গুলীবিদ্ধ হাতীগাঁৱৰ ৰাজেন মেধিক ৫০ হাজাৰ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰে হাতীগাঁৱৰ যুৱ ব্যৱসায়ী নুৰুল হক আৰু আজনুৰ আলীয়ে । তেওঁলোকে গুলীবিদ্ধ ভৰিত পৰিধান কৰিবৰ বাবে এযোৰ কৃত্ৰিম জোতাৰ বাবেও প্ৰদান কৰে ১০ হাজাৰ টকা ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পী জুবিন গাৰ্গ, মঞ্জুলা হাজৰিকা, জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মা, নেকিবুৰ জামান, ছেম ষ্টেফৰ্ডৰ পিতৃকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : Encounter in Dakmaka : আৰক্ষীৰ গুলীত নিহত অপহৰণকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.