ETV Bharat / state

"CAA" বিৰোধী ভোগালী মেলা... - লক্ষ্মীনন্দন বৰা ক্ষেত্ৰত CAA বিৰোধী ভোগালী মেলা

প্ৰতিবছৰে মহানগৰবাসীৰ ওচৰলৈ বিহুৰ জা-জলপান পৰা আৰম্ভ কৰি মাংস পুৰাৰ সোৱাদ দিবলৈ আয়োজন কৰা হয় বৰ অসম ভোগালী মেলা। ঢেঁকীত খুন্দি দিয়া গুড়ি সান্দহৰ পৰা, তিল পিঠা, চিৰা লাড়ুকে আৰম্ভ কৰি সৰভোগৰ দৈ পৰ্যন্ত সকলো আছে এই বৰ অসম ভোগালী মেলাত।

"CAA" বিৰোধী  ভোগৰ ভোগালী
"CAA" বিৰোধী ভোগৰ ভোগালী
author img

By

Published : Jan 11, 2020, 4:53 PM IST

Updated : Jan 6, 2023, 11:00 AM IST

গুৱাহাটী, 11 জানুৱাৰী: পদুলী মুখত ভোগৰ ভোগালী ৷ মাঘৰ বিহুৰ পৰম্পৰা ৰক্ষাৰে মহানগৰবাসীক ভোগালীৰ আনন্দৰ দিবৰ বাবে আয়োজন কৰা হৈছে ভোগালী মেলা। প্ৰতিবছৰে মহানগৰবাসীৰ ওচৰলৈ বিহুৰ জা-জলপান পৰা আৰম্ভ কৰি মাংস পুৰাৰ সোৱাদ দিবলৈ আয়োজন কৰা হয় বৰ অসম ভোগালী মেলা। ঢেঁকীত খুন্দি দিয়া গুড়ি সান্দহৰ পৰা, তিল পিঠা, চিৰা লাড়ুকে আৰম্ভ কৰি সৰভোগৰ দৈ পৰ্যন্ত সকলো আছে এই বৰ অসম ভোগালী মেলাত। মহানগৰীৰ লক্ষ্মীনন্দন বৰা ক্ষেত্ৰত বৰ অসম ভোগালী মেলাই এইবেলিয়ো আয়োজন কৰে ভোগৰ ভোগালীৰ ।

8 জানুৱাৰী পৰা আৰম্ভ হোৱা এই বৰ অসম ভোগালী মেলা কিন্তু এইবাৰ কিছু ব্যতিক্ৰম। কাৰণ ভোগালীৰ আনন্দ থাকিলেও অসমৰ বৰ্তমান স্থিতিক যেন নুই কৰিব পৰা নাই প্ৰতিজন অসমীয়াই। CAA বিৰোধী শ্লোগান আৰু CAA বিৰোধী প্লেকাৰ্ড লৈ ভোগালীৰ জলপান যোগাৰ ধৰিছে বৰ অসম ভোগালী মেলাই।

লগতে পঢ়ক: নগাঁৱত চোঁচৰাই নি আটক প্ৰতিবাদকাৰীক

ভোগালী মেলা নহয় যেন CAA বিৰোধী প্ৰতিবাদৰ আন এক ছবি এতিয়া এই মেলাত। সকলোৱে "NO CAA" বেজ পৰিধান কৰি সামগ্ৰী বিক্ৰীৰ বাবে ওলাই আহিছে । অসমৰ জাতীয় চেতনাৰ বহিঃপ্ৰকাশ ঘটিছে এই মেলাৰ জৰিয়তে। বৰ অসম ভোগালী মেলাৰ সম্পাদিকা বিনীতা দত্ত চৌধুৰীয়ে কয় যে, মৌনভাবে CAA প্ৰতিবাদৰ লগতে মেলাত কর্মসংস্কৃতিকো সন্মান জনাই যাব বৰ অসম ভোগালী মেলাই।

Last Updated : Jan 6, 2023, 11:00 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.