ETV Bharat / state

Bus fare increases in Assam: ৰাজ্যত পুনৰ বৃদ্ধি পাইছে যাত্রীবাহী বাছৰ ভাৰা

author img

By

Published : Apr 23, 2022, 7:01 PM IST

পৰিবহন মন্ত্ৰীৰ ঘোষণাক অংগুষ্ঠ প্ৰদৰ্শন কৰি পুনৰ বৃদ্ধি পালে বাছৰ ভাড়া (Bus fare increases in Assam)৷ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ অজুহাত দেখুৱাই ৰাজ্যৰ গৰিষ্ঠসংখ্যক যাত্ৰীবাহী বাছে নিয়ম বহিৰ্ভূতভাৱে যাত্ৰীৰ পৰা সংগ্ৰহ কৰিছে অতিৰিক্ত ধন ৷

Bus fare increases in Assam
ৰাজ্যত পুনৰ বৃদ্ধি পাইছে যাত্রীবাহী বাছৰ ভাৰা

গুৱাহাটী, 23 এপ্ৰিল : পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ(Petrol price hike) অজুহাত দেখুৱাই ৰাজ্যৰ গৰিষ্ঠসংখ্যক যাত্ৰীবাহী বাছে নিয়ম বহিৰ্ভূতভাৱে যাত্ৰীৰ পৰা অত্যাধিক বাছ ভাৰা আদায় কৰাৰ অভিযোগ উত্থাপিত হৈছে (Bus fare increases in Assam)। শেহতীয়াভাৱে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে কিছুদিন পূৰ্বে সদৌ অসম মটৰ পৰিবহন সন্থাই (All Assam motor transport association) যাত্ৰীবাহী বাছৰ বাছ ভাৰাৰ বাবে অসম ৰাজ্যিক পৰিবহন বিভাগক আৱেদন কৰিছিল ।

কিন্তু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যাত্ৰীবাহী যান-বাহনৰ ভাৰা বৃদ্ধি মানি লোৱা নহ'ব বুলি কেইদিনমান পূৰ্বে ঘোষণা কৰিছিল যদিও সেই ঘোষণা অসাৰ বুলি প্ৰমাণিত হৈছে (Transport ministers comments on bus fare)। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন পথত চলা যাত্ৰীবাহী বাহনে যাত্ৰীৰপৰা পূৰ্বতকৈ বেছি পৰিমাণৰ ভাৰা আদায় কৰি আছে ।

উল্লেখ্য যে যোৱা ৪ এপ্ৰিলত সদৌ অসম মটৰ পৰিবহন সন্থাই পৰিবহন আয়ুক্তলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰি ইন্ধনকে ধৰি যানবাহনৰ বিভিন্ন সামগ্ৰীৰ দামবৃদ্ধিৰ বাবে যাত্ৰীভাৰা বৃদ্ধিৰ দাবী কৰিছিল ।

প্ৰাপ্ত তথ্য মতে, এতিয়া জালুকবাৰীৰপৰা পাঠশালালৈ বাছেৰে গ'লে পূৰ্বৰ ৮০ টকাৰ সলনি ১০০ টকা, জালুকবাৰীৰ পৰা ভৱানীপুৰলৈ ১২০ টকাৰ সলনি ১৪০ টকা, জালুকবাৰীৰ পৰা ভৱানীপুৰলৈ ১৪০ টকাৰ সলনি ১৬০ টকা, নলবাৰীলৈ পূৰ্বৰ ৬০ টকাৰ সলনি ৮০ টকা, জালুকবাৰীৰপৰা তামুলপুৰলৈ ৮০ টকা আদায় লৈ আছে (Bus fare from Guwahati)।

গুৱাহাটীৰপৰা শিৱসাগৰলৈ ( নন এ চি) যাত্ৰীবাহী বাছেৰে গ'লে এতিয়া একোজন ব্যক্তিয়ে আদায় দিব লাগে ৬০০ টকা । মন কৰিবলগীয়া যে যোৱা সময়ছোৱাত কোভিডৰ বাবে বাছৰ মালিকসকলে লোকচান হোৱাৰ অজুহাত দেখুৱাই যোৱাবছৰ নিজৰ ইচ্ছামতে ভাৰা বৃদ্ধি কৰিছিল । সেইসময়তো পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বাছ ভাৰা বৃদ্ধি কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছিল । তাৰ পাছতো বাছৰ মালিকসকলে যাত্ৰীবাহী বাছৰ বাছ ভাৰা বৃদ্ধি কৰাৰ ক্ষেত্ৰত পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চকু মুদা কুলিৰ ভাও জুৰি থাকিল ।

ইপিনে গুৱাহাটীত চিটী বাছত উঠিলেই এতিয়া ১০ টকা ভাৰা আদায় দিব লাগে (Minimum fare of Guwahati city bus) । আদাবাৰীৰপৰা নাৰেংগীলৈ পূৰ্বৰ ৩০ টকাৰ সলনি ৪০ টকা বাছ ভাৰা আদায় দিবলগীয়াত পৰিছে যাত্ৰীয়ে । আদাবাৰীৰপৰা উজানবজাৰলৈ চিটী বাছত ভাৰা দিব লাগে ২০ টকা । একে সময়তে গুৱাহাটীত মেজিকত অহা-যোৱা কৰা যাত্ৰীসকলেও পূৰ্বৰ তুলনাত চিটীবাছত অধিক ভাৰা আদায় দিবলগীয়াত পৰিছে ।

উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলা পৰিবহন অধ্যক্ষ পল্লৱ গোপাল ঝাই এই ক্ষেত্ৰত ব্যৱস্থা লোৱা বুলি ঘোষণা কৰিছিল যদিও জিলা পৰিবহন অধ্যক্ষ পল্লৱ গোপাল ঝাই ঘোষণা ঘোষণাতে ৰৈ থাকিল । সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সময়ত এতিয়া অধিক ভাৰ দি যাত্ৰা কৰিবলগীয়াটো সাধাৰণ মানুহৰ বাবে যথেষ্ট কষ্টকৰ হৈ পৰিছে ।

লগতে পঢ়ক: কোনো কাৰণতে বৃদ্ধি নহয় বাছৰ ভাড়া: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.