ETV Bharat / state

Barmese supari seized in Guwahati: গুৱাহাটীত বাৰ্মিজ চুপাৰীসহ আটক বহুকেইটা সৰবৰাহকাৰী - বাৰ্মিজ চুপাৰি

ৰাজ্যত বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ (Barmese Supari) । পুনৰ জব্দ চুপাৰি ভৰ্তি বাহন । তিনিখনকৈ বাহনত সৰবৰাহ কৰা হৈছিল বাৰ্মিজ চুপাৰিখিনি । হাতীগাঁও আৰু বশিষ্ঠ আৰক্ষীৰ যৌথ অভিযানত জব্দ বাহনভৰ্তি বাৰ্মিজ চুপাৰিখিনি । অতি কৌশলপূৰ্ণভাৱে সৰবৰাহ কৰা হৈছিল চুপাৰিখিনি । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৮ সৰবৰাহকাৰীক ।

Burmese supari seized in Guwahati
গুৱাহাটীত বাৰ্মিজ চুপাৰীসহ জব্দ আটক বহুকেইটা সৰবৰাহকাৰী
author img

By

Published : Nov 2, 2022, 2:13 PM IST

গুৱাহাটী, 2 নৱেম্বৰ: বিজেপি নেতৃত্বাধীন চৰকাৰখনে শাসনৰ গাদী দখল কৰিয়েই অবৈধ ব্যৱসায়, ছিণ্ডিকেট বন্ধ কৰি সংস্কাৰ সাধনৰ কথা উল্লেখ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু ৰাজ্যত প্ৰকৃততে বিভিন্ন সামগ্ৰীৰ অবৈধ ব্যৱসায়কে ধৰি ছিণ্ডিকেট সমূহ বন্ধ হৈছেনে ? কিয়নো ৰাজ্যৰ চুকে-কোণে এতিয়াও অব্যাহত আছে বিভিন্ন নিচাজাতীয় সামগ্ৰীকে ধৰি বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায় (Barmese Supari) ৷ একাংশ মাফিয়াই অতি ৰহস্যজনকভাৱে ৰাজ্যত অব্যাহত ৰাখিছে এইসমূহ সামগ্ৰীৰ অবৈধ ব্যৱসায় ৷

শেহতীয়াকৈ গুৱাহাটী মহানগৰীত পুনৰ জব্দ হৈছে বাৰ্মিজ চুপাৰি (Burmese supari seized in Guwahati) ৷ আৰক্ষীয়ে গুৱাহাটীত বাৰ্মিজ চুপাৰীসহ জব্দ কৰিছে তিনিখনকৈ বাহন । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 8 সৰবৰাহকাৰীক (Barmese supari syndicate) । মেঘালয়ৰ পৰা চিৰাঙলৈ সৰবৰাহ কৰা সময়তে জব্দ কৰা হয় চুপাৰিখিনি । তিনিখনকৈ বাহনত সৰবৰাহ কৰা হৈছিল বাৰ্মিজ চুপাৰিখিনি ।

গুৱাহাটীত বাৰ্মিজ চুপাৰীসহ আটক বহুকেইটা সৰবৰাহকাৰী

হাতীগাঁও আৰু বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰে বাহনভৰ্তি বাৰ্মিজ চুপাৰিখিনি । অতি কৌশলপূৰ্ণভাৱে সৰবৰাহ কৰা হৈছিল চুপাৰিখিনি । ডাঙৰ বাহনৰ পৰিবৰ্তে সৰু সৰু চাৰিচকীয়া বাহনেৰে সৰবৰাহ কৰা হৈছিল চুপাৰিখিনি । মেঘালয়ৰ পৰা চিৰাং অভিমুখে যোৱাৰ পথত বশিষ্ঠত জব্দ কৰা হয় চোৰাংভাৱে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰিখিনি । বাৰ্মিজ চুপাৰিখিনিৰ লগতে গ্ৰেপ্তাৰ কৰা ৮ জন সৰবৰাহকাৰী হৈছে ক্ৰমে দীপক আৰ্য্য, ইদ্দিছ আলী, ইক্ৰামুল হুছেইন, অনু আলী, উজেৰ ইছলাম, নাচিৰ উদ্দীন বিশাল আৰ্য্য আৰু চাদ্দাম হুছেইন ।

লগতে পঢ়ক: Burmese supari syndicate: শিলচৰত গ্ৰেপ্তাৰ বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ কিংপিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.