ETV Bharat / state

বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ CIIৰ অধ্যক্ষ অভিজিত বৰুৱাৰ - budget_reaction

দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিলে 2021-22 বৰ্ষৰ দেশৰ সাধাৰণ বাজেট ৷ অসমৰ বাবেও বিশেষ পেকেজ ঘোষণা কৰা হৈছে 2021-22 বৰ্ষৰ বাজেটত ৷ সাধাৰণ বাজেটক লৈ বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে CIIৰ অধ্যক্ষ অভিজিত বৰুৱাই ৷

budget-reaction-by-abhijit-borooah
বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ CIIৰ অধ্যক্ষ অভিজিত বৰুৱাৰ
author img

By

Published : Feb 1, 2021, 4:25 PM IST

গুৱাহাটী, 1 ফেব্ৰুৱাৰী : সোমবাৰে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিলে 2021-22 বৰ্ষৰ দেশৰ সাধাৰণ বাজেট ৷ ৰাতিপুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা বাজেটত দেশৰ বিভিন্ন বিভাগৰ উন্নয়ন,নতুন আঁচনি মুকলিৰ কথা ঘোষণা কৰিলে ৷ প্ৰতিখন ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ বাবেও বিশেষ পেকেজৰ কথা ঘোষণা কৰিছে বাজেটত ৷

একেদৰে,অসমৰ বাবেও বিশেষ পেকেজ 2021-22 বৰ্ষৰ বাজেটত ৷ অসমৰ পথ নিৰ্মাণৰ বাবে 34 হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে ৷ অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকৰ বাবেও বাজেটে কঢ়িয়াই আনিছে সুখবৰ ৷ চাহ শ্ৰমিক সকলৰ বাবে বাজেটত ঘোষণা কৰা হৈছে বিশেষ আঁচনি ৷ উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ৷

বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ CIIৰ অধ্যক্ষ অভিজিত বৰুৱাৰ

এই ক্ষেত্ৰত সাধাৰণ বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে CIIৰ অধ্যক্ষ অভিজিত বৰুৱাই ৷ তেখেতে কৰ‘ণা মহামাৰীৰ পাছত এই বাজেটত ঘোষণা কৰা বিভিন্ন আঁচনি সমূহে জনসাধাৰণক উপকৃত কৰিব বুলি আশা কৰিছে ৷ তদুপৰি চিআইআইৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে অৱগত কৰোৱা কেবাটাও বিষয়ক চলিত বৰ্ষৰ বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে বুলি মন্তব্য কৰে ৷ তদুুপৰি অসম আৰু পশ্চিম বংগৰ চাহ খেতিয়কৰ বাবে ঘোষণা কৰা পেকেজৰ ফলত চাহ জনজাতীয় লোক সকলৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত যথেষ্ঠ সহায়ক হ‘ব বুলি আশা ব্যক্ত কৰিছে CIIৰ অধ্যক্ষ অভিজিত বৰুৱাই ৷

লগতে পঢ়ক: বাজেটত কি কি থাকিব,কি কি নাথাকিব LIVE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.