গুৱাহাটী, ২১ জুন : গুৱাহাটীৰ ৰাজপথত প্ৰতিবাদত নামিল বৌদ্ধ ভিক্ষু (Buddhist monk protest) । অৱশ্যে প্ৰতিবাদৰ কাৰণ অন্য নহয়, এটা জৰাজীৰ্ণ পথহে । মহানগৰীৰ বামুনিমৈদামৰ নিউ গুৱাহাটী কলনীত অৱস্থিত এটা অতি পুৰণি বৌদ্ধ মন্দিৰ হৈছে 'গুৱাহাটী বৌদ্ধ বিহাৰ'(Guwahati Buddha Vihar is very old Buddhist temple)। ১৯৭২ চনত স্থাপিত হোৱা এই আটকধুনীয়া বৌদ্ধ মন্দিৰটো গুৱাহাটীৰ প্ৰথমটো বৌদ্ধ মন্দিৰ হিচাপে স্থাপিত হৈছিল ।
সেয়ে গুৱাহাটীলৈ অহা বহু দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে এই পুৰণি বৌদ্ধ মন্দিৰটো । আনকি গুগল মেপৰ সহায়ত এই মন্দিৰটো দর্শন কৰাৰ বাবে আহে বহু ভক্ত তথা দর্শনাৰ্থী । পিছে বৌদ্ধ মন্দিৰলৈ অহা সন্মুখৰ পথটো দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰিছে । বিশেষকৈ বাৰিষাৰ সময়চোৱাত মন্দিৰলৈ অহা মূল পথৰ ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ ফলত বোকা-পানীয়ে একাকাৰ হৈ এক কদৰ্যময় পৰিবেশৰ সৃষ্টি হয় (Buddhist monk protest in Guwahati) ।
যাৰ পৰিপ্ৰেক্ষিতত মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তপ্ৰাণ ৰাইজ তথা দৰ্শনাৰ্থীয়ে পথৰ এনে দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হয় । মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক কমল চন্দ্ৰ বৰুৱাই জানিবলৈ দিয়া মতে, বৌদ্ধ মন্দিৰৰ সন্মুখৰে অহা যোৱা কৰা জৰাজীৰ্ণ পথটো মেৰামতিৰ বাবে মন্দিৰ কৰ্তৃপক্ষই কেইবাবাৰো অসম চৰকাৰৰ লোকনির্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম আৰু ৰেল বিভাগক আবেদন জনাই আহিছে যদিও এই পৰ্যন্ত সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই ।
যাৰ বাবে উপায়ন্তৰ হৈ সোমবাৰে গুৱাহাটী বৌদ্ধ বিহাৰৰ বৌদ্ধ ধর্ম গুৰুসকলৰ লগতে মন্দিৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজ একলগ হৈ বিধ্বস্ত পথটো শীঘ্ৰে মেৰামতিৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয় । বৌদ্ধ মন্দিৰটো দৰ্শন কৰাৰ বাবে দেশী বিদেশী পৰ্যটকে ভিৰ কৰাৰ পিছতো একমাত্ৰ যাতায়তৰ অনুপযোগী হৈ পৰা পথটোৰ বাবে মন্দিৰ কৰ্তৃপক্ষ লজ্জানত হোৱা বুলি উল্লেখ কৰি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জৰাজীৰ্ণ পথটো নিৰ্মাণৰ বাবে কাতৰ অনুৰোধ জনায় ।
লগতে পঢ়ক: Kokrajhar Mass beating : ধৰ্ষণৰ অভিযোগত গণ প্ৰহাৰ বাহাৰুলক