গুৱাহাটী, ২3 নৱেম্বৰ : বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে বিটিআৰত বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা আৰম্ভ হৈছে। বিটিআৰত বলিছে নিৰ্বাচনী প্ৰচাৰৰ জোৰদাৰ বতাহ। সমগ্ৰ বিটিআৰত এতিয়া কেৱল পৰিবৰ্তনৰ জোৱাৰ। হাগ্ৰামা বাহিনীৰ ১৫ বছৰীয়া ৰাজত্ব অৱসান ঘটাবলৈ বিজেপি, ইউপিপিএলকে ধৰি বহু ৰাজনৈতিক শক্তি উঠি-পৰি লাগিছে। সমান্তৰালভাৱে নৱ শৰণীয়াও লৈছে গুৰুত্বপূৰ্ণ ভূমিকা।
আনহাতে, বিজেপি-বিপিএফ আৰু ইউপিপিএলৰ কাজিয়াখন এতিয়া কুৰুক্ষেত্ৰত পৰিণত হৈছে। ৰাজ্যত বিপিএফক মিত্ৰ হিচাপে লৈ চৰকাৰ গঠন কৰা বিজেপি চৰকাৰ হঠাৎ হাগ্ৰামাৰ প্ৰতি মোহভংগ হ’ল। বিভিন্ন নিৰ্বাচনী সভাত হাগ্ৰামাৰ দূৰ্গ কঁপাই উদাত্ত কণ্ঠেৰে হিমন্ত বিশ্বই হাগ্ৰামাৰ ১৫ বছৰীয়া শাসন কালত সৰ্ববৃহত দুৰ্নীতি কৰা বুলি নিৰ্বাচনী সভাৰ ভাষণত উল্লেখ কৰিছে। কেতিয়াবা আকৌ বিধায়িকা আঙুৰলতাই থলুৱা কথাৰ সুৰেৰে নিৰ্বাচনী সভাত হাগ্ৰামাবিৰোধী মন্তব্য কৰি ভোটাৰৰ বিজেপিৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
লগতে পঢ়ক : কৰিমগঞ্জত ‘সাহিত্য মনিষী উপবন’ নামেৰে উদ্ভিদ উদ্যান মুকলি
বিজেপি-বিপিএফৰ মিত্ৰতা তথা হিমন্তবিশ্বই হাগ্ৰামাক ১৫ বছৰীয়া শাসন কালত দুৰ্নীতি কৰা বুলি কোৱা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে। শুকুৰবাৰে ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক অদীপ কুমাৰ ফুকনে কয় যে, ১৫ বছৰীয়া হাগ্ৰামাৰ শাসন কালত অসম চৰকাৰৰ বিত্ত বিভাগৰ চকীত বহি আছিল স্বয়ং হিমন্ত বিশ্ব শৰ্মাই । গতিকে বিগত ১৫ টা বছৰে হিমন্ত বিশ্বই হাগ্ৰামাৰ দুৰ্নীতি দেখা নাপালে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি হাগ্ৰামা যদি দুৰ্নীতিৰ নায়ক তেন্তে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ মহানায়ক বুলি কটাক্ষ কৰে ।
বিটিচি নিৰ্বাচন সন্দৰ্ভতো নিজৰ বক্তব্য দাঙি ধৰি বিজেপি চৰকাৰে আঞ্চলিক শক্তিক ধ্বংশ কৰাৰ ব্লুপ্ৰিণ্ট ৰচিছে বুলি অদীপ কুমাৰ ফুকনে কেতবোৰ মন্তব্য কৰে। একেটা সাক্ষাৎকাৰতে ফুকনে সমাগত বিটিচি নিৰ্বাচনত অসম জাতীয় পৰিষদে প্ৰতিদ্বন্দিতা নকৰে বুলি স্পষ্ট কৰি দিয়ে।
আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই আছু ত্যাগ কৰা তথা আছুৰ ঔৰসত জন্মগ্ৰহণ কৰা অসম জাতীয় পৰিষদত সমুজ্জ্বল ভট্টই যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নত পৰিষদৰ মুখ্য সমন্বয়গৰাকীয়ে সেয়া ভট্টৰ ব্যক্তিগত সিদ্ধান্ত বুলি মন্তব্য কৰে।
লগতে পঢ়ক : তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত জিএমছিএইছ অধ্যক্ষৰ মন্তব্য
ইপিনে, বিটিচি নিৰ্বাচনৰ পৰিৱেশ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক শৃংখল চলিহাই। যুৱনেতাগৰাকীয়ে কয় যে, বিটিএডিত এতিয়াও দুটাকৈ আঞ্চলিক শক্তি আছে। গতিকে বিজেপি-কংগ্ৰেছ-এআইইউডিএফ আদি যিয়েই নহওক সকলো উত্খাত হৈ আঞ্চলিক শক্তিৰ চৰকাৰ হোৱাটো ৰাইজৰ দলে বিচাৰিছে। আনহাতে, হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুসৰি হাগ্ৰামা মহিলাৰীয়ে বহুতো দুৰ্নীতি কৰিলে। কিন্তু সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই বিত্তমন্ত্ৰী আছিল। যদি হাগ্ৰামা মহিলাৰী ভ্ৰষ্ট হয় তেন্তে হিমন্ত বিশ্ব শৰ্মাও ভ্ৰষ্ট বুলি মন্তব্য কৰি বিজেপি কংগ্ৰেছক ভোট নিদি হাগ্ৰামাই হওক বা আন আঞ্চলিক দলক শাসনত অধিষ্ঠিত কৰোৱাবলৈ বিটিচিবাসীক আহ্বান জনায়।
ইপিনে, বৰ্তমান সময়ত ৰাজনীতি বোকা ছতিওয়া আৰু গাদী দখল কৰাই মূল উদ্দেশ্য বুলি অভিহিত কৰিছে তেজপুৰৰ এগৰাকী বিশিষ্ট সমাজ কৰ্মী তথা সাহিত্যিক নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে । বৰ্তমান বিটিআৰ ত নিৰ্বাচনী প্ৰচাৰ অভিযানত দুগৰাকী ৰাজনৈতিক নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বি টি চি ৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীৰ মাজত হোৱা ৰাজনৈতিক ক্ষমতা দখলৰ বাবে ইজনে সিজনক ভৎসনা কৰা যি পদ্ধতি অৱলম্বন কৰিছে সেয়া বাৰুকৈয়ে অসমৰ পৰৱৰ্তী সময়ত নতুন প্ৰজন্মৰ মাজত এক অন্য প্ৰভাৱ বিস্তাৰ কৰিব বুলি মন্তব্য কৰে কাকতিয়ে ।
লগতে পঢ়ক: আলফা (স্বা) ৰ ছেকেণ্ড লেঃ প্ৰান্তিক অসমক আটক