ETV Bharat / state

অসমত বাঢ়িল বিএছএফৰ ক্ষমতা

অসমৰ সৈতে সংলগ্ন হৈ থকা আন্তৰ্জাতিক সীমান্তৰ ৫০ কিলোমিটাৰৰ ভিতৰত এতিয়াৰে পৰা বি এছ এফে অভিযান চলাব পাৰিব, গ্ৰেপ্তাৰ কৰিব পাৰিব আৰু সামগ্ৰী বাজেয়াপ্তও কৰিব পাৰিব । পূৰ্বতে বি এছ এফে সীমান্তৰ ১৫ কিলোমিটাৰৰ ভিতৰতহে এই ক্ষমতা লাভ কৰিছিল ।

author img

By

Published : Oct 16, 2021, 5:32 PM IST

অসমত বাঢ়িল বিএছএফৰ ক্ষমতা
অসমত বাঢ়িল বিএছএফৰ ক্ষমতা

গুৱাহাটী, ১৬ অক্টোবৰ : সেনা বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) প্ৰয়োগেৰে কেন্দ্ৰীয় চৰকাৰে অসমত সেনাক সৰ্বোচ্চ ক্ষমতা ন্যস্ত কৰি থোৱাৰ পিছত এইবাৰ ক্ষমতা বৃদ্ধি কৰিছে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) ৰো । শেহতীয়াকৈ দেশৰ তিনিখন ৰাজ্য ক্ৰমে অসম, পশ্চিমবংগ আৰু পঞ্জাৱত বৃদ্ধি কৰা হৈছে বিএছএফৰ ক্ষমতা ।

অসমত বাঢ়িল বিএছএফৰ ক্ষমতা
অসমত বাঢ়িল বিএছএফৰ ক্ষমতা

সেই অনুসৰি অসমৰ সৈতে সংলগ্ন হৈ থকা আন্তৰ্জাতিক সীমান্তৰ ৫০ কিলোমিটাৰৰ ভিতৰত এতিয়াৰে পৰা বি এছ এফে অভিযান চলাব পাৰিব, গ্ৰেপ্তাৰ কৰিব পাৰিব আৰু সামগ্ৰী বাজেয়াপ্তও কৰিব পাৰিব । পূৰ্বতে বি এছ এফে সীমান্তৰ ১৫ কিলোমিটাৰৰ ভিতৰতহে এই ক্ষমতা লাভ কৰিছিল ।

মনকৰিবলগীয়া যে, অসম, পশ্চিমবংগ আৰু পঞ্জাৱ সীমান্তত বিএছ এফৰ এই ক্ষমতা ১৫ কিলোমিটাৰৰ পৰা ৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ বিপৰীতে গুজৰাটত ক্ষমতা হ্ৰাস কৰা হৈছে বিএছএফৰ । গুজৰাটত পূৰ্বতে সীমান্তত ৮০ কিলোমিটাৰ পৰ্যন্ত বিএছএফে এই অধিকাৰ পাইছিল যদিও এতিয়াৰে পৰা সেয়া ৫০ কিলোমিটাৰলৈ হ্ৰাস কৰা হৈছে ।

উল্লেখযোগ্য যে, অসমৰ সৈতে বাংলাদেশৰ সীমান্ত সংলগ্ন হৈ আছে এক বৃহৎ অঞ্চল জুৰি । ইতিমধ্যে এই সীমান্তৰ ২০১.৫১ কিলোমিটাৰত কাটা তাঁৰৰ বেৰ স্থাপন কৰা হৈছে । ৬১.৪৯ কিলোমিটাৰৰ আৰু ১৩.৩৮ কিলোমিটাৰৰ আন দুটা সীমান্ত অঞ্চলত কাটা তাৰৰ বেৰ দিয়াৰ প্ৰক্ৰিয়া চলি আছে ।

আনহাতে অসম-বাংলাদেশৰ নদী সীমান্ত আছে ৪৮.১১ কিলোমিটাৰ । একেদৰে, অসমৰ সৈতে সংলগ্ন হৈ আছে ২৬৫.০৮ কিলোমিটাৰ ভূটান সীমান্ত । ভূটানৰ সৈতে সংলগ্ন হৈ থকা অসমৰ কেইখনমান জিলাৰ সীমান্ত অঞ্চল হ'ল ক্ৰমে বাক্সাত ৯০ কিলোমিটাৰ, চিৰাঙত ৭০ কিলোমিটাৰ, কোকৰাঝাৰত ৪০ কিলোমিটাৰ আৰু ওদালগুৰিত ৮০ কিলোমিটাৰ ।

ঠিক একেদৰে বাংলাদেশৰ সৈতে থকা সীমান্ত অঞ্চল হ'ল কৰিমগঞ্জত ৩ কিলোমিটাৰ, কাছাৰত ৭০ কিলোমিটাৰ, ধুবুৰীত ৯০ কিলোমিটাৰ আৰু মানকাচৰ দক্ষিণ শালমাৰাত ৬৩ কিলোমিটাৰ ।

লগতে পঢ়কঃ পৰম্পৰাগত পোছাকেৰে বালিসত্ৰ বামন গোঁসাই থানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.