ETV Bharat / state

অসম সীমান্তত অবৈধ অনুপ্ৰৱেশৰ চেষ্টা কৰা ১০ বাংলাদেশী আটক

author img

By

Published : Aug 7, 2021, 7:43 PM IST

সীমান্ত সুৰক্ষা বাহিনীয়ে শনিবাৰে কোনো বৈধ নথি অবিহনে অবৈধভাৱে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰা কেইবাজনো লোকক আটক কৰিবলৈ সক্ষম হয় । আটকাধীনসকলৰ ভিতৰত পাঁচগৰাকী শিশু আৰু চাৰিগৰাকী মহিলাও আছে ।

International Border in Assam
অসম সীমান্তত অবৈধ অনুপ্ৰৱেশৰ চেষ্টা কৰা ১০ বাংলাদেশী আটক

গুৱাহাটী, ৭ আগষ্ট : দেশত ক'ভিডৰ (Covid) সংক্ৰমণ অব্যাহত থকাৰ মাজতো সীমান্ত অঞ্চলত সষ্টম হৈ আছে সীমান্ত সুৰক্ষা বাহিনী (BSF) । ভাৰত-বাংলাদেশ সীমান্ত আৰু ভাৰত পাকিস্তান সীমান্তত ড্ৰাগছ, অস্ত্ৰ-শস্ত্ৰ, গৰু, নকল মুদ্ৰা আৰু মানৱ সৰবৰাহৰ ঘটনাবোৰ যাতে সংঘটিত হ'ব নোৱাৰে তাৰ বাবে বিএছএফ আৰু বৰ্ডাৰ আউটপ'ষ্ট (BOP) সমূহক কঠোৰভাৱে নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰে ।

ইয়াৰ মাজতে সীমান্ত সুৰক্ষা বাহিনীয়ে শনিবাৰে কোনো বৈধ নথি অবিহনে অবৈধভাৱে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰা কেইবাজনো বাংলাদেশৰ নাগৰিকক আটক কৰিবলৈ সক্ষম হয় । গুৱাহাটী সীমান্তৰ অধীনৰ ১৯২ বেটেলিয়নৰ বিএছএফ জোৱানসকলে আটক কৰে প্ৰায় ১০ গৰাকীকৈ লোকক ।

আটকাধীনসকলৰ ভিতৰত পাঁচগৰাকী শিশু আৰু চাৰিগৰাকী মহিলাও আছে । ইফালে গুৱাহাটী সীমান্তৰ অন্তৰ্গত বৰ্ডাৰ আউটপ'ষ্ট (BOP) সতভাণ্ডাৰীত বিএছএফৰ নিযুক্তিৰ এদিন পিছতে এক বিশেষ অভিযানত অবৈধ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰিবলৈ সক্ষম হৈছে আৰক্ষী তথা বিএছএফ ।

লগতে ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা কৰা ২৫ কিলোগ্ৰাম গাঞ্জাও জব্দ কৰে অভিযানকাৰী দলে । ইফালে মহামাৰীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সামগ্ৰীৰ অবৈধ সৰবৰাহৰ সন্দেহ কৰিয়ে সীমান্ত অঞ্চলত সুৰক্ষা বাহিনীয়ে তেওঁলোকৰ সকলো টহলদাৰী বাহিনী আৰু বিঅ'পিক এই সময়ছোৱাত অধিক সতৰ্ক হ'বলৈ নিৰ্দেশ দিছে ।

উল্লেখ্য যে, ভাৰত আৰু বাংলাদেশৰ মাজত ৪,০৯৬ কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা (International border) আছে, যি হৈছে বিশ্বৰ পঞ্চম দীৰ্ঘতম স্থল সীমান্ত । ইয়াৰ ভিতৰত আছে অসমত ২৬৩ কিলোমিটাৰ, ত্ৰিপুৰাত ৮৫৬ কিলোমিটাৰ, মিজোৰামত ৩১৮ কিলোমিটাৰ, মেঘালয়ত ৪৪৩ কিলোমিটাৰ আৰু পশ্চিমবংগত ২,২১৭ কিলোমিটাৰ । অসমত থকা বাংলাদেশ সীমান্তৰ ভিতৰত ১৪৩.৯ কিলোমিটাৰ অঞ্চল ভূমি আৰু ১১৯.১ কিলোমিটাৰ নদীয়ে আৱৰি আছে ।

লগতে পঢ়ক :মেৰাপানীত NSCNৰ শিবিৰ ধ্বংস কৰিলে অসম ৰাইফলছে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.