ETV Bharat / state

Assam CM in BJP office at Basistha; বাঁহেৰে AEC ত বায়’ দেৱাল নিৰ্মাণ কৰা হ’ব : মুখ্যমন্ত্ৰী - সকলো মহাবিদ্যালয়ৰ বাউণ্ডেৰী ওৱাল

‘‘বাঁহেৰে নিৰ্মাণ কৰা হ’ব সকলো মহাবিদ্যালয়ৰ বাউণ্ডেৰী ৱাল ৷ এই সিদ্ধান্ত আগন্তুক কেবিনেটত লোৱা হ’ব ৷’’ বৃহস্পতিবাৰে বিজেপি কাৰ্যালয়ত উপস্থিত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Boundary walls of all colleges will be constructed of bamboo)৷

Assam CM in BJP office at Basistha
সমাগত ২০২৪ ৰ লোকসভা নিৰ্বাচন
author img

By

Published : Jun 2, 2023, 8:53 AM IST

Updated : Jun 2, 2023, 2:03 PM IST

সমাগত ২০২৪ ৰ লোকসভা নিৰ্বাচন

গুৱাহাটী, ২ জুন : ‘‘মেডিকেল কলেজৰ CCTV কেমেৰা দুটামান বেয়া হৈ আছে ৷ যাৰ ফলত মেডিকেল কলেজৰ অধ্যাপকসকল কেতিয়া আহিছে বা কেতিয়া গৈছে তাৰ দৃশ্যাংশৰ তথ্য বিভাগীয় শীৰ্ষ বিষয়াই লাভ কৰা নাই ৷ বৰ্তমানৰ নিয়ম অনুসৰি মেডিকেল কলেজৰ মূল প্ৰৱেশদ্বাৰত থকা CCTV কেমেৰাৰ জৰিয়তে সকলো দৃশ্যাংশ NMCH ত চাই থাকে ৷ সেয়ে মেডিকেল কলেজৰ CCTV কেমেৰা দুটামান বেয়া হৈ থকাৰ তথ্য মেডিকেল কাউন্সিলে জানিব পাৰি অলপ বেয়া পাইছে। চিন্তা কৰিবলগীয়া বিষয় নহয় । শীঘ্রে সমাধান হ’ব ।’’ মেডিকেল কলেজৰ স্বীকৃতি হেৰুওৱা বিষয় সন্দৰ্ভত বৃহস্পতিবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰসংগতো কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘বাউণ্ডেৰী ৱাল থাকিলেই নহ’ব, ছাত্ৰ-ছাত্ৰীৰ মানসিকতা সলনি কৰিব লাগিব ৷ এইবাৰ ভাবিছো পকী ৱালৰ বিপৰীতে বায়’ ৱাল দিব লাগিব সকলো মহাবিদ্যালয়ত ৷ তেনে কৰিলে ৱালো হ’ব, প্ৰকৃতিৰ ভাৰসাম্যও বৰ্তি থাকিব’’ (Boundary walls of all colleges will be constructed of bamboo) ৷

তেওঁ অভিযান্ত্ৰিক মহাবিদ্যালয় ছাত্ৰৰ দুৰ্ঘটনাৰ প্ৰসংগত কয়, ‘‘দুৰ্ঘটনাটোত মৃত্যু হোৱাৰ প্ৰথম দুটা দিন যিহেতু নীতি নিয়মৰ কথা থাকে, সেয়েহে মই একো সিদ্ধান্ত লোৱা নাছিলো । দুটা দিন উকলি যোৱাৰ পিচত AEC ৰ নিৰপেক্ষ তদন্তৰ খাতিৰত অধ্যক্ষ আৰু অধীক্ষকক বাধ্যতামূলক ছুটিত যাবলৈ দিয়া হৈছে । এই ঘটনাৰ পিচতে যিহেতু অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ বহুতো কথা পোহৰলৈ আহিছে । সেয়েহে শিক্ষা বিভাগৰ এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে’’ ।

উল্লেখ্য যে, সমাগত ২০২৪ ৰ লোকসভা নিৰ্বাচন । সেয়েহে এতিয়া VIP-VVIP নেতাৰ সঘন আহ যা বাঢ়িছে বিজেপি কাৰ্যালত । বৃহস্পতিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । দলৰ সাংগঠনিক দিশটো পৰ্যালোচনা কৰাৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী (Assam CM in BJP office at Basistha)। লগতে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ ৯ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ১৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া ১৪ খন জনসভাৰ বিষয়ে আলোচনা কৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

তেওঁ আৰু কয়, ‘‘১৪ টা লোকসভা সমষ্টিত ১৪খন জনসভা হ’ব । সেই জনসভাকেইখন আমি ভাগ ভাগ কৰি লৈছো ৷ কোনোখনত যদি মই নিজে উপস্থিত থাকো, তেন্তে আন কোনোখনত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, আন এখন সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্মবানন্দ সোণোৱাল বা ৰামেশ্বৰ তেলী উপস্থিত থাকিব ৷ ইয়াৰে কোনো এখন সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং নাইবা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাগ ল’ব । বৰ্তমান পৰ্যন্ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব নে নাই সেই সন্দৰ্ভত কোনো নিশ্চয়তা নাই’’ ৷

লগতে পঢ়ক : BJP’s internal conflicts : অসম বিজেপিৰ আভ্যন্তৰীণ বিবাদ; কাজিয়া ভাঙোতে আহৰি নাইকিয়া হৈছে ৰাজ্যিক বিজেপি সভাপতিৰ

Last Updated : Jun 2, 2023, 2:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.