ETV Bharat / state

Assam Book Fair 2022 : পঞ্চম দিনাও লোকাৰণ্য অসম গ্ৰন্থমেলাৰ বাকৰি

author img

By

Published : Jan 2, 2023, 10:47 PM IST

অসম গ্ৰন্থমেলাৰ আজি পঞ্চমটো দিন ৷ পঞ্চম দিনাও গ্ৰন্থপ্ৰেমীৰ সমাবেশে জীপাল কৰি তুলিলে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলাত (Assam Book Fair 2022) ৷

Bookworms flock to Assam Book Fair 2022
গ্ৰন্থপ্ৰেমীৰ সমাবেশে জীপাল অসম গ্ৰন্থমেলাৰ বাকৰি

গুৱাহাটী, 2 জানুৱাৰী : লোকাৰণ্য হৈ পৰিছে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ বাকৰি (Assam engineering Institute playground) ৷ দ্বিতীয়বাৰৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই (All Assam Publishers and Booksellers Association) যৌথভাৱে আয়োজন কৰা এই গ্ৰন্থমেলাত পাঠক আৰু পঢ়ুৱৈৰ ব্যাপক সমাগম ঘটা পৰিলক্ষিত হৈছে । 12 দিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাৰ আজি পঞ্চমটো দিন (Assam Book Fair 2022)।

2022 চনৰ 29 ডিচেম্বৰৰ পৰা আয়োজিত হোৱা এই গ্ৰন্থমেলাত বৰ্তমানলৈকে হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটিছে ৷ ব্যতিক্ৰম নহয় অসম গ্ৰন্থমেলাৰ পঞ্চমটো দিনটোও । বিগত চাৰিটা দিনত 1 কোটি টকাতকৈ অধিক গ্ৰন্থ বিক্ৰী হৈছে এই গ্ৰন্থমেলাত (Book selling at Assam Book Fair 2022) ।

যাক লৈ এতিয়া স্বাভাৱিকতেৃ উৎফুল্লিত হৈ পৰিছে ব্যৱসায়ী তথা প্ৰকাশন গোষ্ঠীৰ লোকো ৷

লগতে পঢ়ক : Assam Book Fair 2022: দ্বিতীয় দিনা গ্ৰন্থপ্ৰেমীৰ সমাৱেশত জীপাল অসম গ্ৰন্থমেলা

আনকি সমাদৰ লাভ কৰিছে বহু ন-পুৰণি লেখক-লেখিকাৰ গ্ৰন্থই । হাতে হাতে কিতাপৰ টোপলালৈ নিজৰ পচন্দৰ গ্ৰন্থ বিচাৰি বিপনীয়ে বিপনীয়ে ভিৰ কৰিছে গ্ৰন্থপ্ৰেমীসকলে । অসম গ্ৰন্থমেলাৰ পঞ্চমটো দিনাও উন্মোচন কৰা হ’ল ন পুৰণি লেখক-লেখিকাৰ কেইবাখনো গ্ৰন্থ ।

সংবাদ মাধ্যমৰ আগত প্ৰকাশকসকলে জনোৱা মতে, এইবাৰ পঢ়ুৱৈসকলে বিশেষকৈ নতুন নতুন গ্ৰন্থ বিচাৰিছে । এইবাৰ গ্ৰন্থমেলাত নতুন লেখকৰ সমাদৰ বাঢ়িছে । বিশেষকৈ উপন্যাসৰ বিক্ৰী অধিক হোৱাৰ লগতে শিশু সাহিত্যৰ বিক্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে ।

অম্লান দেউৰীৰ ‘‘ভালেই আছো ভালেই আছো’’, হিৰণ্য কাশ্যপৰ ‘সপোন’ , প্ৰাৰ্থনা শইকীয়াৰ ‘ফাৰাও’, মনোজ কুমাৰ গোস্বামীৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত ‘‘ভুল সত্য’’ ইত্যাদিৰ লগতে হীৰেন গোহাঁইৰ ৰচনাৱলীয়ে পঢ়ুৱৈৰ মাজত অধিক সমাদৰ লাভ কৰিছে । তদুপৰি শিশু সাহিত্যৰ বুঢ়ী আইৰ সাধু অধিক বিক্ৰী হৈছে বুলিও উল্লেখ কৰে প্ৰকাশকসকলে ৷

পূৰ্বৰ দৰে এইবাৰো অসম গ্ৰন্থমেলাত বহিঃ ৰাজ্যৰ প্ৰকাশন গোষ্ঠীও আহিছে ৷ তাৰ মাজতে নাম ল’ব লাগিব কলিকতাৰ এটা প্ৰকাশন গোষ্ঠী প্ৰতিশ্ৰুতি ৷ এই প্ৰকাশন গোষ্ঠীৰ বিপণিত কেৱল হিন্দীৰ কিতাপহে উপলব্ধ ৷ এই কথা উল্লেখ কৰিছে অসম প্ৰকাশন পৰিষদ আৰু প্ৰকাশক গোষ্ঠীৰ সচিব প্ৰমোদ কলিতাই ৷

লগতে পঢ়ক : Assam Book Fair 2022: অসম গ্ৰন্থমেলাত 4 দিনত 1 কোটি টকাৰ গ্ৰন্থ বিক্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.