গুৱাহাটী, ২৬ এপ্ৰিল: আগন্তুক ২০২৩-২৪ বৰ্ষৰ অসম গ্ৰন্থমেলা আয়োজনৰ বাবে সাজু হৈছে অসম প্ৰকাশন পৰিষদ (Book Fair of Assam Prakashan Parishad)। ইতিমধ্যে গুৱাহাটীৰ লগতে হাফলং, উত্তৰ লখিমপুৰ, শিৱসাগৰ, শিলচৰৰ লগতে নামনি অসমৰ দুখন চহৰত গ্ৰন্থমেলা আয়োজনৰ বাবে অসম প্ৰকাশন পৰিষদে কাৰ্যসূচী প্ৰস্তুত কৰিছে ।
বুধবাৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক-বিক্ৰেতা সন্থাই মহানগৰীৰ বামুনিমৈদামস্থিত প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত আয়োজন কৰে এক সংবাদমেলৰ ৷ এই সংবাদমেলতে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আগন্তুক অসম গ্ৰন্থমেলাৰ স্থান আৰু দিন ঘোষণা কৰে (Press Meet of Assam Prakashan Parishad )।
সেই অনুসৰি পোন প্ৰথমবাৰৰ বাবে অহা ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ সাত দিনিয়া বিস্তৃত কাৰ্যসূচীৰে হাফলঙ চহৰত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা । উল্লেখ্য় যে, কাৰ্বি আংলং জিলাৰ ডিফুত যোৱা ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা 2023-24 (Assam Book Fair 2023-24) ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ লগতে কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই গ্ৰন্থমেলা (All Assam Book Publishers and Sellers Association) ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত তথা কাৰ্বি আংলং জিলা প্ৰকাশনৰ সহযোগত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলাত পাঠকৰ পৰা বিপুল সঁহাৰি লাভ কৰা হৈছিল ।
ইয়াৰ পৰৱৰ্তী সময়ত লখিমপুৰ চহৰত অহা ৩১ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈকে, শিৱসাগৰত ১৮ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈকে আৰু শিলচৰত ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব । ইফালে, গুৱাহাটীত ২৯ ডিচেম্বৰৰ পৰা ১ জানুৱাৰী ২০২৪ লৈকে চানমাৰিব অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ'ব । এইবাৰ গ্ৰন্থমেলাত ৬০ খনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লখ কৰি প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে, ইয়াৰ ভিতৰত শিশু উপযোগী গ্ৰন্থ থাকিব ৪০ খন ।
আনহাতে, নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া বিশ্ব গ্ৰন্থমেলা আৰু কলকাতাত অনুষ্ঠিতব্য় কলকাতা গ্ৰন্থ মেলাতো অসম প্ৰকাশন পৰিষদে অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই । আজিৰ সংবাদ মেলাত অসম প্ৰকাশন পৰিষদৰ সহকাৰী সচিব মুনীন্দ্র চন্দ্ৰ মেধি, বিশেষ কর্তব্যৰত বিষয়া মিংকু হাজৰিকা, উপৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উপ-সভাপতি বাহাবল ইছলাম চৌধুৰী, সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী আৰু সহকাৰী সম্পাদক প্রবোধ দাস উপস্থিত থাকে ।
লগতে পঢ়ক:Palash Moran missing case: অৰুণাচলৰ আপাৰ চিংহাঙত উদ্ধাৰ আলফা কেডাৰ পলাশ মৰাণৰ মৃতদেহৰ অৱস্থিতি