ETV Bharat / state

প্ৰায় ২০-২৫ লাখ টকাৰ বাজেটেৰে সাজু ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনী - ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনী

বাপতি সাহন ৰঙালী বিহুটি আদৰিবলৈ সাজু ৰাজ্যবাসী (Bihu preparation in Assam)৷ বাদ পৰি ৰোৱা নাই ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনী ৷ প্ৰায় ২০-২৫ লাখ টকাৰ বাজেটেৰে অনুষ্ঠিত কৰা হ’ব ঐতিহাসিক ৭১ সংখ্যক গুৱাহাটী বিহু সন্মিলনী, লতাশিল ৷

Bohag Bihu preparation
প্ৰায় ২০-২৫ লাখ টকাৰ বাজেটেৰে সাজু ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনী
author img

By

Published : Mar 27, 2022, 8:39 PM IST

গুৱাহাটী, ২৭ মাৰ্চ : ক’ভিড সৃষ্ট পৰিৱেশৰ পিছত বাপতি সাহন ৰঙালী বিহুটি কোনো ধৰণৰ বাধা নথকাকৈ উদযাপন কৰাৰ বাবে সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী (Bohag Bihu preparation in Assam)। তাঁতৰ শালতো ব্যস্ততা বাঢ়িছে শিপিনীৰ ৷ ইয়াৰ সমান্তৰলকৈ ব্যস্ততা বাঢ়িছে বিহু উদযাপক সন্মিলনীসমূহৰো ।

Bohag Bihu preparation
বাপটিসাহন ৰঙালী বিহুটি আদৰিবলৈ সাজু ৰাজ্যবাসী

দুটা বছৰৰ ক’ভিড সৃষ্টি পৰিৱেশৰ বাবে ৰাজ্যত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল বিহুৰ ৷ কিন্তু এইবাৰ কোনো ধৰণৰ ক’ভিড নীতি-নিয়ম নোহোৱাকৈ অধিক সুন্দৰভাৱে বিহুৰ অনুষ্ঠান আয়োজন কৰিব বুলি আশা প্ৰকাশ কৰিছে আয়োজকসকলে । বাদ পৰি ৰোৱা নাই ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনীও (Historic Guwahati bihu sanimilani) ৷

প্ৰায় ২০-২৫ লাখ টকাৰ বাজেটেৰে সাজু ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনী

ঐতিহাসিক ৭১ সংখ্যক গুৱাহাটী বিহু সন্মিলনী, লতাশিল এই বৰ্ষত প্ৰায় ২০-২৫ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে সন্মিলনীৰ উপদেষ্টা কৈলাশ শৰ্মাই ৷ লগতে তেওঁ কয় যে, লতাশিল খেলপথাৰত ১৪-১৭ এপ্ৰিললৈ অনুষ্ঠিত হ’ব বিহুৰ কাৰ্যসূচী ।

আনহাতে, ৰাজ্য চৰকাৰে ১০ বছৰতকৈ অধিক পুৰণি বিহু সমিতিসমূহক ডেৰ লাখ টকাৰ অনুদান আগবঢ়াব বুলি এক ঘোষণা কৰিছিল ৷ ৰাজ্য চৰকাৰৰ এই ঘোষনাক আদৰণি জনাইছে গুৱাহাটী বিহু সন্মিলনীৰ উপদেষ্টাগৰাকীয়ে ৷ লগতে তেওঁ কয় যে, চৰকাৰৰ এই অনুদানে বিহু সন্মিলনীসমূহক কিছু পৰিমাণে সকাহ দিব । ভবিষ্যতে এই অনুদানৰ পৰিমাণ বঢ়াই দিবলৈ চৰকাৰক আহ্বান জনায় ।

ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীত গৰু বিহুৰ দিনটোত মুকলি বিহু অনুষ্ঠিত হোৱাৰ লগতে পৰম্পৰাগত বিভিন্ন প্ৰতিযোগীতামূলক অনুষ্ঠান আদি অনুষ্ঠিত কৰা হ’ব । তদুপৰি প্ৰতিবছৰ দৰে এইবাৰো বিহু কুঁৱৰী, বিহুৰাণী, বিহু সম্ৰাগ্ৰী প্ৰতিযোগীতা অনুষ্ঠান অনুষ্ঠিত হ’ব ।

আনকি, সাংস্কৃতিক সন্ধিয়াত কেইবাগৰাকী জনপ্ৰিয় শিল্পী থকাৰ উপৰিও স্থানীয় শিল্পীৰ লগতে উদীয়ান শিল্পীও উপস্থিত থাকিব বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.