ETV Bharat / state

Sensational incident in Guwahati : গুৱাহাটীত বোৱাৰীৰ চাঞ্চল্যকৰ মৃত্যু

গুৱাহাটীৰ নুনমানটিস্থিত ইণ্ডিয়া কাৰ্বন ফেক্টৰীৰ আবাসত ৰহস্যজনকভাৱে উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ (Mysterious death case in Noonmati)। মহিলাগৰাকীক স্বামীয়ে যৌতুকৰ বাবে শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ । স্বামীৰ বিৰুদ্ধে মহিলাগৰাকীৰ মাতৃৰ পৰিয়ালৰ গোচৰ । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

author img

By

Published : May 12, 2022, 1:05 PM IST

Sensational incident in Guwahati
গুৱাহাটীত বোৱাৰীৰ চাঞ্চল্যকৰ মৃত্যু

গুৱাহাটী, ১২ মে' : গুৱাহাটীৰ নুনমাটিত চাঞ্চল্যকৰ ঘটনা । ঘৰৰে ভিতৰতে এগৰাকী বোৱাৰীৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি ব্যাপক চাঞ্চল্য (Women dead body found inside the house)। যৌতুকৰ বাবে বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ (Accused of killing woman for dowry)।

উল্লেখ্য যে মঙলবাৰে বিয়লি নুনমাটিস্থিত ইণ্ডিয়া কাৰ্বন ফেক্টৰীৰ আবাসত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ (Body of a woman found in Noonmati)। ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ । উক্ত ঘটনাৰ ২৪ ঘণ্টা পাৰ হোৱাৰ পাছতে ঘটনাই লৈছে নতুন মোৰ (Mysterious death case in Noonmati)।

মহিলাগৰাকীৰ মাতৃৰ পৰিয়ালে অভিযোগ কৰা মতে স্বামীয়ে যৌতুকৰ বাবে তেওঁক ডিঙি চেপি হত্যা কৰিছে (Family suspects murder by husband)। ইতিমধ্যে মহিলাগৰাকীৰ মাতৃৰ পৰিয়ালে নুনমাটি থানাত দাখিল কৰিছে এজাহাৰ । আনফালে এই অভিযোগ সম্পূৰ্ণ নস্যাত কৰিছে স্বামী ৰাজীৱ সিনহাই ।

জানিব পৰা মতে প্ৰায় চাৰি বছৰ পূৰ্বে তেওঁলোকে বিবাহপাশত আবদ্ধ হৈছিল । ইণ্ডিয়া কাৰ্বন নামৰ উদ্যোগটোৰ সঞ্চালক শ্যামল ভট্টাচাৰ্যৰ গাড়ীচালক ৰূপে কৰ্মৰত মহিলাগৰাকীৰ স্বামী ৰাজীৱ সিনহা । ইফালে অভিযোগ অনুসৰি ইয়াৰ পূৰ্বে ৰাজীৱ সিনহাৰ আছিল আন দুগৰাকী পত্নী । কন্যাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে বুধবাৰে পুৱাৰ ভাগত মাতৃ গৃহৰ লোক গুৱাহাটীত উপস্থিত হৈছিল ।

স্বামী ৰাজীৱ সিনহাৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত পৰিয়ালে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছত পোহৰলৈ আহিছে ন ন তথ্য । সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য অনুসৰি বিয়া হোৱাৰ দিনৰ পৰা যৌতুকৰ বাবে ৰাজীৱে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল পত্নীক । ভিন্ন সময়ত ধন দাবী কৰিও পত্নীক মাৰধৰ কৰিছিল স্বামী ৰাজীৱে । বহু কাজিয়া আৰু অশান্তিৰ মাজতে এটি কন্যা সন্তানৰ মাক হৈছিল যদিও তেওঁৰ ওপৰত অত্যাচাৰ কৰিব এৰা নাছিল স্বামীয়ে ।

সেয়ে উপায়হীন হৈ স্বামীয়ে গাড়ী চলোৱা একেটা কাৰ্বন কোম্পানীতে কাম কৰিব লৈছিল মহিলাগৰাকীয়ে । কিন্তু হঠাৎ কোম্পানীটোৰ আবাস গৃহতে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ কৰা মতে স্বামী ৰাজীৱে ষড়যন্ত্ৰমূলকভাৱে প্ৰথমে হত্যা কৰি পিছত এই ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে । আনকি আৰক্ষী অহাৰ পূৰ্বে ডিঙিত চিপ লোৱা শাৰীখনো খুলি দিছিল স্বামীয়ে ।

অৱশ্যে এই অভিযোগ স্বামীয়ে মিছা বুলি দাবী কৰিছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰা হৈছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে ঘটনাৰ ৰহস্য বহুখিনি পোহৰলৈ আহিব ।

লগতে পঢ়ক :Murder in Sonitpur: স্বামীৰ প্ৰহাৰত প্ৰাণ গ’ল তিনি সন্তানৰ মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.