ETV Bharat / state

দেশৰ নিৰ্বাচন আয়োগৰ তথ্য বিসংগতিৰ অভিযোগ কংগ্ৰেছৰ - নিৰ্বাচন আয়োগৰ তথ্য বিংগতি

Bobita Sarma on ECI : ববিতা শৰ্মাই অভিযোগ কৰে যে ২০২১ চনত অসমত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । কিন্তু ২০২১ চনত অসমত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ভোট কেন্দ্ৰৰ তথ্য আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তথ্য ৱেব ছাইটটোৰ পৰা আঁতৰ কৰা হৈছে ।

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ ববিতা শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 7:14 PM IST

দেশৰ নিৰ্বাচন আয়োগৰ তথ্য বিংগতিৰ অভিযোগ ববিতা শৰ্মাৰ

গুৱাহাটী, ১২ জানুৱাৰী : সমাগত লেকসভা নিৰ্বাচন । দেশৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধী উভয় দলেই এতিয়া নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে । কিন্তু তাৰ মাজতেই দেশৰ নিৰ্বাচন আয়োগৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মাই । দেশৰ নিৰ্বাচন আয়োগে শেহতীয়াকৈ আয়োগৰ form 20-ৰ‌ পৰা তথ্য আঁতৰোৱাৰ অভিযোগ কৰিছে কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই ।

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত ববিতা শৰ্মাই অভিযোগ কৰি কয় যে শেহতীয়াকৈ দেশৰ নিৰ্বাচন আয়োগৰ তথ্যত বিংগতি দেখা পোৱা গৈছে । তেওঁ অভিযোগ কৰে যে আয়োগৰ form 20-ৰ‌ পৰা ভোট কেন্দ্ৰৰ তথ্য আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তথ্য আঁতৰ কৰা দেখা হৈছে । আয়োগৰ ৱেৱ ছাইটত ২০২১ চনৰ এই তথ্য আঁতৰ কৰা বুলি ববিতা শৰ্মাৰ অভিযোগ ।

তেওঁ ‌কয়, "২০২১ চনত অসমত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । কিন্তু ২০২১ চনত অসমত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ভোট কেন্দ্ৰৰ তথ্য আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তথ্য ৱেব ছাইটটোৰ পৰা আঁতৰ কৰা দেখা গৈছে ।" তেওঁ লগতে দাবী কৰে যে কেৱল অসমৰে নহয়, ২০২১ চনত কেৰালাত আৰু ২০২২ চনত গোৱা আৰু পঞ্জাবত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল । কিন্তু সেই ক্ষেত্ৰতো বিধানসভা নিৰ্বাচনৰ ভোট কেন্দ্ৰৰ তথ্য আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তথ্য আঁতৰ কৰা দেখা গৈছে ।

এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে যে নিৰ্বাচন আয়োগে এয়া কিহৰ বাবে কৰিছে । যিহেতু নিৰ্বাচন আয়োগ এক স্বতন্ত্ৰ সংস্থা আৰু কোনো ৰাজনৈতিক দল নহয়, তেনে ক্ষেত্ৰত এই তথ্য আঁতৰোৱা পৰা নিৰ্বাচন আয়োগৰ কোনো লাভ নহয় বুলি উল্লেখ কৰি ইয়াৰ আঁৰত এক অন্তৰ্নিহিত উদ্দেশ্য আছে বুলি প্ৰশ্ন কৰে ।

লগতে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগে উত্তৰ দিব লাগে বুলিও উল্লেখ কৰে । কাৰণ এই ক্ষেত্ৰত শাসকীয় দলৰ কোনো স্বাৰ্থ লুকাই থকা যেন লাগিছে বুলিও ববিতা শৰ্মাই উল্লেখ কৰে । আনহাতে, এই বিষয়টো সন্দৰ্ভত নিৰ্বাচন আয়োগৰ‌ পৰা উত্তৰ বিচাৰি কংগ্ৰেছ দলৰ পৰা পত্ৰ দিয়া হ'ব বুলিও তেওঁ লগতে জনায় ।

লগতে পঢ়ক :বিহু খায়েই পুৰণি ঘৰলৈ ঢাপলি মেলিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.