হাজো, 2 জুন : লকডাউন অব্যাহত থকাৰ সময়তে কামৰূপ জিলাৰ হাজোত মংগলবাৰে সংঘটিত হয় এক দূৰ্ঘটনা ৷ হাজোৰ একাদিৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিয়ে এখন নাঁও ৷ দুৰ্ঘটনাটোৰ পৰা কথমপি ৰক্ষা পৰে পাঁচগৰাকীকৈ মাছমৰীয়াৰ ৷
আনহাতে, দুৰ্ঘটনাটোত নাঁওসহ উটি যায় কেইবাহাজাৰ টকাৰ মাছৰ পোনা ৷ হাজোৰ দক্ষিণ শিংৰাৰ পৰা একাদি অভিমুখে আহি থকা অৱস্থাতে নৈৰ কোবাল সোতে উটুৱাই লৈ যায় নাঁওখন ৷
উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে বৰলীয়া নৈৰ সোঁতে উটুৱাই লৈ গৈছিল দক্ষিণ শিংৰা-একাদি সংযোগী বাঁহৰ দলংখন । তেতিয়াৰ পৰাই দৈনিক শতাধিক লোকে নাঁওৰে একাদি আৰু দক্ষিণ শিংৰাৰ মাজত যাতায়ত অব্যাহত ৰাখিছিল ৷
লগতে পঢ়ক : কৰ্ণাটকত বিদ্যুতস্পৃষ্ট হৈ মৃত্যু মানসিক ৰোগীৰ