ETV Bharat / state

আয়ুৰ্বেদিক ঔষধে ব্লেক ফাংগাছ প্ৰতিৰোধ কৰে - ক'লা ভেঁকুৰ বা ব্লেক ফাংগাছ

আয়ুষৰ সঞ্চালক আলাগু ভাৰ্শিনিয়ে কয় যে, আয়ুৰ্বেদিক ঔষধে এই ক’লা ভেঁকুৰ বা ব্লেক ফাংগাছৰ পৰা মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লগতে এই ৰোগৰ পৰা দ্ৰুতগতিত আৰোগ্য লাভ কৰাত সহায় কৰে ৷

আৰ্য়ুৰবেদিক ঔষধে ব্লেক ফাংগাছ প্ৰতিৰোধ কৰে

author img

By

Published : May 20, 2021, 10:11 PM IST

Updated : May 21, 2021, 8:32 AM IST

নিউজ ডেস্ক,20মে’: দেশত ক’ৰণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে আনএক ব্যাধি ব্লেক ফাংগাছে দেশত এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ তাৰ মাজতে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে আয়ুষৰ সঞ্চালক আলাগু ভাৰ্শিনিয়ে ৷

আয়ুষৰ সঞ্চালক আলাগু ভাৰ্শিনিয়ে কয় যে, আয়ুৰ্বেদিক ঔষধে এই ক’লা ভেঁকুৰ বা ব্লেক ফাংগাছৰ পৰা মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লগতে এই ৰোগৰ পৰা দ্ৰুতগতিত আৰোগ্য লাভ কৰাত সহায় কৰে ৷

উল্লেখযোগ্য যে, ক্ৰমাৎ বৃদ্ধি পোৱা ক’লা ভেঁকুৰ বা ব্লেক ফাংগাছৰ ঘটনাই সকলোকে চিন্তিত কৰাৰ সময়তে হায়দৰাবাদৰ ড৹ বি আৰ কে আৰ চৰকাৰী আৰ্য়ুবেদ মহাবিদ্যালয়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আয়ুষৰ সঞ্চালক আলাগু ভাৰ্শিনিয়ে কয় যে, ক'লা ভেঁকুৰ বা ব্লেক ফাংগাছৰ ৰোগ হ’লে ৰোগী সকলক বিশেষ ভাৱে যত্ন লোৱাৰ প্ৰয়োজন আছে ৷

লগতে তেঁও কয়, চিকিৎসাৰ ক্ষেত্ৰত কিছুমান আৰ্য়ুবেদিক ঔষধ প্ৰদান কৰিলে ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ৷ যাৰ ফলত ৰোগীয়ে ব্লেক ফাংগাছৰ বিৰুদ্ধে দুই ধৰণে যুঁজ দিয়াত আৰ্য়ুবেদিক ঔষধে সহায় কৰে ৷

তাৰ ভিতৰত এটা হ'ল ৰোগ প্ৰতিৰোধীৰ ক্ষেত্ৰত যত্ন লোৱা আৰু আনটো হ'ল ৰোগী সকলক চিকিৎসালয়ত থকাৰ সময়সীমা হ্ৰাস কৰে ৷ একেদৰে এই ভয়াৱহ ৰোগবিধৰ পৰা মৃত্যু হোৱা সংখ্যা হ্ৰাস কৰে ।

সম্প্ৰতি আয়ুষে এই ক’লা ভেঁকুৰ বা ব্লেক ফাংগাছাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু জনসাধাৰণক সহায় কৰিবলৈ এটা আৰ্য়ুবেদিক বিশেষজ্ঞ দল গঠন কৰি দিছে বুলি আলাগু ভাৰ্শিনিয়ে সদৰি কৰে ৷

লগতে পঢ়কঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নিশা ছাডেন ভিজিট উপায়ুক্ত

Last Updated : May 21, 2021, 8:32 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.