ETV Bharat / state

লোকসভা নিৰ্বাচন : বাজপেয়ী ভৱনত ৰুদ্ধদ্বাৰ বৈঠকত মন্ত্রণা দিলে বি এল সন্তোষে - বি এল সন্তোষ গুৱাহাটী

বাজপেয়ী ভৱনত অনুষ্ঠিত হৈছে ইখনৰ পাছত সিখন বৈঠক ৷ বুধবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ উপস্থিতি অনুষ্ঠিত হয় ৰুদ্ধদ্বাৰ বৈঠক । ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীৰ মাৰ্গদৰ্শন লৈ নিৰ্বাচনলৈ প্ৰস্তুত হৈছে বিজেপি ।

BL Santhosh in Guwahati
গুৱাহাটীৰ বাজপেয়ী ভৱনত বি এল সন্তোষ
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 10:24 PM IST

গুৱাহাটী, ২০ ডিচেম্বৰঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ব্যাপকভাৱে তৎপৰ হৈ পৰিছে শাসকীয় দল বিজেপি । দলৰ শীৰ্ষ নেতৃত্বই গুৱাহাটীত এখনৰ পাছত আনখনকৈ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত কৰিছে । বুধবাৰেও গুৱাহাটী বশিষ্ঠস্থিত দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বি এল সন্তোষ ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ।

বৈঠকত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, প্ৰভাৰী পৱন শৰ্মাকে ধৰি ভালেসংখ্যক নেতাই অংশগ্ৰহণ কৰে । ২০২৪ৰ লোকসভা নিৰ্বাচন, দলীয় ভেটি সুদৃঢ়কৰণ আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয় বৈঠকখনত ।

আনহাতে বৈঠকত ২০২৪ৰ টিকট প্ৰত্যাশীৰ উপৰি বৰ্তমানৰ সাংসদসকলৰ ৰিপৰ্ট কাৰ্ড, সমষ্টিভিত্তিক সাংগঠনিক শক্তি আদি বিষয় পৰ্যালোচনা কৰে বি এল সন্তোষে । উল্লেখ্য যে সোমবাৰৰ পৰাই গুৱাহাটীত মাৰাথন বৈঠকত ব্যস্ত বি এল সন্তোষ । বিজেপিৰ কেন্দ্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকগৰাকীয়ে বৈঠকৰ অন্তত বাজপেয়ী ভৱনৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় ।

বৈঠকৰ অন্তত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে বৈঠকত সাংগঠনিক দিশৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় । বি এল সন্তোষৰ মাৰ্গদৰ্শন লৈ নিৰ্বাচনলৈ প্ৰস্তুত হৈছে বিজেপি । অহা মাহত কি কৰিব লাগিব তাৰ বিষয়ে ৰোডমেপ দিছে বি এল সন্তোষে । এতিয়াৰ পৰা ৰৈ নাথাকে বিজেপি, টাৰ্গেট লোকসভাৰ আটাইকেইখন আসন ।

নতুন বছৰত বিজেপিত নতুন পন্থা উদ্ভাৱন কৰিব বুলি সদৰী কৰি তেওঁ কয় যে ২ জানুৱাৰীত কমিটিৰ তিনিগৰাকী মেম্বাৰক দিয়া হ'ব প্ৰশিক্ষণ । বুথৰ পালক হিচাবে নিৰ্বাচিত হ'ব কমিটিৰ তিনি মেম্বাৰ । বিধানসভা পৰ্যায়ত হ'ব এই তিনিজনীয়া বুথ পালন । আগন্তুক দুটা মাহত কৰিবলগীয়া কামৰ ৰ'ডমেপ প্ৰস্তুত কৰা হৈছে । একোটা বুথত ৫০ জনতকৈ কম আৰু ৭০ জনতকৈ অধিক কায্যকৰ্তা থাকিব নালাগিব ।

তেওঁ লগতে কয় যে বুথ আৰু মণ্ডলক লৈ শীঘ্ৰে হ'ব ৰাজ্যিক কায্যনিৰ্বাহক সভা । আনহাতে মাঘ বিহুৰ পিছত হ'ব পৃষ্ঠা প্ৰমুখ সন্মিলন । সংগঠন শক্তিশালী কৰিবলৈ ইতিমধ্যে বিধায়ক, মন্ত্ৰী সকলোকে দায়িত্ব দিয়া হৈছে বুলি ভৱেশ কলিতাই কয় ।

বুথ শক্তিশালী কৰাত গুৰুত্ব দিছে সংগঠনে । বৈঠকত সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত সংগঠন কেনেদৰে চলিছে তাৰ খতিয়ান লয় বি এল সন্তোষে । চৰকাৰৰ সকলো সুবিধা জনসাধাৰণৰ মাজলৈ গৈছেনে নাই তাৰ বিষয়েও আলোচনা হয় আজিৰ বৈঠকত ।

আজিৰ সমগ্ৰ আলোচনা লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই অনুষ্ঠিত হয় বুলি তেওঁ জানিবলৈ দিয়ে । উদয় শংকৰ হাজৰিকাৰ কংগ্ৰেছ যাত্ৰা সন্দৰ্ভত ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া, ‘‘ উদয় শংকৰ হাজৰিকা জ্যেষ্ঠ নেতা যদিও আগতেহে সক্ৰিয় আৰু দায়িত্বত আছিল । কিন্তু বহু বছৰ ধৰি তেওঁৰ কোনো সক্ৰিয়তা নাই । কেৱল পুৰণি বুলি কৈ থাকিলেই নহ'ব, দলত সক্ৰিয়তা নাথাকিলে কেনেকৈ হ'ব !

ৰাম মন্দিৰৰ প্ৰসংগত ভৱেশ কলিতাই কয়, ‘‘ ৰাম মন্দিৰ ২০২৪ৰ ২২জানুৱাৰীত শুভ উদ্বোধন কৰা হ'ব । নব্বৈৰ দশকত ৰাম মন্দিৰক লৈ আন্দোলন হৈছিল । আন্দোলন কৰাসকলৰ পৰিয়ালক সন্মান প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক: ৰাজীৱ ভৱনত হঠাৎ হৈ-চৈ : কংগ্ৰেছ কৰ্মীৰ মাজত দুৰ্বাদল কাজিয়া, টনা-আঁজোৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.