ETV Bharat / state

মাজুলীৰ উপ-নিৰ্বাচন 2022 : দুজনীয়া পেনেলত ড৹ শৰ্মা-সোণোৱালৰ ঘনিষ্ঠৰ নাম

author img

By

Published : Feb 9, 2022, 1:34 PM IST

এজন বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ, আনজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ । পিছে হাঁহি বিৰিঙিব কোনজনৰ মুখত ! মাজুলীৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক দল বিজেপিৰ ভিতৰে বাহিৰে এতিয়া চলিছে ব্যাপক চৰ্চা । ৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া মাজুলীৰ উপ নিৰ্বাচনত(Majuli By Election 2022) বিজেপিৰ প্ৰাৰ্থী কোন হ'ব সেয়া আলোচনা কৰিবলৈ বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব যদিও ইতিমধ্যে সম্ভাব্য প্ৰাৰ্থীৰ এক ৰূপৰেখা প্ৰস্তুত কৰা হৈ গৈছে (Majuli Candidate Panel BJP)।

bjps-candidate-panel-for-majuli-by-election
দুজনীয়া পেনেলত ড৹ শৰ্মা-সোণোৱালৰ ঘনিষ্ঠৰ নাম

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী : মাজুলীত সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী কোন হ'ব তাকে লৈ দুজনীয়া প্ৰাৰ্থীৰ এক পেনেল প্ৰস্তুত কৰা হৈছে (Candidate panel for Majuli By-Election) । ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই বুধবাৰে প্ৰকাশ কৰা এই তথ্য ৷ সোমবাৰে নিশা দিল্লীত সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত অনুষ্ঠিত হোৱা এক বৈঠকৰ পিছত এই পেনেল প্ৰস্তুত কৰা হয় ।

সূত্ৰটোৱে সদৰী কৰা মতে, পেনেলত অন্তৰ্ভুক্ত হোৱা নাম দুটা হৈছে ক্ৰমে বৰ্তমানৰ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু বহু বিতৰ্কিত ঠিকাদাৰ-ব্যৱসায়ী ভুৱন গাম । প্ৰদান বৰুৱা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অতিকৈ ঘনিষ্ঠ ৷ আনহাতে ভুৱন গামৰ সৈতে আছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতি মধুৰ সম্পৰ্ক । তেনেক্ষেত্ৰত অৱশেষত কাৰ কপাল ফুলিব সেয়া ১২ ফেব্ৰুৱাৰীৰ ভিতৰত নিশ্চিত হ'ব ।

আনহাতে শেষ মূহুৰ্তত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰাজীৱলোচন পেগুও মাজুলীৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ'ব পাৰে বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলি আছে । ইতিমধ্যে পেগুৱে মাজুলী জিলা কংগ্ৰেছ সভাপতিগৰাকীয়ে পদত্যাগ কৰিছে যদিও এই পৰ্যন্ত বিজেপিত যোগদান কৰা নাই । ইপিনে যদিহে প্ৰদান বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় আৰু তেওঁ জয়লাভ কৰে তেন্তে লখিমপুৰ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন অৱধাৰিত হ'ব ।

লগতে পঢ়ক : Congress MLAs in Meghalaya join BJP: অৱশেষত কংগ্ৰেছ শূণ্য হ’ল মেঘালয়

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.