ETV Bharat / state

BJP warns Lurin: লুৰীণজ্যোতি গগৈক সকীয়নি ৰাজ্যিক বিজেপিৰ - BJP warns Lurin

অসম জাতীয় পৰিষদ আৰু এ আই ইউ ডি এফৰ মিতিৰালি ভালপোৱা নাই বিজেপিয়ে ৷ বিজেপিৰ মতে এয়া অসমীয়া জাতীয় সত্বাৰ প্ৰতি চৰম অপমান । আই ইউ ডি এফৰ দৰে অপশক্তিক মাজুলীলৈ আমদানি নকৰিবলৈ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰই লুৰিণজ্যোতি গগৈ তথা অসম জাতীয় পৰিষদক দিলে সকীয়নি (BJP warns Lurinjyoti Gogoi) ৷

AJP AIUDF alliance in Majuli by election
লুৰীণজ্যোতি গগৈক সকীয়নি ৰাজ্যিক বিজেপিৰ
author img

By

Published : Feb 26, 2022, 9:37 PM IST

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: অসম জাতীয় পৰিষদ আৰু এ আই ইউ ডি এফৰ মিতিৰালি অসমীয়া জাতীয় সত্বাৰ প্ৰতি চৰম অপমান । এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰৰ । শনিবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মুখপাত্ৰ কোঁৱৰে অসম জাতীয় পৰিষদ আৰু এ আই ইউ ডি এফৰ মাজত থকা ৰাজনৈতিক সম্পর্কক তীব্ৰ ভাষাৰে সমালোচনা কৰে (BJP warns Lurinjyoti Gogoi) ।

মুখপাত্ৰগৰাকীয়ে কয় যে, অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসম জাতীয় পৰিষদ আৰু এ আই ইউ ডি এফৰ মাজত হোৱা মিতিৰালিক অসমবাসীয়ে কেতিয়াও স্বাভাৱিকভাৱে ল'ব নোৱাৰে । 'কা’ আন্দোলনৰ পটভূমিত জন্মলাভ কৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, জগদীশ ভূঞাৰ দৰে নেতাই এসময়ত বুকু ফুলাই কৈছিল যে, অসম জাতীয় পৰিষদ অসমীয়া খিলঞ্জীয়াৰ জাতীয়তাবাদৰ পক্ষত থকা এক আঞ্চলিকতাবাদী ৰাজনৈতিক দল । তেওঁলোকে কেতিয়াও বিজেপি, কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত সম্পর্ক নাৰাখে । সাম্প্ৰদায়িকতাৰ বীজ বিয়পোৱাৰ এ আই ইউ ডি এফৰ পৰা দূৰত অৱস্থান কৰিব । কিন্তু সময়ৰ সোঁতত নিজৰ ৰাজনৈতিক অস্তিত্ব বর্তাই ৰাখিবৰ বাবে অসম জাতীয় পৰিষদে তেওঁলোকৰ আঞ্চলিকাতবাদী চৰিত্ৰক জলাঞ্জলি দিলে বুলি কোঁৱৰে অভিযোগ কৰে ।

লুৰীণজ্যোতি গগৈক সকীয়নি ৰাজ্যিক বিজেপিৰ

মুখপাত্ৰ কোঁৱৰে লগতে কয় যে, কংগ্ৰেছে নিজৰ ভোট বেংকৰ স্বাৰ্থত অসমীয়া জাতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ সত্ৰসমূহৰ ভূমি বাংলাদেশী মূলৰ নাগৰিকক গতাই দিছিল । প্ৰথমটো উপ-নিৰ্বাচনত অসম জাতীয় পৰিষদে সেই কংগ্ৰেছৰ লগত মিতিৰালি কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । এইবাৰ মাজুলী উপ নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে সত্ৰভূমি বেদখলকাৰীৰ মূল সমর্থক এ আই ইউ ডি এফৰ সৈতে মিতিৰালি কৰিছে । তেওঁ লগতে কয় যে, মাজুলীৰ উপ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰার্থী যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হাতত বিপুল ভোটত পৰাজিত হ'ব সেইয়া নিশ্চিত । কিন্তু কেৱল মাত্ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ স্বাৰ্থত অসম জাতীয় পৰিষদে এ আই ইউ ডি এফৰ সৈতে কৰা সম্পৰ্ক মাজুলীবাসী তথা অসমীয়া জাতিৰ সত্বাৰ প্ৰতি চৰম অপমানজনক বুলি তেওঁ কয় ৷ অসমীয়া খিলঞ্জীয়াৰ স্বাভিমানক পদাঘাত কৰিব পৰা শক্তিসমূহৰ লগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মিতিৰালি অতিকৈ আশ্চার্যজনক ।

অসম জাতীয় পৰিষদক এ আই ইউ ডি এফৰ দৰে অপশক্তিক মাজুলীলৈ আমদানি নকৰিবলৈ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰে সকীয়াই দিয়ে (BJP warns Lurinjyoti Gogoi)। সংবাদ মেলত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পংকজ বৰা আৰু মিডিয়া পেনলিষ্ট ৰত্না সিং উপস্থিত আছিল ।

লগতে পঢ়ক: Convocation of Tezpur University : 1,247 গৰাকী ছাত্ৰ-ছাত্ৰীক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে মানপত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.