ETV Bharat / state

2024 Lok Sabha elections: ১২ খন আসনৰ লক্ষ্যৰে লোকসভাত ব্যাপক সাল-সলনি ঘটাব বিজেপিয়ে - লোকসভাত ব্যাপক সাল সলনি ঘটাব বিজেপিয়ে

শাসকীয় দল বিজেপি আগন্তুক লোকসভা নিৰ্বাচনকলৈ বিশেষভাৱে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে বিজেপিয়ে লক্ষ্য নিৰ্ধাৰণ কৰি কাম আৰম্ভ কৰিছে । আগন্তুক নিৰ্বাচনত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত বিজেপিত ২০১৯ চনৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে (BJP begins 2024 Lok Sabha poll preparations) ।

bjp-to-make-sweeping-changes-in-lok-sabha-election-with-target-12-seats
১২ খন আসনৰ লক্ষ্যৰে লোকসভাত ব্যাপক সাল-সলনি ঘটাব বিজেপিয়ে
author img

By

Published : Oct 21, 2022, 8:49 PM IST

গুৱাহাটী, ২১ অক্টোবৰ: লোকসভা নিৰ্বাচনলৈ (2024 Lok Sabha elections) প্ৰায় ডেৰ বছৰ সময় আছে যদিও ৰাজ্যৰ ৰাজনীতিত নিৰ্বাচনৰ প্ৰভাৱ পৰিলক্ষিত হৈছে । বিশেষকৈ শাসকীয় দল বিজেপি আগন্তুক লোকসভা নিৰ্বাচনকলৈ বিশেষভাৱে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে বিজেপিয়ে লক্ষ্য নিৰ্ধাৰণ কৰি কাম আৰম্ভ কৰিছে । নিৰ্বাচনী ৰণকৌশলৰ মাজতে চৰ্চালৈ আহিছে সাম্ভাব্য প্ৰাৰ্থীৰ নাম । আগন্তুক নিৰ্বাচনত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত বিজেপিত ২০১৯ চনৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে (BJP begins 2024 Lok Sabha poll preparations) ।

উল্লেখ্য যে, ৯ জন সাংসদ থকা বিজেপি দলটোত এইবাৰ ২০১৯ চনৰ নিৰ্বাচনৰ দৰে প্রার্থী সাল-সলনি হোৱাৰ সম্ভাৱনা প্ৰকট। বৰ্তমানৰকেইবাজনো সাংসদক পুনৰ প্ৰাৰ্থিত্ব নিদি নতুন মুখৰ নেতাক প্ৰক্ষেপ কৰাৰ কছৰৎ ইতিমধ্যে আৰম্ভ হৈছে । সাংসদ হ'ল বুলিয়েই যে পুনৰ প্ৰাৰ্থীত্ব দিয়া হ'ব সেই ধাৰণা বিজেপিয়ে নস্যাৎ কৰিব বিচাৰিছে । প্ৰাৰ্থী বাচনিত নতুনত্ব আনি জনতাৰ সমৰ্থন আদায়ৰ কৌশল হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে (BJP to make sweeping changes in Lok Sabha election with target 12 seats) ।

কিন্তু কোন কোন সাংসদে পুনৰ লাভৰ পৰা বঞ্চিত হ'ব সেয়া এশ শতাংশ এতিয়াও নিশ্চিত হোৱা নাই যদিও অৰ্ধসংখ্যক প্ৰাৰ্থী সাল-সলনি হোৱাটো একপ্ৰকাৰ নিশ্চিত বুলি দলীয় সূত্ৰত প্ৰকাশ । লক্ষণীয় বিষয় যে ২০১৯ৰ লোকসভা নিৰ্বাচনত (2019 Lok Sabha poll) সাতগৰাকী সাংসদ থকা দলটোৱে পাঁচগৰাকী সাংসদকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা বঞ্চিত কৰিছিল । সেইবাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল বিজয়া চক্ৰৱৰ্তী, ৰাজেন গোহাঁই, ৰমেন ডেকা, আৰ পি শৰ্মা আৰু কামাখ্যা প্ৰসাদ তাছা ।

পৰৱৰ্তী সময়ত কামাখ্যা প্ৰসাদ তাছাক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি নিয়ে যদিও আন চাৰিগৰাকীয়ে কেন্দ্ৰ-ৰাজ্য উভয় ৰাজনীতিত প্ৰতিনিধিত্ব কৰাৰ পৰা বঞ্চিত হৈ থাকিব লগা হয় । দলটোৰ এই সিদ্ধান্তত ক্ষুব্ধ হৈ আৰ পি শৰ্মাই দলেই ত্যাগ কৰিছিল । একেখিনি প্ৰাৰ্থীক পুনৰ প্ৰাৰ্থিত্ব দিলে ভোটৰ হাৰ হ্ৰাস পোৱাৰ আশংকা কৰি ২০১৯ চনত দলটোৱে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছিল আৰু ইয়াৰ ফলত সাংসদৰ সংখ্যা ৯গৰাকীলৈ বৃদ্ধি হৈছিল ।

এইবাৰ দলটোৱে সাংসদৰ সংখ্যা ১২গৰাকীলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে । গতিকে সাংসদৰ সংখ্যা বৃদ্ধি পাবলৈ হ'লে জনতাক আকৃষ্ট কৰাৰ কৌশল হিচাপে এইবাৰো নিশ্চয়কৈ প্ৰার্থী সলনি কৰিব বিজেপিয়ে । ২০২৪ চনৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত নতুনত্ব অনাৰ কছৰৎ দলটোৱে আগতীয়াকৈ আৰম্ভ কৰিছে । কিন্তু প্ৰার্থী সাল-সলনি হ'লে নতুনকৈ কোন নেতাৰ প্ৰৱেশ ঘটিব তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে । আনহাতে কোন কোন পুনৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হ'ব তাকলৈয়ো চলিছে চৰ্চা ।

দলৰ আভ্যন্তৰীণ এই চৰ্চাত কোনো কথা স্পষ্ট হোৱা নাই যদিও গুৱাহাটী, তেজপুৰ, লখিমপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু স্বায়ত্তশাসিত জিলা (ডিফু)ত প্ৰাৰ্থী সলনি কৰাৰ সম্ভাৱনা আছে । সেইদৰে বিজেপিৰ দখলত নাই যদিও এইবাৰ নগাঁও সমষ্টি নিজৰ হাতলৈ অনাৰ লক্ষ্য লৈ তাতো নতুন মুখৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে কলিয়াবৰতো বিজেপিয়ে নিজাববীয়া প্ৰার্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে । নগাঁও আৰু কলিয়াবৰ যিকোনো প্ৰকাৰে দখল কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বয়ো ৰাজ্যিক বিজেপিৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে ।

২০১৯ত বিজেপিয়ে বিধায়ক ৰূপক শৰ্মাক নগাঁৱত প্ৰক্ষেপ কৰিছিল । কিন্তু এইবাৰ দলৰ সাধাৰণ সম্পাদক তথা যুব নেতা দিপ্লুৰঞ্জন শৰ্মাক প্ৰক্ষেপ কৰাৰ সম্ভৱনা আছে । ইফালে কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ সমষ্টিত বিজেপিয়ে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দলীয় প্ৰার্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে । সমষ্টিটোৰ বৰ্তমানৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে সোণোৱালক প্ৰক্ষেপ কৰি ৰাজনৈতিক চমক দিব বিচাৰিছে বিজেপি দলে ।

কলিয়াবৰ সমষ্টিটো বিজেপিৰ মিত্ৰদল অগপই এইবাৰো বিচৰা সম্ভাৱনা আছিল । সেয়ে বিজেপিয়ে এই সমষ্টিটোত সোণোৱালক প্ৰক্ষেপ কৰি এক গুলীত দুটা চিকাৰ কৰাৰ ৰাজনৈতিক সমীকৰণ কৰিছে । উল্লেখ্য যে, হাইকাণ্ডৰ নিৰ্দেশ মতে ইতিমধ্যে কলিয়াবৰত তৎপৰ হৈ পৰিছে সৰ্বানন্দ সোণোৱাল । আনহাতে খুমটাইৰ বিধায়ক মৃণাল শ‍ইকীয়াৰ নামো চৰ্চালৈ আহিছে । সেইদৰে অগপৰ পৰা আহি ২০১৯ চনৰ নিৰ্বাচনত বিজেপিৰ সাংসদ হ’বলৈ সক্ষম হোৱা কুইন ওজাকো দলে আন ধৰণে সংস্থাপিত কৰাৰ সম্ভাৱনা আছে ।

গুৱাহাটীৰ সাংসদগৰাকীৰ স্থানত এইবাৰ বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ (Former Batadraba MLA Angoorlata Deka) নাম চৰ্চালৈ আহিছে যদিও অন্তিম সময়ত ৰাজ্যৰ ৰাজনীতিত প্ৰভাৱ থকা অন্য কোনো নেতাকো প্ৰক্ষেপ কৰা হ'ব পাৰে । প্ৰাৰ্থিত্বৰ বাবে কছৰৎ চলিছে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ তেজপুৰ আৰু লখিমপুৰতো । তেজপুৰৰ সাংসদ পল্লৱলোচন দাস আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই কেন্দ্ৰলৈ যোৱাৰ পৰিৱৰ্তে ৰাজ্যৰ ৰাজনীতিত জড়িত হ'ব বিচাৰিছে । ২০১৯ চনৰ নিৰ্বাচনতো এই দুজন নেতা লোকসভাৰ বাবে আগ্ৰহী নাছিল । আনকি মাজুলীৰ উপ-নিৰ্বাচনৰ জৰিয়তেও ৰাজ্যৰ ৰাজনীতিলৈ অহাৰ চেষ্টা চলাইছিল সাংসদ প্ৰদান বৰুৱাই । কিন্তু সেয়া সম্ভৱ হৈ নুঠাত এইবাৰ ৰাজ্যৰ ৰাজনীতিত থাকিব বিচাৰিছে সাংসদ বৰুৱাই ।

পূৰ্বতে মন্ত্ৰী হোৱাৰ অভিজ্ঞতা থকা তেজপুৰৰ সাংসদ পল্লৱলোচন দাসেও সেই একেটা সূত্ৰ প্ৰয়োগ কৰি ৰাজ্যৰ ৰাজনীতিৰ বাবে আগ্ৰহী হৈ পৰাৰ কথা জানিব পৰা গৈছে । যদি সেয়াই হয় তেন্তে তেজপুৰ আৰু লখিমপুৰৰ প্ৰাৰ্থী এইবাৰ সলনি হোৱাৰ সম্ভাৱনা আছে । ইফালে চাহ জনগোষ্ঠীৰ আন এজন প্ৰতিনিধি তথা কেন্দ্রীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীৰ (Union Minister Rameswar Teli) ক্ষেত্ৰত এইবাৰ ৰাজেন গোহাঁইৰ দৰে সূত্ৰ বিজেপিয়ে ব্যৱহাৰ কৰিব পাৰে। তেলীৰ পৰিৱৰ্তে ডিব্ৰুগড়ত প্ৰক্ষেপ হ'ব পাৰে বিজেপিৰ আন এজন বিকল্প নেতা ।

বিকল্প নেতাজন চাহ জনগোষ্ঠীৰ পৰিৱৰ্তে আন জনগোষ্ঠীৰ হ'লেও আশ্চৰ্যকৰ একো নহ'ব । আনহাতে প্ৰাক্তন ছাত্ৰ নেতা তথা যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়ো লোকসভালৈ পুনৰ যোৱাৰ পৰিৱৰ্তে ৰাজ্যৰ ৰাজনীতিলৈ উভতি অহাৰ আগ্ৰহ প্ৰকাশ কৰা বুলি দলীয় সূত্ৰত প্ৰকাশ । এনে কাৰণত এইবাৰ যোৰহাটত এজন নতুন নেতাৰ ভাগ্য সুপ্ৰসন্ন হোৱাৰ সম্ভাৱনা নথকা নহয় ।

ইফালে পুনৰ সাংসদ হৈ থকাৰ আশা কৰি থাকিলেও স্বায়ত্তশাসিত জিলা (ডিফু)ৰ সাংসদ হৰেণ সিং বে'ই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰা নকৰাৰ ছবিখন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিছে । সেইদৰে কৰিমগঞ্জতো গেৰুৱা দলটোৱে প্ৰার্থী সাল-সলনি কৰাটো অস্বাভাৱিক নহ'ব । ১২টা সমষ্টিত নিজা প্ৰাৰ্থী দি জয়ী কৰি অনাৰ বাবে বিজেপিয়ে পূৰ্ণ প্ৰস্তুতি চলাই আহিছে ।

লগতে পঢ়ক: GMC Scam : জিএমচিৰ কোটিটকীয়া কেলেংকাৰীৰ ৮ অভিযুক্তক ৫ দিনৰ CM Vigilance-ৰ জিম্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.