ETV Bharat / state

Lok Sabha elections : আসন বৃদ্ধিৰ লক্ষ্যৰে লোকসভা নিৰ্বাচনত ব্যাপক সালসলনি ঘটাব বিজেপিয়ে - শাসকীয় দলৰ নিৰ্বাচনী ৰণকৌশল

শাসকীয় দলৰ নিৰ্বাচনী ৰণকৌশলৰ মাজতে সাম্ভাব্য প্ৰাৰ্থীক লৈ চৰ্চা । ২০১৯ ৰ নিৰ্বাচনৰ দৰে ২০২৪ তো নতুন মুখৰ প্ৰৱেশ ঘটিব (Lok Sabha elections) । বৰ্তমানৰ কেইবাজনো সাংসদক পুনৰ প্ৰাৰ্থিত্ব নিদি নতুন মুখৰ নেতাক প্ৰক্ষেপ কৰাৰ কচৰৎ ইতিমধ্যে আৰম্ভ হৈছে । বিজেপিয়ে অসমৰ ১৪ টা সমষ্টিতে চলাইছে নিজাববীয়া সমীক্ষা । বিজেপিয়ে কিছু ন-পুৰণি লোকৰ সংগ্ৰহ কৰিছে প্ৰফাইল ।

BJP to make major changes in Lok Sabha elections
বিজেপিয়ে অসমৰ ১৪ টা সমষ্টিতে চলাইছে নিজাববীয়া সমীক্ষা
author img

By

Published : May 5, 2023, 1:52 PM IST

গুৱাহাটী, ৫ মে’ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক ৰণকৌশলেৰে সাজু হৈছে শাসকীয় দল বিজেপি (Lok Sabha elections)। এইবাৰৰ নিৰ্বাচনতো বিজেপিয়ে ব্যাপক সাল-সলনি ঘটোৱাৰ সম্ভাৱনা আছে । লক্ষণীয় বিষয় যে ২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পাঁচজনকৈ সাংসদৰ টিকট কৰ্তন কৰি নতুনক স্থান দিছিল । ২০২৪ ৰ নিৰ্বাচনতো তাৰেই পুনৰাবৃত্তি হোৱাটো প্ৰায় নিশ্চিত । নিৰ্বাচনী ৰণকৌশলৰ মাজতে চৰ্চালৈ আহিছে সাম্ভাব্য প্ৰাৰ্থীৰ নাম ।

উল্লেখ্য যে, ৯ জন সাংসদ থকা বিজেপি দলটোত এইবাৰ ২০১৯ চনৰ নিৰ্বাচনৰ দৰে প্ৰার্থী সাল-সলনি হোৱাৰ সম্ভাৱনা প্ৰকট । বৰ্তমানৰ কেইবাজনো সাংসদক পুনৰ প্ৰাৰ্থিত্ব নিদি নতুন মুখৰ নেতাক প্ৰক্ষেপ কৰাৰ কছৰৎ ইতিমধ্যে আৰম্ভ হৈছে । সাংসদ হ’ল বুলিয়েই যে পুনৰ প্ৰাৰ্থীত্ব দিয়া হ’ব সেই ধাৰণা বিজেপিয়ে নস্যাৎ কৰিব বিচাৰিছে ।

প্ৰাৰ্থী বাচনিত নতুনত্ব আনি জনতাৰ সমৰ্থন আদায়ৰ কৌশল হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । কিন্তু কোন কোন সাংসদে পুনৰ প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত হ’ব সেয়া এশ শতাংশ এতিয়াও নিশ্চিত হোৱা নাই যদিও অৰ্ধসংখ্যক প্ৰাৰ্থী সাল-সলনি হোৱাটো একপ্ৰকাৰ নিশ্চিত বুলি দলীয় সূত্ৰত প্ৰকাশ (BJP to make major changes in Lok Sabha elections) ।

লক্ষণীয় বিষয় যে, ২০১৯ ৰ লোকসভা নিৰ্বাচনত সাতগৰাকী সাংসদ থকা দলটোৱে পাঁচগৰাকী সাংসদকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা বঞ্চিত কৰিছিল । সেইবাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল বিজয়া চক্ৰৱৰ্তী, ৰাজেন গোহাঁই, ৰমেন ডেকা, আৰ পি শৰ্মা আৰু কামাখ্যা প্ৰসাদ তাছা । পৰৱৰ্তী সময়ত কামাখ্যা প্ৰসাদ তাছাক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি নিয়ে যদিও আন চাৰিগৰাকীয়ে কেন্দ্ৰ-ৰাজ্য উভয় ৰাজনীতিত প্ৰতিনিধিত্ব কৰাৰ পৰা বঞ্চিত হৈ থাকিব লগা হয় । দলটোৰ এই সিদ্ধান্তত ক্ষুব্ধ হৈ আৰ পি শৰ্মাই দলেই ত্যাগ কৰিছিল ।

লগতে পঢ়ক : Manipur Violence update : মণিপুৰৰ হিংসাত্মক পৰিস্থিতি শান্ত কৰাত সহায় কৰিব ভাৰতীয় বায়ুসেনাই

একেখিনি প্ৰাৰ্থীক পুনৰ প্ৰাৰ্থিত্ব দিলে ভোটৰ হাৰ হ্ৰাস পোৱাৰ আশংকা কৰি ২০১৯ চনত দলটোৱে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছিল আৰু ইয়াৰ ফলত সাংসদৰ সংখ্যা ৯ গৰাকীলৈ বৃদ্ধি হৈছিল । এইবাৰ দলটোৱে সাংসদৰ সংখ্যা ১২ গৰাকীলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে । গতিকে সাংসদৰ সংখ্যা বৃদ্ধি পাবলৈ হ'লে জনতাক আকৃষ্ট কৰাৰ কৌশল হিচাপে এইবাৰো নিশ্চয়কৈ প্ৰার্থী সলনি কৰিব বিজেপিয়ে । ২০২৪ চনৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত নতুনত্ব অনাৰ কচৰৎ দলটোৱে আগতীয়াকৈ আৰম্ভ কৰিছে ।

বিজেপিয়ে অসমৰ ১৪ টা সমষ্টিতে চলাইছে নিজাববীয়া সমীক্ষা । সমষ্টি পুনৰ নিৰ্ধাৰণক একাষৰীয়া কৰি ৰাখি বিজেপিয়ে কিছু ন-পুৰণি লোকৰ সংগ্ৰহ কৰিছে প্ৰফাইল । যোৰহাটত এইবাৰো সলনি হ’ব পাৰে প্ৰাৰ্থী । দলীয় এক উচ্চস্তৰীয় সূত্ৰই জনোৱা অনুসৰি বিজেপিয়ে এক এজেন্সিৰ যোগেদি যোৰহাটৰ বাবে সিদ্ধাংকু অংকুৰ বৰুৱা, লাচিত গগৈৰ প্ৰফাইল সংগ্ৰহ কৰিছে ।

উল্লেখ্য যে, সিদ্ধাংকু অংকুৰ বৰুৱা হৈছে বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি । আনহাতে লাচিত গগৈ বিজেপি অ’বিচি মৰ্চাৰ উপ-সভাপতি । ইফালে বিজেপিয়ে নগাঁৱৰ বাবে সংগ্ৰহ কৰিছে দীপ্লু ৰঞ্জন শৰ্মাৰ প্ৰফাইল । সেইদৰে ডিফুৰ বাবে হৰেণ সিং বে’ৰ লগতে ডাঃ নোমল মমিনৰ প্ৰফাইল সংগ্ৰহ কৰিছে ।

হৰেন সিং বে’ হৈছে ডিফুৰ বৰ্তমানৰ সাংসদ । সমষ্টিটোত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰো প্ৰফাইল সংগ্ৰহ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই । সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো আঁতৰাই ৰাখি কৰিমগঞ্জ, শিলচৰৰ বাবে প্ৰফাইল সংগ্ৰহ কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ।

ডা৹ ৰাজদ্বীপ ৰয়ৰ প্ৰফাইল হাতত ৰখাৰ লগতে সংগ্ৰহ কৰিছে কৌশিক ৰায়, কণাৰ্ড পুৰকায়স্থৰো প্ৰফাইল । কৌশিক ৰায় বৰখলাৰ বৰ্তমানৰ বিধায়ক আৰু কণাৰ্ড পুৰকায়স্থ হৈছে বিজেপিৰ পিতামহ স্বৰূপ কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ । লক্ষণীয়ভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই নিজা এজেন্সিৰ যোগেদি তেজপুৰৰ বাবে প্ৰফাইল সংগ্ৰহ কৰিছে অগপ নেতাৰ । সমষ্টিটোৰ বৰ্তমানৰ সাংসদ পল্লব লোচন দাসৰ লোকসভাতকৈ বিধানসভাহে প্ৰথম পচন্দ ।

ইফালে বৃন্দাবন গোস্বামীও বিশেষ সক্ৰিয় হৈ থকা নাই সাংগঠনিক কাম কাজত । একেদৰে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰো মন দিচপুৰলৈ উভতি অহাৰ ৷ কলিয়াবৰ, ডিব্ৰুগড়, গুৱাহাটী, মঙলদৈক লৈ এই পৰ্যন্ত কাৰো প্ৰফাইল সংগ্ৰহ কৰা নাই দলীয় নেতৃত্বই ৷ কোকৰাঝাৰকলৈও সিদ্ধান্তলৈ অহা নাই বিজেপি । ধুবুৰীক লৈ বিশেষ মূৰ ঘমোৱা নাই বিজেপিয়ে । আনহাতে, বৰপেটা একপ্ৰকাৰ অগপকে এৰি দিয়াৰ সম্ভাৱনা বেছি ।

অৱশ্যে প্ৰফাইল সংগ্ৰহৰো এয়া প্ৰাৰম্ভিক পৰ্যায়হে । অসমত সমষ্টিভিত্তিক প্ৰফাইল সংগ্ৰহৰ কাম চলি থকাৰ অৰ্থ এইটো নহয় যে প্ৰফাইল সংগ্ৰহ কৰা মানেই টিকট পাব । দলীয় আৰু ব্যক্তিগত সংস্থাই চলোৱা জৰীপৰ ভিত্তিত কেইবাটাও সমষ্টিত অন্তিম সময়ত দলে প্ৰার্থী সালসলনি কৰিব । জানিব পৰা মতে, বৰ্তমানৰ ৬-৭ জন সাংসদে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পথ মসৃণ হৈ থকা নাই ।

লগতে পঢ়ক : NFR Cancels All Manipur Bound Trains : মণিপুৰলৈ যোৱা সকলো ৰে’লসেৱা বাতিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.