গুৱাহাটী, ১ জানুৱাৰী : ভাৰতীয় জনতা পার্টীৰ অসম প্রদেশৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কার্যালয়ত শুকুৰবাৰে অনুষ্ঠিত এক অনুষ্ঠানত দলটোৰ মাহেকীয়া মুখপত্র “অসমীয়া বিজেপি বার্তা”ৰ ৪৯ সংখ্যক সংস্কৰণ উন্মােচন কৰা হয় । আলােচনীখন উন্মােচন কৰি ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে সকলােলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ গণতন্ত্রৰ চতুর্থ স্তম্ভ হিচাপে বিভিন্ন প্রত্যাহ্বানৰ মাজেৰে নিষ্ঠা সহকাৰে সমাজলৈ সেৱা আগবঢ়াই অহা সংবাদকর্মীসকলৰ ভূমিকাৰ ভূয়সী প্রশংসা কৰে ৰণজিৎ দাসে ।
![bjp state president](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10081553_lir.jpg)
নৱবৰ্ষৰ পহিলা দিনটোত সভাপতি দাসে অসমবাসীৰ আর্শীবাদ বিচাৰে । মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনে যােৱা চাৰে চাৰিটা বছৰত ৰাইজক দিয়া প্রতিশ্রুতিসমূহ পূৰণ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি দাসে কয় যে, অসমৰ ৰাইজে আৱেগক নহয় যুক্তিক হে প্রাধান্য দিয়ে । নতুন অসম গঢ়াৰ বাবে অসমবাসীয়ে,আবেগ পৰিহাৰ কৰি যুক্তিৰ আধাৰত বিজেপি+ = 100 + লক্ষ্য বাস্তৱায়িত কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰিছে বুলিও তেওঁ সন্তোষ প্রকাশ কৰে ।
![bjp state president](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10081553_ht.jpg)
তেওঁ লগতে কয় যে কাৰ্বি আংলং, ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদ, লােকসভা নির্বাচন, পঞ্চায়ত নির্বাচন আৰু শেহতীয়াকৈ তিৱা স্বায়ত্ত শাসিত পৰিষদ তথা বিটিচি নির্বাচনত দেখুওৱা চকমপ্রদ সফলতাই ইয়াৰ জলন্ত উদাহৰণ । ৰাইজৰ প্রতি থকা চৰকাৰৰ প্রতিশ্রুতিসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্রহণ কৰা গুৰুত্বপূর্ণ ভূমিকাৰ বাবে তেওঁ নেতা দুগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মন্ত্রী পৰিষদৰ সমূহ সদস্য, বিধায়ক আৰু সাংসদ সকলকো কৃতজ্ঞতা জনায় ।
![bjp state president](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10081553_fee.jpg)
ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম-কাজ আৰু দলৰ তৃণমূল পর্যায়ৰ সংগঠনে বিজেপিক ২০২১ ত পুনৰ এবাৰ শাসনত অধিষ্ঠিত কৰিব বুলি সভাপতি দাসে দৃঢ়তা প্রকাশ কৰে । দুমাহৰ দলীয় কার্যসূচীৰ বিষয়েও সভাপতিগৰাকীয়ে অনুষ্ঠানত জানিবলৈ দিয়ে । সাংগঠনিক দিশত নতুন অধ্যয়াৰ সূচনা কৰি অহা ৩ জানুৱাৰীত বুথ কী বাত কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰি দাসে কয় যে, এই কার্যসূচীৰ অধীনত বুথ পর্যায়ৰ ২১ জনীয়া সমিতিয়ে জনসম্পৰ্কৰ অভিযান ৰূপায়ন কৰাৰ লগতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি হিতাধিকাৰীসকলৰ তালিকাও প্রস্তুত কৰা হ'ব ।
এই কাৰ্যসূচীৰ অধীনত বুথসমূহৰ ভােটাৰ আৰু নতুন ভােটাৰৰ অৰ্ন্তভুক্তিৰ সন্দৰ্ভত আলােচনা কৰা হ'ব । ৫ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ প্ৰতিটো বুথৰ অধীনৰ বিভিন্ন স্থানত সমাজৰ সকলাে শ্ৰেণীৰ জনসাধাৰণক লৈ ৰাজনৈতিক সভা অনুষ্ঠিত কৰা হ'ব । আনহাতে, ২০ জানুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ আটাইকেইটা বিধানসভাৰ সমষ্টিতে বিজেপিৰ পৃষ্ঠাপ্রমুখ সন্মিলনৰ আয়ােজন কৰা হৈছে । ২০ ফ্রেব্ৰুৱাৰীৰ পাছত নির্বাচনী কুচকাৱাজ আৰম্ভ হ'ব । আজিৰ অনুষ্ঠানত সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মুখ্য মুখপাত্র ৰূপম গােস্বামী, “বিজেপি বার্তাৰ” সম্পাদক ড৹ দেৱদত্ত বৰকটকী, ৰাজ্যিক সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলৰ লগতে দলীয় কার্যকর্তা সকল উপস্থিত আছিল।
লগতে পঢ়ক : অসমলৈ গোপন সুৰংগ পথেৰে আহে বাংলাদেশী