ETV Bharat / state

Ranjib Sharma Press Meet: বিধায়ক হোৱাৰ যোগ্যতা নাই বিধায়ক অখিল গগৈৰ; বিজেপি - Upcoming Election 2024

বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাৰ বিস্ফোৰক মন্তব্য ৷ ‘‘অখিল গগৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাটো অসমৰ ৰাজনৈতিক জীৱনৰ কাৰণে এক দুৰ্ভাগ্য ৷’’

Ranjib Sharma Press Meet
বিধায়ক হোৱাৰ যোগ্যতা নাই বিধায়ক অখিল গগৈৰ !
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 6:16 PM IST

বিধায়ক হোৱাৰ যোগ্যতা নাই বিধায়ক অখিল গগৈৰ !

গুৱাহাটী, 1 অক্টোবৰ: ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ সংবাদমেল ৷ দেওবাৰে বশিষ্ঠস্থিত বাজপেই ভৱনত আয়োজন কৰা সংবাদমেলত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰঞ্জীৱ কুমাৰ শৰ্মাই ৷ বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই কয়, ‘‘অখিল গগৈ বিধায়ক হোৱাৰ যোগ্য নহয়‌ । অখিল গগৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাটো অসমৰ ৰাজনৈতিক জীৱনৰ কাৰণে এক দুৰ্ভাগ্য ।’’

তেওঁ লগতে কয়,‘‘অখিল গগৈয়ে ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰি নিজকে প্ৰাসংগিক কৰি ৰাখিব বিচাৰে । সেয়েহে আবোল-তাবোল মন্তব্য কৰাতো শিৱসাগৰৰ বিধায়কজনৰ এক প্ৰকাৰৰ স্বভাৱত পৰিণত হৈছে ৷ বিধায়ক গগৈয়ে শিৱসাগৰৰ বিধানসভা সমষ্টিত নিজৰ গণভিত্তি আৰু জনপ্ৰিয়তা হেৰুৱাই পেলাইছে ৷ সেই বাবেই বাতৰিৰ শিৰোনামাত থাকি নিজকে প্ৰাসংগিক কৰি ৰখাৰ এক ব্যর্থ প্রয়াস কৰি আহিছে ।’’

‘‘কৃষক মুক্তি সংগ্রাম সমিতিৰ পৰা আৰম্ভ কৰি ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক হিচাপে আজিলৈকে অখিল গগৈয়ে ৰাজহুৱাভাৱে উত্থাপন কৰা সকলো অভিযোগৰ 95 শতাংশই মিছা বুলি প্রমাণিত হৈছে । তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কোটি কোটি টকাৰ দুৰ্নীতিৰ তথ্য থকা বুলি তাহানিতে হাতত দুটা ফাইল লৈ অখিল গগৈয়ে কৰা সেই বিখ্যাত সংবাদমেলৰ কথা অসমৰ ৰাইজে এতিয়াও পাহৰা নাই । নিজে কৰা ঘোষণা আজিলৈ অখিল গগৈয়ে কোনো তথ্য প্রমাণ ৰাজহুৱা কৰিব নোৱাৰিলে। সেই বিখ্যাত ফাইল দুটাৰ ফিটাও আজিলৈ খোল খোৱা নাই ।’’ প্ৰণৱ বড়োক আত্মজাহ যাবলৈ উচটাই ৰং চোৱা অখিল গগৈৰ মুখত গণতন্ত্ৰ আৰু অসিহষ্ণুতাৰ কথা শোভা নাপায় বুলি শৰ্মাই মন্তব্য কৰে ।

অসম জাতীয় পৰিষদ সন্দৰ্ভত তেওঁ কয়, ‘‘এ জে পিৰ ‘এক অসম যাত্ৰা’ এটা ফ্লপ শ্ব’ ৷’’

লগতে পঢ়ক:Assam CM HBS: হাতুৰী লাগে নে বানপানী লাগে ! প্ৰশ্ন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.