ETV Bharat / state

বিৰোধী ঐক্যৰ নমুনা দেখুৱালে বিজেপিয়ে

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 10:01 PM IST

Press Conference: আগন্তুক নিৰ্বাচনত জয়লাভৰ দাবী কৰাৰ লগতে কংগ্ৰেছ দলৰ ৰাজনৈতিক বাতাবৰণ সন্দৰ্ভত বিভিন্ন কটু মন্তব্য আগবঢ়ালে বিজেপিৰ মুখপাত্ৰই ৷

Spokesperson Lakshya Konwar press conference at the state BJP headquarter
লক্ষ্য কোঁৱৰৰ সংবাদমেল

লক্ষ্য কোঁৱৰৰ সংবাদমেল

গুৱাহাটী, ২১ ডিচেম্বৰ : "ভাৰতীয় জনতা পাৰ্টী সকলো নিৰ্বাচনৰ বাবে সদাসষ্টম । বিজেপিয়ে ইতিমধ্যে ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ ২৮ খন আসনত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে প্ৰস্তুতি তুংগত ৰাখিছে" - বৃহস্পতিবাৰে বশিষ্ঠস্থিত বি জে পিৰ মুখ্য কার্যালয়ত এক সংবাদ মেল সম্বোধন কৰি মুখপাত্ৰ লক্ষ্য কোঁৱৰে এই বক্তব্য প্ৰদান কৰে ৷

তেওঁ কয় যে, পূৰ্বতে ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদ দুর্নীতি, ভ্ৰষ্টাচাৰে পৰিপূৰ্ণ আছিল । এক প্ৰকাৰে পৰিষদখন দিছপুৰৰ এ টি এম কার্ড হিচাপে ব্যৱহৃত আছিল । উক্ত এলেকাত অশান্তিময় পৰিৱেশে বিৰাজ কৰিছিল । কিন্তু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিচত ডিমা হাচও জিলাত উন্নয়নৰ বন্যা বৈছে । এতিয়া ডিমা হাচাওৰ ৰাইজে চৌদিশে কেৱল উন্নয়ন প্ৰত্যক্ষ কৰিছে । সেয়েহে সমাগত নিৰ্বাচনত বিজেপিয়ে ২৮ খন আসনতেই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ব । বিৰোধী ঐক্যক ফোঁপালা স্বৰূপ বুলি ইতিকিং কৰি মুখপাত্ৰ গৰাকীয়ে লগতে কয়, ‘বিৰোধী ঐক্যত থকা বুলি সঘনাই ভোজমেলত মিলিত হোৱা কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু আপে পৃথকে পৃথকে প্ৰার্থীৰ তালিকা ঘোষণা কৰিছে । এয়াই হৈছে বিৰোধী ঐক্যৰ নমুনা’ ।

মুখপাত্ৰ গৰাকীয়ে লগতে আৰু উল্লেখ কৰে যে, বিৰোধীৰ দুৰ্বল স্থিতি আৰু তৃণমূল পর্যায়ত তেওঁলোকৰ গণসংযোগহীনতাই সমাগত ডিমা হাচও নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক ৱাক অভাৰ দিব । মুখপাত্ৰ কোঁৱৰে লগতে কয়, শেহতীয়াকৈ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত তীব্ৰভাৱে প্ৰচাৰ হোৱা এটা ভিডিঅ’ত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কার্যালয় ৰাজীব ভৱনত নাৰীৰ প্ৰতি অশালীন ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে । দলটোৰ কাৰ্যকৰ্তাসকলৰ এনে কাণ্ড অতিকৈ ধিক্কাৰজনক ৷ বিজেপিয়ে এই কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়া বুলি মুখপাত্ৰ গৰাকীয়ে মন্তব্য কৰে ।

তেওঁ লগতে কয়, আমি বহু পূৰ্বৰ পৰাই কৈ আহিছো, কংগ্ৰেছ দলত মহিলা কেতিয়াও সুৰক্ষিত নহয়, কংগ্ৰেছ দলত এতিয়া মহিলাই ৰাজনীতি কৰিব পৰা পৰিৱেশ নাই । শেহতীয়া ঘটনাই এই কথা পুনৰাই প্ৰমাণিত কৰিলে । উক্ত ঘটনা সম্পর্কত কংগ্ৰেছ দলে তেওঁলোকৰ স্থিতি ৰাজহুৱা কৰাৰ লগতে চি চি টিভিৰ ফুটেজো ৰাইজৰ আগত দাঙি ধৰিবলৈ মুখপাত্ৰ গৰাকীয়ে দাবী জনায় ।

লগতে পঢ়ক : নিৰ্বাচনত জয়ী হ’বলৈ গৌৰৱ গগৈয়ে মিঞা ভোটাৰ থকা সমষ্টি বিচাৰি আছে : জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.