ETV Bharat / state

Assam Cabinet meeting: হিমন্ত বিশ্ব শর্মা চৰকাৰৰ ১০০ তম কেবিনেট সফলতাৰ দলিল; লক্ষ্য কোঁৱৰ

হিমন্ত বিশ্ব শর্মা চৰকাৰৰ ১০০ তম কেবিনেত বৈঠক সন্দৰ্ভত দলটোৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰৰ সংবাদমেল ৷ তেওঁ কয় যে ১০০ খন কেবিনেটত সৰ্বমুঠ ১,২৩৮ টা সিদ্ধান্ত গ্রহণ কৰি ইয়াৰে ১,২১৭ টা সিদ্ধান্তই কাৰ্যকৰী কৰা হৈছে । ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ ভৰত নৰহৰ ওপৰত গুৰুতৰ অভিযোগ লক্ষ্য কোঁৱৰৰ ৷

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 4:54 PM IST

Assam Cabinet meeting
Assam Cabinet meeting
হিমন্ত বিশ্ব শর্মা চৰকাৰৰ ১০০ তম কেবিনেট সফলতাৰ দলিল; লক্ষ্য কোঁৱৰ

গুৱাহাটী ২৬ আগষ্ট: শুকুৰবাৰে অনুষ্ঠিত হয় হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰ ১০০ তম কেবিনেত বৈঠক । ১০০ খন কেবিনেট বৈঠকৰ ভিতৰত দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হয় ৩ খন, ৯ খন অনুষ্ঠিত হয় অসমৰ ৯ খন জিলা সদৰত ।

এই সম্পৰ্কত বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক মুখ্যপাত্ৰ লক্ষ্য কোঁৱৰে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰ সম্ভৱত স্বাধীন ভাৰতৰ প্ৰথমখন চৰকাৰ যিয়েই ১০০ খন কেবিনেট বৈঠক সফলভাৱে অনুষ্ঠিত কৰি প্ৰায় ৯৮ শতাংশ সিদ্ধান্তই কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছে ।

লগতে কয় যে কয় ৰাজ্য চৰকাৰৰ ১০০ খন কেবিনেটত সৰ্বমুঠ ১,২৩৮ টা সিদ্ধান্ত গ্রহণ কৰি ইয়াৰে ১,২১৭ টা সিদ্ধান্তই কাৰ্যকৰী কৰিছে । এই সিদ্ধান্তসমূহৰ জৰিয়তে অসমৰ আৰ্থ-সামাজিক, শৈক্ষিক, আন্তঃগাঁথনি আদি সকলোবোৰ ক্ষেত্ৰতে বহু কল্যাণকামী পদক্ষেপ গ্রহণ কৰিছে ।

কেবিনেটসমূহ কেৱল দিছপুৰ কেন্দ্ৰিক নকৰি ৰাজ্যৰ ভিন ভিন প্ৰান্তত অনুষ্ঠিত কৰিছিল । ইয়াৰ জৰিয়তে চৰকাৰখনৰ প্ৰতিজন মন্ত্ৰী তথা বিষয়াই অধিক জনমুখী হোৱাৰ সুবিধা লাভ কৰিছিল । ৰাজ্য চৰকাৰৰ শততম কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰাজীয়ে অনাগত দিনত অসমৰ জনসাধাৰণক আৰু অধিক উপকৃত কৰি তুলিব ।

বিশেষকৈ মাহিলী বিধৱা পেঞ্চন ৩০০ ৰ পৰা ১২৫০ লৈ বৃদ্ধিয়ে বহু বিধৱা মহিলাক সকাহ প্ৰদান কৰিব । আনহাতে উপ-জিলা গঠনে প্রশাসনীয় ব্যৱস্থাটো সঠিকভাৱে পৰিচালনা কৰিবলৈ অধিক সহজ কৰি তুলিছে ।

লক্ষ্য কোঁৱৰে ৰাজ্য চৰকাৰৰ ১০০ খন কেবিনেটৰ সিদ্ধান্তক ভাৰতীয় জনতা পার্টী নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ সফলতাৰ এক দলিল বুলি অভিহিত কৰিছে । আনহাতে সংবাদমেলত মুখপাত্রগৰাকীয়ে লগতে কয় যে ২০০৪ চনত ধেমাজিত হোৱা বোমা বিস্ফোৰণৰ সঠিক তদন্ত কংগ্ৰেছে ভালদৰে কৰা নাছিল । কেছ ডায়েৰীত উল্লেখিত অনুসৰি মূল অভিযুক্ত ৰছীদ ভৰালী আৰু কংগ্ৰেছৰ ভৰত নৰহৰ মাজত বিশেষ যোগসূত্র আছে ।

তদানীন্তন কংগ্ৰেছ চৰকাৰৰ গৃহ বিভাগৰ গাফিলতিৰ বাবেই উপযুক্ত প্ৰমাণৰ অভাৱত গুৱাহাটী উচ্চ ন্যায়লয়ে অভিযুক্তসকলক দোষমুক্ত বুলি ঘোষণা কৰিছে । ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সকলোবোৰ দিশ চালি-জাৰি চাই উচ্চতম ন্যায়লয়ৰ দ্বাৰস্থ হ'বলৈ বিশেষ তৎপৰতা গ্ৰহণ কৰিছে বুলি মুখপাত্রগৰাকীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক: Assam cabinet decision: ৰাজ্যত নতুন ৪ খন জিলা সংযোজন; ২৪ টা মহকুমা বিলুপ্ত কৰি ৮১ খন উপ-জিলা গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.