ETV Bharat / state

৭টা সংখ্যালঘু অধ্যুষিত সমষ্টিত প্ৰতিদ্বন্দিতাৰ বাবে সাজু বিজেপি

author img

By

Published : Jan 18, 2021, 1:21 PM IST

আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যৰ কমেও ৭টা সংখ্যালঘু অধ্যুষিত সমষ্টিত নিজাকৈ প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে ভাৰতীয় জনতা পাৰ্টী । ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৫টা আৰু বৰাক উপত্যকাৰ দুটা সংখ্যালঘু অধ্যুষিত সমষ্টিত যুঁজ দিবলৈ প্ৰস্তুত গেৰুৱা দলটো ।

৭টা সংখ্যালঘু অধ্যুষিত সমষ্টিত প্ৰতিদ্বন্দিতাৰ বাবে সাজু বিজেপি
৭টা সংখ্যালঘু অধ্যুষিত সমষ্টিত প্ৰতিদ্বন্দিতাৰ বাবে সাজু বিজেপি

গুৱাহাটী,১৮ জানুৱাৰী: বিধানসভা নিৰ্বাচনৰ বাবে যিসময়ত ৰাজ্যৰ বিৰোধী দলসমূহ এতিয়াও বিশেষভাৱে তৎপৰ হৈ উঠাটো পৰিলক্ষিত হোৱা নাই,সেই সময়তে কিন্তু শাসকীয় বিজেপি দল সকলো ফালৰ পৰাই নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে । মন কৰিবলগীয়া যে,সভাই সমিতিয়ে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাসকলে 'মিঞা'ৰ ভোট বিজেপিক নালাগে বুলি দম্ভালি মাৰি আহিলেও আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যৰ কমেও ৭টা সংখ্যালঘু অধ্যুষিত সমষ্টিত বিজেপিয়ে নিজাকৈ প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে ।

ৰাজ্যিক বিজেপিৰে এক শীৰ্ষ সূত্ৰই ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই কথা । এই ৭ টা সমষ্টিৰ দুটা হৈছে বৰাক উপত্যকাৰ আৰু বাকী ৫টা ব্ৰহ্মপুত্ৰ উপত্যকাৰ । স্মৰ্তব্য যে,বৰ্তমান বিজেপিত থকা ধৰ্মীয় সংখ্যালঘু বিধায়কৰ সংখ্যা হৈছে মাত্ৰ এগৰাকী । বৰাক উপত্যকাৰ সোণাই সমষ্টিৰ একমাত্ৰ এইগৰাকী সংখ্যালঘু বিধায়ক হ'ল আমিনুল হক লস্কৰ । তেওঁ বিধানসভাৰ উপাধ্যক্ষ পদতো অধিষ্ঠিত হৈ আছে । বিজেপিয়ে এইবাৰ সংখ্যালঘু বিধায়কৰ সংখ্যা এজনৰ পৰা কমেও ৭ জনলৈ বৃদ্ধি কৰাৰ চিন্তা কৰিছে ।

দলীয় সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি,বিজেপিয়ে এইবাৰ সোণাইৰ উপৰিও আৰু ৬টা সমষ্টি ক্ৰমে বৰাক উপত্যকাৰ কৰিমগঞ্জ দক্ষিণ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী, জনিয়া,চেঙা,ৰূপহীহাট আৰু গোৱালপাৰা পূৱত সংখ্যালঘু লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ চিন্তা কৰিছে । গোৱালপাৰা পূৱত ২০১৬ৰ নিৰ্বাচনত বিজেপিয়ে অসম বিধানসভাৰ প্ৰাক্তন প্ৰধান সচিব গৌৰাংগ প্ৰসাদ দাসক প্ৰাৰ্থিত্ব দিছিল যদিও দাসে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাছিল ।

সেয়েহে সংখ্যালঘু অধ্যুষিত এই সমষ্টিটোত এইবাৰ বিজেপিয়ে দলৰ অন্যতম সংখ্যালঘু নেতা মমিনুল আৱালক প্ৰাৰ্থিত্ব দিয়াৰ চিন্তা কৰিছে । একেদৰে,ধুবুৰী সমষ্টিত প্ৰক্ষেপ কৰা হৈছে মতিউৰ ৰহমানক । বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে এই সমষ্টিটোত প্ৰাৰ্থিত্ব দিছিল দেৱময় সান্যালক । কিন্তু তেওঁ পৰাজিত হৈছিল । আনহাতে,জনীয়া সমষ্টিত বিজেপিয়ে ছহিদুল ইছলামক প্ৰক্ষেপ কৰিছে ।

অনুৰূপ ধৰণে চেঙাত প্ৰক্ষেপ কৰা হৈছে দলৰ সংখ্যালঘু কোষৰ সভাপতি,প্ৰাক্তন বিধায়ক মুক্তাৰ হুছেইন খানক । ঠিক তেনেদৰে ৰূপহীহাট সমষ্টিত বিজেপিয়ে প্ৰক্ষেপ কৰিছে চল চাই কঠীয়া পৰাত পাকৈত বুলি জনাজাত একালৰ কংগ্ৰেছ নেতা, প্ৰাক্তন অগপ বিধায়ক আৰু বৰ্তমান বিজেপিত যোগ দিয়া আব্দুল আজিজক । আনহাতে,কৰিমগঞ্জ দক্ষিণ সমষ্টিত বিগত নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থিত্ব দিছিল চিপ্ৰা গুণক । কিন্তু তেওঁ পৰাজিত হৈছিল । সেয়েহে এইবাৰ প্ৰাৰ্থিত্ব দিব খোজা হৈছে সংখ্যালঘু নেতা ইকবাল হুছেইনক । অৱশ্যে সোণাই সমষ্টিত আমিনুল হক লস্কৰকে পুণৰ দলে প্ৰাৰ্থিত্ব দিয়াটো একপ্ৰকাৰ নিশ্চিত ।

লগতে পঢ়ক:আজি ধেমাজিত চাইকেল ৰেলীত অংশ ল'লে মন্ত্ৰী হিমন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.