ETV Bharat / state

ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিত অন্তৰ্ভূক্ত নহ'ল কেইবাগৰাকীও জ্যেষ্ঠ নেতা

বিজেপিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত নাথাকিব কেইবাগৰাকীও জ্যেষ্ঠ নেতা । ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিত অন্তৰ্ভূক্ত কৰা নহ'ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীসহ দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাক ।

author img

By

Published : Jan 14, 2021, 4:51 PM IST

বিজেপিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত নাথাকিব কেইবাগৰাকীও জ্যেষ্ঠ নেতা

গুৱাহাটী,১৪ জানুৱাৰী: আসন্ন বিধানসভা নিৰ্বাচনত মিত্ৰদলসহ বিজেপিয়ে ১০০ৰো অধিক আসন লাভ কৰিব বুলি ইতিমধ্যে আত্মবিশ্বাসী হৈ উঠিছে । সেই অনুসৰি, শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিখনো গঠন কৰা হৈছে । এই সমিতিখনেই হ'ব নিৰ্বাচন সম্পৰ্কীয় সকলো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে সৰ্বোচ্চ সমিতি ।

বিশেষকৈ দলীয় প্ৰাৰ্থিত্ব প্ৰদান, আন দলৰ সৈতে মিত্ৰতা আদি বিষয়সমূহত ৰাজ্যিক বিজেপিৰ সকলো সিদ্ধান্ত গ্ৰহণ কৰাৰ কৰ্তৃত্ব স্বাভাৱিকতে ন্যস্ত থাকিব এই সমিতিখনৰ ওপৰত । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, ইতিমধ্যে গঠন কৰা এই নিৰ্বাচনী সমিতিত অন্তৰ্ভুক্ত কৰা নহ'ল দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সভাপতিক ।

এইসকল জ্যেষ্ঠ নেতাৰ ৰাজনৈতিক বিচক্ষণতা আৰু কৌশলৰ আধাৰতেই অসমত বিজেপিয়ে ২০১৪ৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ভাল ফলাফল দেখুৱাবলৈও সক্ষম হৈছিল ।

কিন্তু সেইসকল নেতা আজিৰ তাৰিখত একপ্ৰকাৰ এলাগী ৰাজ্যিক বিজেপিৰ বাবে । সেইবাবে হয়তো নিৰ্বাচনী সমিতিৰ দৰে অত্যন্ত গুৰুত্বপূৰ্ণ সমিতিত অন্তৰ্ভুক্ত কৰা নহ'ল এইসকল জ্যেষ্ঠ নেতাক । দলটোৰ ৪ জনকৈ প্ৰাক্তন সভাপতি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন সাংসদ, বৰ্তমানৰ মন্ত্ৰী আটাইকে নিলগে ৰখা হ'ল নিৰ্বাচনী সমিতিৰ পৰা ।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই, প্ৰাক্তন সাংসদ তথা প্ৰাক্তন সভাপতি নাৰায়ণ বৰকটকী, প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰমেন ডেকা, প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, দলৰ প্ৰাক্তন ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ নেতা হৰেকৃষ্ণ ভড়ালীকে আদি কৰি বহু শীৰ্ষ নেতাক অতি তাৎপৰ্যপূৰ্ণভাৱে অন্তৰ্ভুক্ত কৰা নহ'ল নিৰ্বাচনী সমিতিত । ইয়াৰ বিপৰীতে সৌ সিদিনা বি পি এফ ত্যাগ কৰি বিজেপিত যোগ দিয়া প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীকে ধৰি কেইবাজনো অতি কণিষ্ঠ নেতাক নিৰ্বাচনী সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক:মকৰ সংক্ৰান্তিত এই বেলি পৰশুৰাম কুণ্ডত সেৰেঙা পৰ্যটকৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.