গুৱাহাটী,৩ ডিচেম্বৰ : সাংসদ বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্যৰ পাছতে জ্বলিছে অসম (Badaruddin Ajmal controversy)। সাম্প্ৰদায়িক মন্তব্যৰে পুনৰ চৰ্চাত থাকিবলৈ বিচৰা বদৰুদ্দিনক বিভিন্নজনে তীব্ৰ সমালোচনা কৰিছে । আজমলৰ মন্তব্যক লৈ ৰাজনীতিৰ ক্ষেত্ৰখনতো তীব্ৰ বিতৰ্ক হৈছে । সাংসদ বদৰুদ্দিন আজমলৰ হিন্দু সমাজকলৈ কৰা এনে তৰল আৰু অসাংবিধানিক মন্তব্যই এতিয়া গোটেই ৰাজ্যতে একপ্ৰকাৰ সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ (Badaruddin Ajmal controversial statement)।
এ আই ইউ ডি এফ দলৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে শেহতীয়াকৈ আগবঢ়োৱা মন্তব্যক লৈ জাঙুৰ খাই উঠিছে অসম ৰাজ্যিক বিজেপি (BJP slams Badaruddin Ajmal)। শনিবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত বিজেপিৰ বিধায়ক দিগন্ত কলিতা আৰু দলৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই বদৰুদ্দিন আজমলক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । তেওঁলোকে অভিযোগ কৰা মতে সাংসদ বদৰুদ্দিন আজমলে নিজৰ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত হিন্দু সমাজৰ প্ৰতি অত্যন্ত কুৰুচিপূৰ্ণ মন্তব্য আগবঢ়াইছে (Diganta Kalita on Ajmal controversy)।
হিন্দু নাৰী সমাজক অপমান কৰিছে । হিন্দু সনাতন সভ্যতাৰ প্ৰতি অপমানমূলক মন্তব্য কৰিছে । তেওঁলোকে আজমলক কঠোৰ ভাষাৰে গৰিহণা দি ভৱিষ্যতে তেনে মন্তব্য নিদিয়াৰ বাবে সকীয়াই দিয়ে ।
সংবাদমেলত বিধায়ক দিগন্ত কলিতাই কয়,"আজমলৰ কথাত আমি লাজ পাইছোঁ । এনে ৰাজনীতি নকৰিবলৈ আজমলক সকিয়াই দিছো । 'মৌলানা' শব্দৰ অপমান কৰিছে আজমলে । আজমলৰ মন্তব্যই কেৱল অসমীয়া লোককে অপমান কৰা নাই, মুছলমান লোককো অপমান কৰিছে ।"
দিগন্ত কলিতাই লগতে কয় যে এইখন শংকৰ-আজানৰ দেশ । আজমলে মুছলমানক প্ৰতিনিধিত্ব কৰা নাই, বাংলাদেশক প্ৰতিনিধিত্ব কৰিছে । বিজেপিয়ে ৰাজনীতি কৰে, কিন্তু আজি ৰাজনীতিৰ উৰ্ধত থাকি বিজেপিয়ে বিৰোধ কৰিছে আৰু দাবী কৰিছে যাতে চৰকাৰে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে ।
আনহাতে সংবাদমেলত উপস্থিত থাকি বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাইও বদৰুদ্দিন আজমলক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ অভিযোগ কৰা মতে আজমল হাৰেম সংস্কৃতিৰ পৰা ওলাই আহিব পৰা নাই । আজমলে নাৰীক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি মন্তব্য কৰিছে ।
অসমীয়া জাতিক অপমান কৰাৰ বাবে তেওঁ লাজ পোৱা বুলিও উল্লেখ কৰে । আনহাতে মুছলমান সমাজে আজমলৰ মৌলানা উপাধি ঘূৰাই ল'ব লাগে বুলিও তেওঁ দাবী কৰে । আজমলৰ বিৰুদ্ধে সকলো লোককে ওলাই আহিবলৈ আহ্বান জনায় বিজেপি নেতাগৰাকীয়ে । ৰঞ্জীৱ শৰ্মাৰ প্ৰশ্ন আজমলৰ বিৰুদ্ধে কিয় মুছলমান সংগঠনে প্ৰতিবাদ কৰা নাই ?
লগতে পঢ়ক :Badaruddin Ajmal controversy : "আজমলৰ মানসিক বিকৃতি ঘটিছে..!"