ETV Bharat / state

বিজেপিৰ ৰথ যাত্ৰা বনাম কংগ্ৰেছৰ বাছ যাত্ৰা

author img

By

Published : Feb 10, 2021, 10:47 PM IST

বিজেপিৰ ৰথ যাত্ৰাৰ পাচত এইবাৰ ৰাজ্যজুৰি বাছযাত্ৰা আৰম্ভ কৰিব অসম প্ৰদেশ কংগ্ৰেছে ৷ নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰিব ‘অসম বচাও আঁহক’ শীৰ্ষক চাৰিটাকৈ বাছ যাত্ৰা ৷

bjp-rath-yatra-vs-congress-bus-yatra
বিজেপিৰ ৰথ যাত্ৰা বনাম কংগ্ৰেছৰ বাছ যাত্ৰা

নিউজ ডেস্ক,10 ফেব্ৰুৱাৰী : নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ৰাজনৈতিক দলৰ আৰম্ভ হৈছে খোৱা কামোৰা ৷ কিছুদিন পূৰ্বে বিজেপি দলে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এখন দৃশ্য শ্ৰব্য বাহনৰ যাত্ৰা আৰম্ভ কৰিছিল ৷

এতিয়া বিজেপিৰ পাচত এইবাৰ কংগ্ৰেছৰ ডুবন্ত নাও উদ্ধাৰ কৰিবলৈ ৰাজ্যজুৰি বাছযাত্ৰা আৰম্ভ কৰিব অসম প্ৰদেশ কংগ্ৰেছে ৷ বিজেপিৰ দৰে কংগ্ৰেছেও সমগ্ৰ অসমতে নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰিব ‘অসম বচাও আঁহক’ শীৰ্ষক চাৰিটাকৈ বাছ যাত্ৰা ৷

প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰা তথ্য অনুসৰি, বাছ যাত্ৰাৰ যোগেদি অসমৰ ভিন্ন প্ৰান্তলৈ গৈ কংগ্ৰেছৰ দলীয় কৰ্মীসকলে ভোটাৰসকলক লগ কৰিব ৷ ৰাইজ তথা ভোটাৰৰ সমস্যাৰ বুজ ল'ব, ৰাইজৰ ওজৰ-আপত্তি গ্ৰহণ কৰিব কংগ্ৰেছে ৷

এই কথা প্ৰকাশ কৰিছে অসম কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ অভিযান কমিতিৰ অধ্যক্ষ তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ কংগ্ৰেছৰ বাছ যাত্ৰাৰ নেতৃত্ব বহন কৰিব সাংসদ প্ৰদ্যুত বৰদলৈ, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ৷

আগন্তুক 12 ফেব্ৰুৱাৰীত পুৱা 10 বজাত বৰদোৱা সত্ৰৰ পৰা আৰম্ভ হ'বলগীয়া কংগ্ৰেছৰ এই বাছ যাত্ৰাই সামৰি ল'ব উজনি আৰু নামনি অসমৰ লগতে বৰাক আৰু মধ্য অসমক ৷

ইফালে বিজেপিয়েও 27 জানুৱাৰীত খানাপাৰাত মুকলি কৰিছিল ‘ৰাইজৰ আশা আমাৰ ইস্তাহাৰৰ ভাষা’ শীৰ্ষক এখন দৃশ্য শ্ৰব্য বাহন ৷ এই বাহনৰ জৰিয়তে সমগ্ৰ অসমজুৰি ৰাইজৰ কাষলৈ যাব বিজেপিয়ে ৷ মুঠ 100 খন ভানে বিজেপিয়ে কৰা কামৰ খতিয়ান লৈ ৰাইজৰ কাষত উপস্থিত হ'ব ৷

নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কংগেছ-বিজেপিৰ ৰথ যাত্ৰা আৰু বাছ যাত্ৰাই কিমান দূৰ ভোটাৰৰ মন জয় কৰিব পাৰিব, সেয়া এতিয়াই কোৱাতো অসম্ভৱ ৷ কিয়নো, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি,নিৱনুৱা সমস্যা, বাংলাদেশীৰ প্ৰংসগ আদিৰো উত্তৰ বিচাৰিব ভোটাৰ ৰাইজে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ নেতা-পালিনেতাৰ হাতত বিজেপিক উভতি ধৰাৰ প্ৰয়োজনীয় অস্ত্ৰ নাই ৷ গতিকে সময়েহে সকলো নিৰ্ধাৰণ কৰিব ৷

লগতে পঢ়ক : ভোট যুদ্ধত নামিবলৈ সাজু ১১ গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.