ETV Bharat / state

লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাবলৈ আহিব জে পি নাড্ডা

Lok Sabha election 2024 : অসমত বিজেপিৰ লোকসভা নিৰ্বাচনৰ বাবে ৰণচালি ৷ দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ৷

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 3:39 PM IST

BJP president JP Nadda
অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা

গুৱাহাটী, ৯ জানুৱাৰী : লোকসভা নিৰ্বাচনৰ ৰণকৌশল ৰূপায়ণৰ বুজ ল’বলৈ আজি অৰ্থাৎ মঙলবাৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ দুদিন অসমত থাকি অংশগ্ৰহণ কৰিব দলৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ৷

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীয়ে অসমতো সাংগঠনিক তৎপৰতা দ্ৰুতগতিত আগবঢ়াইছে । ইতিমধ্যে বিজেপিয়ে প্ৰতিটো লোকসভা সমষ্টিতে মন্ত্ৰী, বিধায়কৰ লগতে দলৰ জ্যেষ্ঠ কার্যকর্তাসকলক দায়িত্ব প্ৰদান কৰি সাংগঠনিক কার্যকলাপ অব্যাহত ৰাখিছে ।

লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই অসমলৈ আজি আহিব জে পি নাড্ডা ৷ আজি নিশা ন বজাত বিশেষ বিমানেৰে আহি গুৱাহাটীত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷ গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত আজি ৰাতিটো কটাব নাড্ডাই ৷ লগতে সাক্ষাৎ কৰিব দলৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক ৷

বুধবাৰে পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰিব নাড্ডাই ৷ তাৰ পিচতে বুধবাৰৰ দিনটোত আছে কেইবাখনো গুৰুত্বপূৰ্ণ সভা । ২০২৪ চনৰ ৰাজ্যিক বিজেপিৰ প্ৰথমখন কার্যনিৰ্বাহক সভা অহা ১০ জানুৱাৰী বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই কার্যনিৰ্বাহক সভাখনত দলীয় মাৰৱগ দৰ্শন কৰিব বুলি মুখপাত্ৰ ৰূপম গোস্বামীয়ে ইটিভি ভাৰতক জনাইছে । ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া উক্ত সভাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী, বাষ্ট্ৰীয় সম্পাদক সাংসদ কামাখ্যা প্ৰসাদ তাছা আদিয়েও অংশগ্ৰহণ কৰিব ।

কলাক্ষেত্ৰৰ বৈঠকৰ পিচতেই বুধবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সন্ধিয়ালৈ ক’ৰ কমিতিৰ বৈঠকতো ভাগ ল’ব জে পি নাড্ডাই ৷ আনহাতে বুধবাৰেই আমিনগাঁৱত আন এখন বৈঠকতো ভাগ লোৱাৰ কথা বিজেপি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷ স্বাভাৱিকতেই এই আটাইকেইখন বৈঠকেই হ’ব লোকসভা নিৰ্বাচন কেন্দ্ৰিক । পুনৰ বুধবাৰে নিশাটো কইনাধৰাতে কটোৱাৰ কথা তেওঁ । বৃহস্পতিবাৰে নাড্ডাই দুপৰীয়া অৰুণাচললৈ ৰাওনা হ’ব ৷

উল্লেখ্য যে, বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই কৃষক, মহিলা আৰু যুব প্ৰজন্মক লৈ ৭০ দিনীয়াকৈ ১১ টা বিশেষ কার্যসূচী গ্ৰহণ কৰিছে । ৰাজ্যিক বিজেপিয়েও অনাগত দিনত ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰা কাৰ্যসূচী অনুসৰণ কৰি কৃষক, মহিলা আৰু যুৱ প্ৰজন্মক লৈ কর্মপদ্ধতি গ্ৰহণ কৰিব । সেই অনুসৰি আগন্তুক দিনত যুৱ মৰ্চাৰ নেতৃত্বত নৱ-ভোটাৰ সম্মিলন, মহিলা মৰ্চাৰ নেতৃত্বত হিতাধিকাৰী সম্মিলন আয়োজন কৰা হ'ব বুলি বিজেপি নেতৃত্বই জনাইছে ৷

বিজেপি অসম প্ৰদেশৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, উত্তৰ-পূব ভাৰতৰ সমন্বয়ক সম্বিত পাত্ৰসহ-সমন্বয়ক ঋতুৰাজ সিনহা, অসম চৰকাৰৰ মন্ত্ৰী, দলৰ সাংসদ আৰু বিধায়কসকল, ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, জিলা সভাপতি, জিলা প্ৰভাৰীৰ লগতে ৰাজ্যিক বিজেপিৰসমূহ কার্যনিৰ্বাহক সদস্য উপস্থিত থাকিব ।

কার্যনিৰ্বাহক সভাৰ পূৰ্বে অহা ৯ জানুৱাৰীত বাজ্যিক বিজেপিৰ বন্ধিত বিষয়ববীয়া সভা অনুষ্ঠিত হ'ব । ৰাজ্যিক বিজেপিৰ কার্যনিৰ্বাহক সভাই সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে দলৰ কার্যকর্তাসকলৰ মনোবল আৰু অধিক বৃদ্ধি কৰি তুলিব বুলি বিজেপিয়ে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ; অৰ্জুন বঁটা গ্ৰহণ মহম্মদ শ্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.